কোচৰাজবংশী জনগোষ্ঠীৰ বিষুৱা উৎসৱ পালনৰ প্ৰস্তুতি
অনুষ্ঠানৰ লাইখুটা স্থাপন বিজেপিৰ ৰাজ্যিক সম্পাদক নিলেশ্বৰ ৰায়ৰ
কোকৰাঝাৰ:
কোকৰাঝাৰ জিলাৰ অধিন খলিচানীমাৰীত আজি কোচৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ বিষুৱা পালন কৰিবলৈ আজি লাইখুটা স্থাপন কৰে বিজেপিৰ ৰাজ্যিক সম্পাদক নিলেশ্বৰ ৰায়ে । অহা ২৭ এপ্ৰিল ভাওঁৰাগুৰী অঞ্চলৰ
ৰাইজে এই বেলি পোন প্ৰথমবাৰৰ বাবে খলিচানীমাৰীত বিষুৱা উৎসৱ উৎযাপন কৰাৰ বাবে আজি লাইখুটা স্থাপন কৰাৰ লগতে আজিৰে ৭ দিনীয়া কৈ কোচৰাজবংশী জনগোষ্ঠীৰ নৃত্যৰ কৰ্মশালা অনুষ্ঠানৰ শুভাৰম্ভ কৰে । শতাধিক কোচৰাজবংশী জনগোষ্ঠীৰ কিশোৰীৰ লগতে মহিলা সকলোও অংশ গ্ৰহন কৰে । উক্ত অনুষ্ঠানত খলিচানীমাৰী গাওঁৰ গাওঁবুঢ়া ৰ লগতে মান্দাৰপাৰা গাওঁৰ গাওঁবুঢ়া সঞ্জিত বৰ্মন , গজেন্দ্ৰ বৰ্মন , ৰঞ্জিত বৰ্মন আক্ৰাছুৰ চন্দন বৰ্মন , নন্দ বৰ্মন , কণ্ঠশিল্পী লক্ষী দেৱী , বিষুৱা উৎযাপন সমিতিৰ ৰতন বৰ্মন , সঞ্জয় বৰ্মন , শুকু বৰ্মন , আদিও উপস্থিত থাকে ।