...

মানকাচৰত নিৰ্বাচনী ফ্লাইং স্কুৱাডৰ তৎপৰতা

Spread the love

মানকাচৰত নিৰ্বাচনী ফ্লাইং স্কুৱাডৰ তৎপৰতা

 

নথি অবিহনে কঢ়িওৱা নগদ এক লাখ টকা জব্দ

মানকাচৰ:

ৰাজ্যত নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগে লগে সক্ৰিয় হৈ উঠিছে জিলা প্ৰশাসন। নিৰ্বাচনী আচৰণ বিধি উলংঘা ৰোধ কৰিবলৈ গঠন কৰা ফ্লাইং স্কুৱাড (Flying Squad)ৰ দলে আজি মানকাচৰত এক অভিযান চলাই বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়।
আজি মানকাচৰৰ ঠাকুৰাণবাৰী এলেকাত ফ্লাইং স্কুৱাডৰ দলে নিয়মীয়া তালাচী চলাই থকাৰ সময়তে এখন সন্দেহযুক্ত বাহনত তালাচী চলায়। উক্ত তালাচী কালত বাহনখনত থকা হামিদুল ইছলাম নামৰ এগৰাকী ব্যক্তিৰ পৰা নগদ এক লাখ টকা উদ্ধাৰ কৰা হয়। উদ্ধাৰ

হোৱা উক্ত ধনখিনিৰ সপক্ষে ব্যক্তিগৰাকীয়ে কোনো ধৰণৰ বৈধ নথিপত্ৰ দেখুৱাবলৈ সক্ষম নোহোৱাত ফ্লাইং স্কুৱাডৰ দলটোৱে তৎক্ষণাত ধনখিনি জব্দ কৰে।
উল্লেখ্য যে, নিৰ্বাচনৰ সময়ত ক’লা ধনৰ প্ৰয়োভৰ তথা অবৈধ লেনদেন ৰোধ কৰিবলৈ ভাৰতীয় নিৰ্বাচনী আয়োগে কঠোৰ নিয়ম আৰোপ কৰিছে।
উপযুক্ত নথিপত্ৰ অবিহনে কোনো ব্যক্তিয়েই নগদ ৫০,০০০ টকাতকৈ অধিক ধন লগত লৈ ফুৰিব নোৱাৰিব।
যদিহে কোনো ব্যক্তিৰ ওচৰত ৫০ হাজাৰ টকাতকৈ অধিক ধন পোৱা যায় আৰু তাৰ সঠিক উৎস বা নথিপত্ৰ নাথাকে, তেন্তে প্ৰশাসনে উক্ত ধন জব্দ কৰিবলৈ বাধ্য হ’ব।
প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক সজাগ হ’বলৈ আৰু নিৰ্বাচনী বিধি মানি চলিবলৈ বিশেষভাৱে আহ্বান জনাইছে। বিশেষকৈ ব্যৱসায়ী বা জৰুৰী কামত ধন কঢ়িওৱা লোকসকলক লেনদেনৰ উপযুক্ত বেংক নথি বা প্ৰমাণপত্ৰ লগত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *