বৰ্ন্যাতৰ কাষত শিক্ষাভেলী স্কুল-সঞ্জীৱনী চিকিৎসালয়ৰ বৃহৎ বান সাহায্য
চাইন অন ডেস্ক,২আগষ্টঃ
বিধ্বংসী বানত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দিবলৈ উজনি অসমৰ অন্যতম শিক্ষানুষ্ঠান শিক্ষাভেলী স্কুল আৰু ডিব্ৰুগড় সঞ্জীৱনী চিকিৎসালয়ে এক বৃহৎ বান সাহায্য অভিযান আৰম্ভ কৰিছে। বিশাল পৰিমাণৰ সামগ্ৰী আৰু চিকিৎসক-নাৰ্ছৰ দল লৈ শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ ৰাওনা হয়।
চৰাইদেউ জিলাত এক বৃহৎ বিনামূলীয়া চিকিৎসা শিৱিৰ আয়োজন কৰাৰ লগতে বানপীড়িত লোকসকলৰ মাজত বিভিন্ন খাদ্য সামগ্ৰী আৰু নিত্য প্ৰয়োজনীয় ব্যৱহাৰ্য সামগ্ৰী প্ৰায় পাঁচ সহস্ৰাধিক পৰিয়ালৰ বাবে বিতৰণ কৰা হ’ব। সাহায্য সামগ্ৰীৰ ভিতৰত আছে
চাউল, দাইল, আলু, পিয়াঁজ, মিঠাতেল, কেৰাহী, হেতা, বাল্টি, মগ, জাৰ, আঠুৱা, কাঁহি-বাটি, গিলাছ, কোৰ, কটাৰী, ব্লিচিং পাউডাৰ, ফেনাইল, চাবোন আদি।
এই সাহায্য অভিযানত অংশগ্ৰহণ কৰিছে মেডিচিন বিশেষজ্ঞ ডা° শিখা শৰ্মা, শিশু ৰোগ বিশেষজ্ঞ ডা° ধৰ্মানন্দ নাথ, ডা° নীলম শ্যাম, ডা° ৰাণা বৰুৱাকে ধৰি কেইবাগৰাকীও চিকিৎসক আৰু নাৰ্ছে। লগতে শিক্ষাভেলী স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু সঞ্জীৱনী চিকিৎসালয়ৰ চিকিৎসা কৰ্মীসকলেও অভিযানত অংশগ্ৰহণ কৰিছে।
দলটোৰ নেতৃত্বত আছে শিক্ষাভেলী স্কুলৰ পৰিচালনা সঞ্চালক পুলিন চন্দ্ৰ গগৈ, চেয়াৰমেন বচন আগৰৱালা, ভাইচ চেয়াৰমেন হেমন্ত কুমাৰ গগৈ আৰু সঞ্জীৱনী চিকিৎসালয়ৰ সঞ্চালক ত্ৰিদিৱেশ গগৈ।বান দুৰ্যোগত সৰ্বশ্ৰান্ত হোৱা পৰিয়ালসমূহক তাৎক্ষণিক সহায় আৰু স্বাস্থ্যসেৱা আগবঢ়োৱাৰ লক্ষ্যৰে এই মানৱীয় উদ্যোগ গ্ৰহণ কৰা হৈছে বুলি জনোৱাৰ লগতে শিক্ষা ভেলী স্কুল আৰু সঞ্জীৱনী চিকিৎসালয়ে অনাগত দিনতো এনেদৰে অন্যান্য স্থানত বান সাহায্য বিতৰণ আৰু স্বাস্থ্য শিবিৰ আয়োজন কৰিব বুলি জনাইছে।