আইপিএলত ‘গার্লফ্রেণ্ড কালচাৰ’ ?
পত্নী বা পৰিয়ালৰ লোককহে অনুমতি অসন্তুষ্ট ক্ৰিকেট নিয়ন্ত্রণ ব’র্ড
নতুন দিল্লী,৫মে’:
ভাৰতৰ ক্ৰিকেট নিয়ন্ত্রণ ব’র্ডে আইপিএলৰ সময়ত ক্রিকেটাৰসকলৰ ব্যক্তিগত জীৱনত নতুন নিষেধাজ্ঞা আৰোপ কৰাৰ কথা চিন্তা কৰিছে। বিশেষকৈ প্ৰেয়সীৰ সৈতে একাংশ খেলুৱৈৰ ঘনিষ্ঠ উপস্থিতিৰ বাবে অসন্তুষ্টি প্রকাশ কৰিছে বিচিচিআয়ে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, হার্দিক পাণ্ডিয়া, যশস্বী জয়ছোৱাল, ঈশান কিশন, আর্শদীপ সিঙৰ দৰে ক্রিকেটাৰক কেইবাবাৰো দলীয় বাছত প্ৰেয়সীৰ সৈতে যাত্ৰা কৰা আৰু টীম হোটেলত থকা দেখা গৈছে। এই ধাৰাটোক ‘গার্লফ্রেণ্ড কালচাৰ’ বুলি উল্লেখ কৰি বিচিচিআয়ে ইয়াক বন্ধ কৰিবলৈ নতুন নিয়ম প্রণয়নৰ পদক্ষেপ গ্রহণ কৰিছে। ব’ৰ্ডৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে যদি এতিয়া এই বিষয়টো নিয়ন্ত্ৰণ কৰা নহয়, তেন্তে ভৱিষ্যতে ইয়ে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আমি
দেখিবলৈ পাওঁ যে টীম বাছখনে প্রেমিকাসকলৰ বাবে অপেক্ষা কৰি আছে আৰু তেওঁলোক একেখন হোটেলতে আছে। বিচিচিআইৰ উদ্বেগৰ আন এটা কাৰণ হ’ল প্ৰেমিকাসকলৰ বহুতেই ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী। ইয়াৰ কিছুমানে পূর্বেও বেটিং এপৰ প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰি শেহতীয়া বছৰবোৰত কিছুমান খেলুৱৈ আৰু তেওঁলোকৰ প্ৰেমিকাৰ মাজত ব্যক্তিগত বিবাদ পোহৰলৈ আহিছে আৰু কিছুমান ক্ষেত্ৰত আনকি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হৈছে, যাৰ ফলত লীগ আৰু ব’ৰ্ডৰ ভাবমূৰ্তিত নেতিবাচক প্ৰভাৱ পৰিছে। বিষয়াগৰাকীয়ে লগতে কয় যে দুর্নীতিবিৰোধী ইউনিটৰ একাংশ বিষয়াই নিজকে ‘অফিচিয়েল পার্টনাৰ’ বুলি পৰিচয় দিয়াৰ পিছত প্রেমিকাক থাকিবলৈ দিছে। কিন্তু বিচিচিআইৰ নীতিত ‘অফিচিয়েল গার্লফ্রেন্ড’ বুলি
কোনো নিয়ম নাই।নির্দিষ্ট নির্দেশনা অনুসৰি, কেৱল পত্নী আৰু পৰিয়ালৰ সদস্যকহে অনুমতি দিয়া হৈছে। এই অনুমতি কোনে দিলে তদন্ত কৰাটো প্রয়োজন। এনে অনিয়ন্ত্রিত উপস্থিতিয়ে স্পৰ্শকাতৰ তথ্য ফাদিল হোৱাৰ আশংকা সৃষ্টি কৰিব পাৰে বুলি ব’র্ডে আশংকা কৰিছে, যিটো ক্ৰিকেটৰ অখণ্ডতা আৰু সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এনে পৰিস্থিতিত বিচিচিআয়ে পৰৱৰ্তী বৈঠকত বিষয়টো বিতংভারে আলোচনা কৰি কঠোৰ নিৰ্দেশনা জাৰি কৰিব পাৰে। জানিব পৰা মতে, এই নতুন নিয়ম কেৱল আইপিএলৰ ক্ষেত্ৰতে নহয়, ভাৰতীয় জাতীয় দলৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ ক্ষেত্ৰতো প্রযোজ্য হ’ব পাৰে। যদিও আইপিএলৰ দলসমূহ ব্যক্তিগত মালিকানাধীন, ব’র্ডে সকলো ফ্রেঞ্চাইজীৰ বাবে কেন্দ্ৰীয় নীতি প্রৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে।
Like this:
Like Loading...