বলিউডলৈ যাত্ৰা কৰা মিন্টু পাল ওৰফে বিজয় চাক্সেনা
আপোনাৰ মনত পৰে নে ?
চাইন অন ডেস্ক,২৫জুন:
মৃত্যু দিৱসৰ দিনটোত নিজ গৃহ চহৰখনতেই এলাগী হৈ ৰ’ল ধুবুৰীৰ পৰা বলিউডলৈ যাত্ৰা কৰা মিন্টু পাল ওৰফে বিজয় চাক্সেনা।
১৯৯৪ চনৰ ২৪ জুনত মুম্বাইত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত মৃত্যুক সাৱটিছিল বলিউডৰ এজন নায়কৰ। আজিৰ সামাজিক মাধ্যম, টেলেণ্ট হাণ্ট বা ৰিয়েলিটি শ্ব’ৰ যুগৰ বহু আগতেই ধুবুৰীৰ এজন সাধাৰণ নিম্ন-মধ্যবিত্ত পৰিয়ালৰ যুৱকে সাহস কৰিছিল বলিউড জয় কৰাৰ সপোন দেখিবলৈ। সেই যুৱকজনেই আছিল মিন্টু পাল, যাক হিন্দী চলচ্চিত্ৰ জগতত সকলোৱে চিনিছিল বিজয় চাক্সেনা নামেৰে। কিন্তু, পৰিতাপৰ কথা এয়াই যে মাথো ২৬ বছৰ বয়সতে অকাল মৃত্যুক সাৱটা মিন্টু পাল যেন মৃত্যু দিৱসৰ দিনটোত এলাগী হৈ ৰ’ল নিজ গৃহ চহৰ ধুবুৰীত। উল্লেখ্য যে ১৯৬৮ চনৰ ১ জানুৱাৰীত ধুবুৰীৰ শান্তি নগৰতশজন্মগ্ৰহণ কৰা মিন্টু পালে অতি সাধাৰণ পৰিৱেশৰ মাজত ডাঙৰ-দীঘল হৈছিল। বলিউডৰ চাকচিক্য আৰু প্ৰভাৱৰ পৰা বহু দূৰত অৱস্থিত এখন সৰু চহৰৰ পৰা তেওঁ মুম্বাই অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল কেৱল অদম্য ইচ্ছাশক্তি আৰু সপোনক সঙ্গী কৰি।মুম্বাইত তেওঁৰ আৰম্ভণি একেবাৰেই সহজ নাছিল। চলচ্চিত্ৰ জগতত স্থান লাভ কৰাৰ আগতে তেওঁ স্পট বয় আৰু বিভিন্ন আঁৰৰ কামত নিয়োজিত আছিল বুলি জনা যায়। আৰ্থিক সংকটৰ মাজতো তেওঁ অধ্যয়ন অব্যাহত ৰাখি হিন্দী
বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল। বিজয় চাক্সেনাৰ জীৱনৰ এক বিশেষ দিশ আছিল বলিউডৰ মহাতাৰকা অমিতাভ বচ্চনৰ সৈতে থকা তেওঁৰ আশ্চৰ্যজনক মুখাৱয়বৰ সাদৃশ্য। এই সাদৃশ্যৰ বাবেই তেওঁ চলচ্চিত্ৰ মহলত “নকল অমিতাভ” নামে পৰিচিত হৈছিল। কিন্তু তেওঁ কেৱল এজন অনুকৰণকাৰী হৈ নাথাকি নিজৰ অভিনয় দক্ষতাৰ বলত স্বতন্ত্ৰ পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল। ১৯৯১ চনত মিঠুন চক্ৰৱৰ্তী অভিনীত ‘স্বৰ্গ যাহাঁ নৰক যাহাঁ’ চলচ্চিত্ৰৰ জৰিয়তে বলিউডত আত্মপ্ৰকাশ কৰা বিজয় চাক্সেনাই অতি কম সময়ৰ ভিতৰতে কেইবাখনো হিন্দী চলচ্চিত্ৰত অভিনয় কৰি প্ৰতিভাৰ স্বাক্ষৰ ৰাখিছিল।তেওঁৰ উল্লেখযোগ্য চলচ্চিত্ৰসমূহ হৈছে—স্বৰ্গ যাহাঁ নৰক যাহাঁ (১৯৯১), ৰামগড় কে শোলে (১৯৯১), দিল কা ক্যা কসুৰ (১৯৯২), বাসন্তী টাংগেৱালী (১৯৯২), গংগা বনী শোলা (১৯৯২), বাগী সুলতানা (১৯৯৩), আখৰী চেতাৱনী (১৯৯৩), ফুলন হাছিনা ৰামকলী (১৯৯৩), গংগাপুৰ কি গীতা (১৯৯৪)। বিশেষকৈ ‘আখৰী চেতাৱনী’ ছবিখনত অভিনেত্ৰী সুধা চন্দ্ৰনৰ বিপৰীতে মুখ্য ভূমিকাত অভিনয় কৰি তেওঁ উদীয়মান নায়ক হিচাপে বলিউডত নিজৰ স্থান সুদৃঢ় কৰিছিল। ১৯৯৪ চনত বিজয় চাক্সেনাৰ কেৰিয়াৰ দ্ৰুতগতিত আগবাঢ়ি আছিল। চলচ্চিত্ৰ মহলৰ বিভিন্ন সূত্ৰ অনুসৰি, তেতিয়ালৈকে কেইবাজনো প্ৰতিষ্ঠিত পৰিচালকৰ দৃষ্টি তেওঁৰ ওপৰত পৰিছিল আৰু আগন্তুক কেইবাটাও প্ৰকল্পৰ বাবে তেওঁক চুক্তিবদ্ধ কৰাৰ কথাও চলি আছিল। কিন্তু, ভাগ্যই লৈছিল আন এক সিদ্ধান্ত। ১৯৯৪ চনৰ ২৪ জুনত মুম্বাইত সংঘটিত এক মাৰাত্মক পথ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়। মাত্ৰ ২৬ বছৰ বয়সতে স্তব্ধ হৈ পৰে এক সম্ভাৱনাময় অভিনয় জীৱন।
Like this:
Like Loading...