...

ডিব্ৰুগড়ৰ বনাঞ্চলত হ্রাস পাইছে পক্ষীৰ সংখ্যা

ডিব্ৰুগড়ৰ বনাঞ্চলত হ্রাস পাইছে পক্ষীৰ সংখ্যা

 

পৰিভ্ৰমী চৰাইৰ আগমন হ্ৰাস !

বিভাস দুৱৰা,ডিব্ৰুগড়,১০জুনঃ

ডিব্রুগড় জিলাৰ বন সংমণ্ডলৰ অন্তৰ্গত সমষ্টিৰ ৫.৮৭৯ হেক্টৰ মাটিত থকা দিহিংমুখ সংৰক্ষিত বনাঞ্চল, ডিব্ৰুগড়ৰ পৰা ১২ কিমিঃ নিলগৰ ১৮৪৬.০১ হেক্টৰ মাটিত অৱস্থিত জকাই সংৰক্ষিত বনাঞ্চল আৰু ১.৩৩২ হেক্টৰ মাটিত অৱস্থিত তেলপানী বনাঞ্চলৰ জলাশয়ত থকা জলবিলাসী চৰাই তথা বনাঞ্চলৰ থকা অন্যান্য চৰাইৰ সংখ্যা উদ্বেগজনকভাবে হ্রাস পোৱা বুলি

প্ৰকৃতিপ্রেমী তথা সচেতন মহলে জানিবলৈ দিছে। জকাই, দিল্লীমুখ, মেদেলা আৰু তেলপানী সংৰক্ষিত বনাঞ্চলৰ মাজত থকা প্রাকৃতিক জলাশয়বোৰত থকা বৰ শৰালি, শৰালি, বগলী, কণা মুচৰি, মাছৰোকা, পানী কাউৰী আদি চৰাইৰ প্রধান আবাসস্থলী। বছৰৰ বাৰ মাহে এই প্রাকৃতিক জলাশয়বোৰত থকা জলবিলাসী চৰাইবোৰ হ্রাস পোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ জকাই সংলক্ষিত বনাঞ্চলৰ সমীপৰ বুঢ়ীদিহিং নদীৰ এৰাসুঁতি আৰু ইয়াৰ আশে-পাশে জকাই বনাঞ্চলৰ প্রধান জলাশয়বোৰত এই পক্ষীবোৰৰ ভিতৰত কণামুচৰি, ঘিলা হাঁহ, শৰালি হাঁহ, দুষ্কৃতিকাৰী চিকাৰীয়ে বধ কৰাৰ ফলতেই অভাৱনীয়ভাবে পক্ষীৰ সংখ্যা হ্রাস পোৱা বুলি বনাঞ্চলৰ কাষৰীয়া ৰাইজে প্রকাশ কৰিছে। আনহাতে দিহিংমুখ, জকাই আৰু তেলপানী সংৰক্ষিত বনাঞ্চলত বিচৰণ কৰা দৰিক, মইনা, পাটমাদৈ, ভীমৰাজ, বনকুকুৰা, হাইঠা, ফেঁচা, বাঢ়ৈটোকোৰা, পাতসিয়া, শামুক ভঙা, বৰবগলী, বামুণ বগ, গো-বগ, কাকৈঢোৰা, মাহদলাকে ধৰি বহু পক্ষীৰ সংখ্যা পূর্বতকৈ হ্রাস পোৱা পৰিলক্ষিত হৈছে। দিহিংমুখ আৰু জকাই বনাঞ্চলৰ জলাশয়বোৰত পূৰ্বতকৈ বিচৰণ কৰিবলৈ অহা, তেলীয়া সাৰেং, কাকৈঢোৰা, মাহদলা পক্ষীৰ সংখ্যা হ্রাস পোৱা বুলি স্থানীয় বন গাঁওবাসীয়েও প্রকাশ কৰিছে। আনহাতে বনৰীয়া ৰঙা কুকুৰা, বনৰীয়া ক’লা বৰণৰ ধনেশ পক্ষীকে ধৰি বহু পক্ষীৰ উল্লেখযোগ্যভাবে হ্রাস পোৱা পৰিলক্ষিত হৈছে ।ডিব্ৰুগড় জিলাৰ বন সংমণ্ডলৰ অন্তর্গত দিহিংমুখ জকাই আৰু তেলপানী সংৰক্ষিত বনাঞ্চলত পক্ষীৰ সুৰক্ষা আৰু পক্ষী বিচৰণস্থলীবোৰ যাতে প্রদূষণমুক্ত, সংৰক্ষণ, সংবর্ধন কৰিবলৈ অসমৰ বনমন্ত্রীৰ প্রতি প্ৰকৃতিপ্ৰেমী সকলে আহ্বান জনাইছে। বনাঞ্চলকেইখনৰ জলাশয়বোৰ জলবিলাসী পক্ষী বিচৰণৰ পৰিবেশৰ ওপৰতো পদক্ষেপ গ্ৰহণ কৰিবলৈ বিভাগক দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *