...

ডিব্ৰুগড়ত আনন্দৰ জোৱাৰ

ডিব্ৰুগড়ত আনন্দৰ জোৱাৰ

টাইকোৱাণ্ডোৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ ধৰ্ণিষ্ঠাৰ ৰূপৰ পদক অৰ্জন

চাইন অন ডেস্ক,২আগষ্ট:

এইবাৰ আন্তঃৰাষ্ট্ৰীয় নবম হিৰোজ টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল থাইলেণ্ডৰ পটায়াৰ চনবুৰিত। উক্ত প্ৰতিযোগিতাত ৫৫ কেজি শাখাত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছিল ডিব্ৰুগড়ৰ বৰবৰুৱাৰ ধৰ্নিষ্ঠা নেওগ। ৩১ জুলাইৰ পৰা ২ আগষ্টলৈকে অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাত প্ৰতিদ্বন্দিতা কৰি ধৰ্ণিষ্ঠা নেওগে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। মুঠ চাৰিটা ৰাউণ্ডৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ ধৰ্ণিষ্ঠাই শেষৰ প্ৰি ছেমি ফাইনেলত শ্ৰীলঙ্কাক ৫ পইণ্টত হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰি ইন্দোনেছিয়াৰ লগত ফাইনেলত অৱতীৰ্ণ হৈছিল যদিও ইন্দোনেছিয়াই স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে ধৰ্ণিষ্ঠাই লাভ কৰে ৰূপৰ পদক। ধৰ্ণিষ্ঠাৰ প্ৰশিক্ষকদ্বয় আছিল দীপাংকৰ শৰ্মা আৰু ভাস্কৰজ্যোতি হাজৰিকা। ডিব্ৰুগড় আৰ কে স্কুলৰ নবমমান শ্ৰেণীৰ ছাত্ৰী ধৰ্ণিষ্ঠা নেওগ ডিব্ৰুগড়ৰ উপকণ্ঠ বৰবৰুৱাৰ সমাজকৰ্মী উৎপল নেওগ আৰু হাচনাহানা নেওগৰ একমাত্ৰ কন্যা। ধৰ্ণিষ্ঠাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক লাভ কৰি বৰবৰুৱালৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে বৰবৰুৱাত আনন্দৰ জোৱাৰ উঠিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *