...

ধুবুৰীৰ গোলকগঞ্জৰ কাঁইটীয়া তাঁৰৰ বেৰৰ সিপাৰৰ ভাৰতীয় গাঁও: ভোগডাংগা আৰু ফেস্কাৰকুটি ন্ত্ৰী অশোক সিংহলৰ সম্ভাব্য ভ্ৰমণ

ধুবুৰীৰ গোলকগঞ্জৰ কাঁইটীয়া তাঁৰৰ বেৰৰ সিপাৰৰ ভাৰতীয় গাঁও: ভোগডাংগা আৰু ফেস্কাৰকুটি মন্ত্ৰী অশোক সিংহলৰ সম্ভাব্য ভ্ৰমণ

আশাবাদী গাওঁ দুখনৰ ৰাইজ

ধুবুৰী,১১জুন:

ধুবুৰী জিলাৰ গোলকগঞ্জ সীমান্ত অঞ্চলত অৱস্থিত ভোগডাংগা আৰু ফেস্কাৰকুটি নামৰ দুখন ভাৰতীয় গাঁও আজিও এক ব্যতিক্ৰমী বাস্তৱতাৰ সন্মুখীন। এই গাঁও দুখন ভাৰতৰ ভূখণ্ডৰ ভিতৰতে অৱস্থিত যদিও, আছে কিন্তু ভাৰত-বাংলাদেশ সীমান্তত নিৰ্মিত কাঁইটীয়া তাঁৰৰ বেৰৰ বাহিৰত। ফলত ভাৰতীয় নাগৰিক হৈও যেন নিজৰ দেশতেই “বিচ্ছিন্ন নাগৰিক”ৰ দৰে জীৱন যাপন কৰিবলগীয়া হৈছে গাওঁ দুখনৰ ৰাইজ। অৱশ্যে পোন প্ৰথমবাৰৰ ধুবুৰী জিলাৰ নবনিযুক্ত অভিভাবক মন্ত্ৰী অশোক সিংহলে আজি পৰিদৰ্শন কৰিব ভোগডাংগাৰ ভাৰত-বাংলাদেশ সীমান্ত। স্বাভাবিকভাবেই মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণক লৈ বৰ্তমানে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে গাওঁ দুখনৰ ৰাইজ। উল্লেখ্য যে, ১৯৮৫ চনৰ অসম চুক্তিৰ পাছত সীমান্ত সুৰক্ষাৰ বাবে ধুবুৰী সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণ আৰম্ভ হয়। কিন্তু ভৌগোলিক অৱস্থান আৰু সীমান্ত নিয়মৰ বাবে ভোগডাংগা আৰু ফেস্কাৰকুটি গাঁও দুখন কাঁইটীয়া তাঁৰৰ বেৰৰ সিপাৰে থাকি যায়। দৰাচলতে, বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা তথা দেশখনত জামায়াত ইছলামী বাংলাদেশৰ দৰে মৌলবাদী শক্তিৰ উত্থানৰ পিছত ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটিয়া তাঁৰৰ বেৰৰ সিপাৰে থকা সেই ভাৰতীয় গাঁও দুখনৰ সুৰক্ষা জনিত বিষয়টো এক গুৰুত্বপূৰ্ণ বিষয় ৰূপেই উঠি আহিছে। উল্লেখ্য যে, সাম্প্রতিক সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰ্তমানে ধুবুৰী বিধানসভা সম্প্ৰতিৰ অন্তৰ্গত তথা ভাৰত-বাংলাদেশ সীমান্তৰ পিলাৰ নং ১০২১ আৰু ১০২২ৰ মাজত আছে ভোগদাংগা আৰু ফেঞ্চাৰকুটি গাওঁ দুখন। আনুমানিক প্ৰায় ৬৬২ বিঘা মাটিকালিৰ এই গাঁও দুখনৰ প্ৰায় ৯০ শতাংশ বাসিন্দাই হ’ল কোচ ৰাজবংশী লোক। গাঁও দুখন চাৰিওফালৰ পৰা আগুৰি আছে বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ কাছেৰ কুটি, সৰেৰ কুটি, খুনুৰ গাঁও, শিৱেৰ হাট, বালাবাৰী আৰু আংলেৰ কুটি নামৰ কেইবাখনো বাংলাদেশী গাঁও। ভাৰত-বাংলাদেশ সীমান্তৰ কাইটিয়া তাঁৰ বেৰৰ মাজত থকা এখন বিশেষ দুৱাৰেই হ’ল অসম তথা ভাৰতৰ মূল ভূখণ্ডৰ পৰা এই গাঁও দুখনলৈ অহা-যোৱা কৰাৰ একমাত্ৰ পথ। পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ খোলা থাকে ৫০ নম্বৰেৰে নামাংকিত সেই বিশেষ দুৱাৰখন। ২৪ ঘণ্টাই বিএছএফৰ অতন্ত্র প্ৰহৰা থকা সেই দুৱাৰখনৰে ওলোৱা-সোলোৱা কৰিবলৈ প্ৰয়োজন হয় “গেট পাছ” তথা বিশেষ অনুমতিৰ। সন্ধিয়া ৬ বজাৰ ল’গে ল’গে সেই দুৱাৰখন বিএছএফে বাহিৰৰ পৰা তলা মাৰি দিয়াৰ পিছত কাৰ্যতঃ ভাৰতৰ মূল ভূখণ্ডৰ পৰা বিচ্ছিন্ন হৈ পৰে সেই গাঁও দুখন। ফলত, স্বাভাবিকভাবেই নিশা হ’লেই গাঁও দুখনৰ বাইজৰ মাজত সৃষ্টি হয় এক অনিশ্চয়তাৰ পৰিবেশ। অৱশ্যে চিকিৎসাজনিত কাৰণ অথবা আন কোনো বিশেষ জৰুৰী প্ৰয়োজনত নিশা দুৱাৰখনৰ ওচৰলৈ গৈ মাতিলে বিএছএফকে খুলি দিয়ে সেইখন। উল্লেখ যে, কাঁইটীয়া তাৰৰ মাজৰ সেই গেটখন পাৰ হৈ মাটিৰ ঠেক পথ এছোৱাৰে আগুৰাই গ’লে প্ৰথমে পোৱা যায় ভোগডাংগা নামৰ গাঁওখন। ভোগডাংগাৰ পৰা আগুৱাই গ’লে প্ৰথমে পোৱা যায় কালদেও নামৰ নদী এখনৰ ওপৰত থকা সৰু দলং আৰু সেয়া পাৰ হৈ আৰু ভিতৰলৈ যাব লাগে ফেস্কাৰকুটি গাঁও পাবলৈ। ধুবুৰী জিলাৰ গোলকগঞ্জ মহকুমাৰ সদৰ গোলকগঞ্জৰ পৰা মাত্ৰ ১৪ কিলোমিটাৰ দূৰত্বত অৱস্থিত সেই গাঁও দুখনৰ পৰা আনুমানিক এশ মিটাৰ দূৰত্বত আছে বাংলাদেশী গাঁও এখনকে ধৰি বিজিবি (বৰ্ডাৰ গাৰ্ড বাংলাদেশ)ৰ নিৰীক্ষণ চকীও। পিছে ভোগডাংগা অথবা ফেস্কাৰকুটীত কিন্তু নাই বিএছএফৰ স্থায়ী কোনো প্ৰহৰা চকী। দৰাচলতে, বাংলাদেশৰ একেবাৰে গাতে লাগি থকাৰ বাবে গাঁও দুখন সদায় সুৰক্ষাজনিত দিশৰ পৰা স্পৰ্শকাতৰ হিচাপে গণ্য কৰা হয়। চোৰাং অনুপ্ৰৱেশ, চুৰি-ডকাইতিৰ আশংকা আৰু বিভিন্ন সীমান্ত সংক্ৰান্তীয় সমস্যাক লৈ গাঁও দুখনৰ ৰাইজ প্ৰায়শঃ উদ্বিগ্ন হৈও থাকিবলগীয়া হয়। কিন্তু, বিভিন্ন অসুবিধাৰ মাজতো গাওঁ দুখনৰ ভোটাৰ ৰাইজে ভাৰতীয় নাগৰিক হিচাপে সাব্যস্ত কৰি আহিছে নিজৰ নিজৰ ভোটাধিকাৰ। কিন্তু, বিভিন্ন সময়ত ৰাজ্য চৰকাৰ আৰু স্থানীয় নিৰ্বাচিত জনপ্ৰতিনিধিয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতিবেৰ দিঠকত গৈ ফুটুকাৰ ফেণত পৰিণত হোৱা বুলিও মনত এক সুপ্ত ক্ষোভো আছে ভোগডাংগা আৰু ফেস্কাৰকুটিৰ গঞাঁ ৰাইজৰ। আচলতে, ভোগডাংগা আৰু ফেস্কাৰকুটিৰ কাহিনী কেৱল ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰৰ বাহিৰৰ দুখন ভাৰতীয় গাওঁৰ কাহিনীয়েই নহয়; ভাৰতৰ ভিতৰতে নিজৰ দেশৰ ভূখণ্ডৰ সৈতে সংযোগৰ বাবে প্ৰতিদিনে সংগ্ৰাম কৰিবলগীয়া বহুল পৰিয়ালৰ জীৱনৰ বাস্তৱ দলিল। সেয়েই আশা কৰা হৈছে, ধুবুৰীৰ নবনিযুক্ত অভিভাবক মন্ত্ৰী তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ আজিৰ সম্ভাব্য ভ্ৰমণে আগত সময়ত গাওঁ দুখনৰ ৰাইজৰ আশা-আকংক্ষাবোৰে ফলপ্রসূ ৰূপ ল’ব বুলিয়েই। সমান্তৰালকৈ এই বিশেষ গাওঁ দুখন ভাৰত চৰকাৰৰ ভাইব্ৰেণ্ট ভিলেজেছ প্ৰ’গ্ৰাম (Vibrant Villages Programme – VVP)ৰ অধীনত চামিল হ’ব বুলিও আশা বহুতোৰে। উল্লেখ্য যে, এই আঁচনিৰ জৰিয়তে সীমান্ত অঞ্চলৰ গাঁওসমূহত প্ৰয়োজনীয় আন্তঃগাঁথনি, জীৱিকা আৰু অৰ্থনৈতিক সুযোগ-সুবিধা, স্বাস্থ্যসেৱা, শিক্ষা, পথ-যোগাযোগ, বিদ্যুৎ আৰু অন্যান্য মৌলিক সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হয়। তদুপৰি, সীমান্ত সুৰক্ষা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষাত সীমান্তৰ ৰাইজক দেশৰ সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে গঢ়ি তোলাও এই কাৰ্যসূচীৰ অন্যতম লক্ষ্য।

Leave a Reply

Your email address will not be published. Required fields are marked *