সীমান্তৰ সিপাৰৰ ভাৰতীয় গাঁওত মন্ত্ৰী অশোক সিংহল
ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভোগডাংগা-ফেস্কাৰকুটি
ধুবুৰী,১১জুনঃ
ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ সিপাৰত অৱস্থিত ধুবুৰী জিলাৰ গোলকগঞ্জ সমীপৰ ভোগডাংগা গাঁওত আজি উপস্থিত হয় ধুবুৰী জিলাৰ নবনিযুক্ত অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল। মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে সীমান্তৱৰ্তী দুৰ্গম অঞ্চলটোৰ ৰাইজৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে।ভ্ৰমণকালত মন্ত্ৰী সিংহলে গাঁওখনৰ ৰাইজৰ সৈতে মত-বিনিময় কৰাৰ লগতে সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)-ৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে সীমান্ত সুৰক্ষা আৰু স্থানীয় সমস্যাসমূহৰ বিষয়ে আলোচনা কৰে। উল্লেখ্য যে, ভাৰত-বাংলাদেশ সীমান্তৰ পিলাৰ নং ১০২১ আৰু ১০২২ৰ
মাজত অৱস্থিত ভোগডাংগা আৰু ফেস্কাৰকুটি নামৰ দুয়োখন ভাৰতীয় গাঁও কাঁইটীয়া তাঁৰৰ বেৰৰ বাহিৰত অৱস্থিত। প্ৰায় ৬৬২ বিঘা মাটিকালিৰ এই গাঁও দুখনত বসবাস কৰা প্ৰায় ৯০ শতাংশ লোকেই কোচ-ৰাজবংশী জনগোষ্ঠীৰ।দীৰ্ঘদিন ধৰি বিভিন্ন মৌলিক সুবিধাৰ পৰা বঞ্চিত হৈ অহা গাঁও দুখনৰ বাসিন্দাই মন্ত্ৰী অশোক সিংহলৰ এই ভ্ৰমণক অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি অভিহিত কৰিছে। তেওঁলোকৰ আশা, এই ভ্ৰমণে অঞ্চলটোৰ উন্নয়নমূলক সমস্যা সমাধানৰ ক্ষেত্ৰত নতুন দিগন্ত মুকলি কৰিব। সমান্তৰালভাৱে, ভোগডাংগা আৰু ফেস্কাৰকুটি গাঁওক কেন্দ্ৰীয় চৰকাৰৰ ‘ভাইব্ৰেণ্ট ভিলেজেছ প্ৰ’গ্ৰাম’ (VVP)-ৰ অন্তৰ্ভুক্ত কৰা হ’ব বুলিও আশা কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে, ভাইব্ৰেণ্ট
ভিলেজেছ প্ৰ’গ্ৰাম আঁচনিৰ জৰিয়তে সীমান্ত অঞ্চলৰ গাঁওসমূহত প্ৰয়োজনীয় আন্তঃগাঁথনি, জীৱিকা আৰু অৰ্থনৈতিক সুযোগ-সুবিধা, স্বাস্থ্যসেৱা, শিক্ষা, পথ-যোগাযোগ, বিদ্যুৎ আৰু অন্যান্য মৌলিক সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হয়। তদুপৰি, সীমান্ত সুৰক্ষা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষাত সীমান্তৰ ৰাইজক দেশৰ সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে গঢ়ি তোলাও এই কাৰ্যসূচীৰ অন্যতম লক্ষ্য।
Like this:
Like Loading...