...

কানৈ মহাবিদ্যালয়ৰ সমাজশাস্ত্ৰ বিভাগৰ ব্যতিক্ৰমী কাৰ্যসূচী

Spread the love

কানৈ মহাবিদ্যালয়ৰ সমাজশাস্ত্ৰ বিভাগৰ ব্যতিক্ৰমী কাৰ্যসূচী

 

কেৱল কিতাপৰ জ্ঞানেৰে সমাজ সংস্কাৰ কৰা অসম্ভৱ : অধ্যক্ষ ড° শ‍ইকীয়া

চাইন অন ডেস্ক:

সূৰ্যৰ কোমল পোহৰ ধৰালৈ নৌ নামোতেই এক ব্যতিক্রমী কাৰ্যসূচীৰে৮০ বছৰ গৰকা ঐতিহাসিক ডিব্ৰুগড় হনুমানবক্স সুজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ চৌহদ মহাবিদ্যালয়খনৰ সমাজশাস্ত্ৰ বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিস্কাৰ কৰি আজি পুৱাই এক ঐতিহাসিক ক্ষণৰ সাক্ষী হিচাপে চিহ্নিত কৰিলে। মহাবিদ্যালয়খনৰ সমাজশাস্ত্ৰ বিভাগৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলে পুরা ৫ বজাতে হাতে হাতে ঝাৰু, কোৰ, গছপুলি লৈ সমাজসেৱা তথা স্বচ্ছতা অভিযান চলায়। প্রায় তিনি ঘণ্টা অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলে এনেদৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তে হয়তো চহৰখনৰ অধিকাংশ নাগৰিকেই গভীৰ নিদ্ৰাত আছিল। কাহিলী পুৱাতে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াই কয়— কেৱল কিতাপৰ জ্ঞানেৰে সমাজ সুন্দৰ কৰিব নোৱাৰি, সমাজ সংস্কাৰ কৰিব নোৱাৰি। তেওঁ কয়— কৰ্মই ধৰ্ম। নিজক পৰিৱৰ্তন কৰিব নোৱাৰিলে কেতিয়াও পৃথিৱীৰ পৰিৱৰ্তনৰ সপোন দেখিব নোৱাৰে। নিজক পৰিৱৰ্তন কৰিব পাৰিলেহে এখন সুন্দৰ আৰু সুস্থ পৃথিৱী গঢ়ি উঠিব পাৰে। তেওঁ কয়— আজি কাহিলী পুৱাতে তোমালোক শুই উঠি যি ত্যাগ স্বীকাৰ কৰিলা সেয়া কেৱল চাফ-চিকুণ বা পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অভিযান নহয়, ই হ’ল তোমালোকৰ ভিতৰত থকা দেশক ভালপোৱা, মহাবিদ্যালয়খনক ভালপোৱা, জাতিক ভালপোৱা, সুনাগৰিক হিচাপে নিজকে গঢ়ি তোলাৰ এক দায়িত্বৰ বহিঃ প্রকাশ। তেওঁ কয় – মানুহৰ হৃদয়ত গঢ়ি উঠা সমাজ সেৱাৰ মনোভাৱে মানুহক প্রকৃত মানুহ হিচাপে গঢ়ি তুলিব পাৰে। অধ্যক্ষগৰাকীয়ে কয় যে সমাজশাস্ত্ৰৰ শিক্ষাৰ্থী হিচাপে সমাজৰ সমস্যাবোৰ দূৰৰ পৰা পৰ্যবেক্ষণ কৰি থাকি সময় অপব্যয় কৰাতকৈ সমাজৰ মংগলৰ বাবে হাতে কামে কাম কৰাৰ গুৰুত্ব অধিক। তেওঁ কয় যে যিদৰে এটা সৰু চাকিৰ পোহৰে এটা অন্ধকাৰ কোঠা পোহৰাই তোলে, ঠিক তেনেকৈ তোমালোকৰ এই সৰু সৰু কাম তথা পদক্ষেপবোৰে গোটেই সমাজখনৰ মানুহৰ মানসিকতাকে সলনি কৰি দিব পাৰে। তেওঁ জাপানী শিক্ষা ব্যৱস্থাৰ উদাহৰণ দি কেনেকৈ জাপানী শিক্ষার্থীয়ে নিজৰ শ্ৰেণীকোঠা আৰু চৌহদ পৰিষ্কাৰ কৰে সেই বিষয়ে বিতংভাৱে উল্লেখ কৰি জাপানীসকল বিশ্বৰ আটাইতকৈ শৃংখলাবদ্ধ জাতি হিচাপে পৰিচয় দিয়াৰ বিষয়েও উল্লেখ কৰে। বিভাগৰ মুৰব্বী কৰিশ্মা জে কে বৈষ্ণৱীয়ে অধ্যক্ষগৰাকীক এখন গামোছাৰে পুৱাই আদৰণি জনাই কয়— সমাজৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি কৰা, ছাত্ৰ-ছাত্ৰীৰ মাজত শ্ৰমৰ মৰ্যদা গঢ়ি তোলা, শিক্ষার্থীসকলে মহাবিদ্যালয়খনক আপোন হিচাপে গ্ৰহণ কৰাৰ উদ্দেশ্যেই পুৱাই শিক্ষাৰ্থীসকলৰ মাজত এনে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেখা দিয়া অভূতপূর্ব উছাহে এই কথা প্ৰমাণ কৰিলে যে কানৈ মহাবিদ্যালয়ৰ শিক্ষার্থী বা আধুনিক নতুন প্রজন্ম কেৱল সামাজিক মাধ্যমতে ব্যক্ত নহয়, তেওঁলোক সমাজখনৰ প্রতিও সঁচা অৰ্থত অধিক সজাগ আৰু সচেতন। উল্লেখ্য যে অতি ব্যতিক্ৰমী ৰূপত অনুষ্ঠিত কৰা এই কাৰ্যসূচীৰ বাবে অধক্ষগৰাকীয়ে সমাজশাস্ত্ৰ বিভাগৰ সকলো অধ্যাপক-অধ্যাপিকাক ভূয়সী প্রশংসা কৰে আৰু আগন্তুক দিনত অন্যান্য বিভাগসমূহেকো এনেধৰণৰ গঠনমূলক কামত আগভাগ ল’বলৈ আহ্বান জনায়। মনকৰিবলগীয়া যে কানৈ মহাবিদ্যালয়ে প্রায় দহ বছৰৰো অধিক দৈনিক অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াৰ নেতৃত্বত এটা গ্রীন ক্লাৱ নামৰ অনুষ্ঠান গঢ়ি তুলি ছাত্ৰাৱাস, ছাত্ৰীনিৱাসৰ আৱাসীসকলৰ সহযোগত পুৱা ৪.৩০ বজাৰ পৰা ৰ’দ-বৰষুণ, বতাহ-ধুমুহা, ভূমিকম্প, ক’ৰণা মহামাৰী, উৎসৱ- পাৰ্বন, কোনো বন্ধৰ দিন নোলোৱাকৈ মহাবিদ্যালয় চৌহদ পৰিস্কাৰ কৰি অহা হৈছে। ইয়াৰ ফলত মহাবিদ্যালয়খনে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে স্থানীয় পর্যায়তো অনেক বঁটা বাহন, সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *