অহংকাৰ দৰ্পচূৰ্ণ হল মমতা দিদিৰ!
পশ্চিমবংগত মমতাৰ ১৫ বছৰীয়া দুৰ্গৰ ধূলিসাৎ
তচনচ কৰি বিজেপিৰ ঐতিহাসিক বিজয়
দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা এনডিএৰ
চাইন অন ডেস্ক,৫মে’:
অহংকাৰ দৰ্পচূৰ্ণ হল মমতা দিদিৰ!ক্ষমতাৰ ৰাগিত বলীয়ান হোৱা মমতাই অৱশেষ নতশিৰ হবলৈ বাধ্য হয় বিধান সভাৰ নিৰ্বাচনৰ ফলাফলত।
মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনৰ বাঘজৰী ওফৰাই বংগত ঐতিহাসিক বিজয়ধ্বজা উৰুৱালে বিজেপি নেতৃত্বাধীন এনডিএই। দীর্ঘদিনীয়া পৰিকল্পনাৰে তৃণমূলক ধূলিসাৎ কৰি পশ্চিমবংগত বিজেপিয়ে সংখ্যাগৰিষ্ঠ আসন দখলেৰে সমগ্র দেশবাসীক আচৰিত কৰি তুলিলে। এইবাৰ
৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভিতৰত বিজেপিৰ বাবে পশ্চিমবংগৰ নিৰ্বাচন আছিল অগ্নিপৰীক্ষাসদৃশ। সমগ্র দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা বংগত বিজেপিয়ে আৰম্ভণিৰে পৰা
কৌশলী স্থিতি গ্রহণ কৰা পৰিলক্ষিত হয়। বংগ কন্যা মমতা বেনার্জীয়ে পশ্চিমবংগত ‘খেলা হবে’ বুলি শ্ল’গান আওৰাই এইবাৰ নিজেই পৰিল ৰণত। ভৱানীপুৰ সমষ্টিত এনডিএ প্রার্থী শুভেন্দু অধিকাৰীৰ হাতত ১৫,১১৪টা ভোটৰ ব্যৱধানত পৰাজিত হয় মুখ্যমন্ত্রী মমতা বেনার্জী। ২৯৪খন আসনৰ ভিতৰত ২৯৩খন আসনৰ ফলাফল ঘোষণা কৰা হয়। তথ্য অনুসৰি, পশ্চিবংগত এনডিএই ২০৬খন, তৃণমূলে ৮১খন, অন্যান্যই ৪খন আৰু নির্দলীয়ই ২খন আসনত অগ্রগতি লাভ কৰিছে। নিশা ১১ বজালৈকে এনডিএৰ ২০১খনত বিজয় নিশ্চিত হৈছে। কেৱল মমতা বেনার্জীয়েই নহয়, ২২৬খন আসন দখলৰ সপোন দেখা তৃণমূল কংগ্ৰেছৰ বহু ৰথী-মহাৰথী এইবাৰ ৰণত পৰাত ১০০খন আসনৰ ডেওনাও পাৰ হ’বলৈ সক্ষম নহ’ল শাসনাধিষ্ঠিত দলটো। এইবাৰৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ পৰাজিত মন্ত্ৰী আৰু শীর্ষ নেতৃত্বৰ ভিতৰত বিত্তমন্ত্রী চন্দ্রিমা ভট্টাচার্য, দেৱাশিস কুমাৰ, অৰূপ বিশ্বাস, শশী বিশ্বাস, শিক্ষামন্ত্রী ব্রাত্য বসু, বেচেৰাম মান্না, ইন্দ্রনীল সেন, সুজিত বসু, উদয়ন গুহ আৰু মলয় ঘতক, উল্লেখযোগ্য। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, গৃহমন্ত্রী অমিত শ্বাহৰ পৰা আদি কৰি বিজেপিৰ সকলো ৰাষ্ট্ৰীয় নেতৃবর্গই বিগত প্রায় এবছৰ ধৰি বংগৰ জনতাক মমতা বেনাৰ্জীৰ বিৰুদ্ধে জনমত গঠন কৰাত সফল হ’ল। বংগত বিজেপিৰ বৃহৎ জয়ৰ মূলতে ধর্মীয় মেৰুকৰণৰ প্রসংগ উত্থাপন হৈছে। বিশেষকৈ এনডিএ প্রার্থী শুভেন্দু অধিকাৰীয়ে আৰম্ভণিৰ পৰা চলোৱা হিন্দুত্বৰ প্ৰচাৰ, গৃহমন্ত্রী অমিত শ্বাহে প্রতিখন সভাত আওৰাই
থকা নাগৰিক সংহিতাৰ প্ৰতিশ্ৰুতিৰ লগতে বাঙালী মধ্যবিত্ত হিন্দুসকলৰ মাজত বাংলাদেশী অনুপ্রৱেশকাৰী আৰু ৰোহিংগ্যাৰ প্ৰতি ভয় যোগাই তোলাটোৱে বিশেষভাৱে ক্রিয়া কৰা পৰিলক্ষিত হয়। একেদৰে হিন্দু আৰু মুছলমান ভোটাৰৰ মাজত বিভাজন আনিও বিজেপিয়ে এইবাৰ নিজৰ পক্ষত নিৰ্বাচনৰ ফলাফল আনিবলৈ সক্ষম হয়। বহু হিন্দু ভোটাৰে বাংলাদেশীপ্রীতি প্ৰদৰ্শন কৰা তৃণমূলৰ বিৰুদ্ধে এইবাৰ মাৰ বান্ধি বিজেপিক ভোটদান কৰে। তদুপৰি, তৃণমূলৰ ১৫ বছৰীয়া শাসনৰ বিৰুদ্ধে এইবাৰৰ নিৰ্বাচনত প্রতিষ্ঠানবিৰোধী ঢৌ স্পষ্ট ৰূপত প্রতিফলিত হয়। বিশেষকৈ ৰাজ্যখনত দেখা দিয়া নিবনুৱা সমস্যা, বৃহৎ উদ্যোগৰ অভাৱ, নিযুক্তিত হোৱা দুর্নীতি, বাট-পথৰ দুৰৱস্থাই সাধাৰণ জনতাৰ মাজত ক্ষোভৰ সৃষ্টি কৰে। সমান্তৰালভাৱে ১৫ বছৰে শাসনত থকাৰ বাবেই তৃণমূলৰ নেতা-পালিনেতাৰ গুণ্ডামিয়েও সাধাৰণ জনতাক বিগত সময়ত অতিষ্ঠ কৰিছিল। ধন দাবী, উৎকোচ আৰু ছিণ্ডিকেটৰ সমস্যায়ো ভয়াৱহ ৰূপ লৈছিল পশ্চিমবংগত। ইয়াৰ পৰিত্ৰাণ বিচাৰি বংগৰ জনতাই বিজেপিক বিকল্প হিচাপে বাছনি কৰা বুলি ৰাজনৈতিক বিশ্লেষকসকলে মতপোষণ কৰিছে। এইবাৰৰ নিৰ্বাচনত পশ্চিমবংগত বিজেপিয়ে পূৰ্বতে কৰি অহা ভুলৰ
পৰা শিক্ষা লৈ সন্তর্পণে আগবঢ়া পৰিলক্ষিত হয়। পূৰ্বতে বিজেপিৰ নেতাসকলে সভাই-সমিতিয়ে কেৱল মুখ্যমন্ত্রী মমতা বেনাৰ্জীক সমালোচনা কৰি আহিছিল। এই কথাই বিতুষ্ট কৰিছিল বংগবাসীক। কিন্তু নিৰ্বাচনৰ পূৰ্বৰে পৰা গৃহমন্ত্রী অমিত শ্বাহে দলীয় কার্যকর্তাসকলক এইক্ষেত্রত সম্পূর্ণ নিয়ন্ত্ৰণ কৰে। নির্বাচনী প্ৰচাৰৰ সময়ত মমতা বেনার্জীক মূলতঃ আক্ৰমণ কৰাৰ পৰিৱৰ্তে বিজেপিয়ে তৃণমূল চৰকাৰৰ প্ৰশাসনিক ব্যর্থতাক ৰাইজৰ আগত তুলি ধৰিবলৈ উঠিপৰি লাগে। যাৰ বাবে মমতা বাহিনীয়েও বিজেপিক লক্ষ্য কৰি লোৱাত ব্যর্থ হয়। পশ্চিমবংগত বিজেপিৰ অভূতপূর্ব সফলতাৰ আন এটা কাৰণ অতি ভদ্র আৰু অমায়িক ব্যক্তি সৌমিক ভট্টাচাৰ্যক ৰাজ্যিক বিজেপিৰ সভাপতি নির্বাচন কৰাটো বুলিও একাংশই মতপোষণ কৰিছে। তদুপৰি, জয় শ্রীৰাম ধ্বনিৰ পূৰ্বে জয় মা কালী শ্ল’গান আওৰাই বিজেপিয়ে বাঙালী ভোটাৰৰ অন্তৰ জয় কৰিবলৈ সক্ষম হয়। প্রধানমন্ত্রীয়ে জালমুৰি খোৱা, হুগলী নৈত নৌকা বিহাৰৰ দৃশ্যয়েও সাধাৰণ লোকসকলক নিৰ্বাচনত বিজেপিৰ প্ৰতি আকৰ্ষিত কৰে। বংগত বিজেপিৰ চমকপ্রদ বিজয়ত নির্বাচন আয়োগে বিধানসভা নির্বাচনৰ পূৰ্বে জাৰি কৰা এছআইআৰ-য়েও যথেষ্ট সহায় কৰে বুলি চৰ্চা চলিছে। ইয়াৰ ফলত বহু অবৈধ আৰু ভুৱা ভোটাৰৰ নাম কৰ্তন হয়। এই ভুৱা ভোটাৰসকল একপক্ষীয়ভাৱে শাসনাধিষ্ঠিত চৰকাৰৰ পক্ষত আছিল বুলি চর্চা চলিছিল। উল্লেখ্য যে ১৯৫১ চনত শ্যামাপ্রসাদ মুখার্জীয়ে জনসংঘ প্রতিষ্ঠা কৰিছিল।সেয়াই আছিল বিজেপিৰ আধাৰ। ১৯৫০ চনত নেহৰুৰ মন্ত্রীসভাৰ পৰা
পদত্যাগ কৰি জনসংঘ প্ৰতিষ্ঠা কৰাৰ পিছত ১৯৫২ চনৰ মে’ মাহত তেওঁ দক্ষিণ কলকাতা সমষ্টিৰ পৰা বিপুল ভোটৰ ব্যৱধানত লোকসভালৈ নির্বাচিত হৈছিল।তেতিয়াই বীজ অংকুৰিত হোৱা বিজেপিয়ে ২০১৬ চনৰ আগলৈকে বংগত নিশ্চিহ্নপ্রায় অৱস্থাত আছিল। ২০১৬ চনৰ বিধানসভা নির্বাচনত বিজেপিয়ে বংগত তিনিখন আসন লাভ কৰিছিল। ২০১৯ চনৰ লোকসভা নির্বাচনত ১৮খন আসন দখলেৰে ৰাজ্যখনত একপ্ৰকাৰ বিজেপিৰ শক্তি বৃদ্ধি পায়। ২০২১ চনৰ বিধানসভা – নির্বাচনত বিজেপিয়ে লাভ কৰিছিল ৭৭খন আসন। বিগত সময়ত শক্তিশালী বিৰোধী শক্তি হৈ পৰা বিজেপিয়ে এইবাৰ – দুই শতাধিক আসন দখল কৰি বংগৰ মছনদ দখল কৰাই নহয়, একপ্ৰকাৰ ইতিহাসো ৰচনা কৰে।
Like this:
Like Loading...