ৰেলৱেৰ মাল গুদামৰ শ্ৰমিকসকলৰ বাবে নতুন ব্যৱস্থা শীঘ্ৰে কাৰ্যকৰী
চাৰিটা লেবাৰ কোড অনুসৰি প্ৰস্তুত হৈছে ৰোডমেপ
চাইন অন ডেস্ক:
উত্তৰ-পূৰ্ব সীমান্ত ৰেলৱেৰ মাল গুদামসমূহত কৰ্মৰত হাজাৰ হাজাৰ শ্ৰমিকৰ বাবে এটা ঐতিহাসিক পৰিৱৰ্তনৰ ভেটি স্থাপন হৈছে। নতুন, শক্তিশালী, স্বচ্ছ আৰু সংগঠিত ব্যৱস্থা ৰূপায়ণৰ প্ৰক্ৰিয়া এতিয়া অন্তিম পৰ্যায়ত উপনীত হৈছে ।দীৰ্ঘদিন ধৰি চাকৰিৰ সুৰক্ষা, পৰিচয়, স্বচ্ছতা আৰু সামাজিক সুৰক্ষাৰ দাবী জনাই অহা শ্ৰমিক সকলৰ বাবে এই পদক্ষেপে এক গুৰুত্বপূৰ্ণ আৰু নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলিও আশা কৰা হৈছে। বৰ্তমান আৰু ভৱিষ্যতৰ 
ইয়াৰ লক্ষ্য হৈছে শ্ৰমিকসকলক ন্যূনতম বেতন, আইনী সুৰক্ষা, সামাজিক সুৰক্ষা তথা সুৰক্ষিত আৰু মৰ্যাদাপূৰ্ণ কৰ্ম পৰিৱেশ নিশ্চিত কৰা।
ৰেলৱেৰ উচ্চ পদস্থ বিষয়াসকলৰ লগত হোৱা আলচনামৰ্মে আৰু উচ্চ প্ৰাধিকৰণৰ দিশ-নিৰ্দেশনা অনুসৰি, ভাৰতীয় ৰেলৱেৰ সকলো নীতি-নিয়ম মানি NFR জ’নৰ তিনিটাকৈ মাল গুদামত প্ৰাথমিক পৰ্য্যায়ত পৰীক্ষামূলকভাৱে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। এই কেন্দ্ৰসমূহৰ জৰিয়তে শ্ৰমিকসকলক শীঘ্ৰে আধুনিক আৰু সুশৃঙ্খলিত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব, যাৰ ফলত তেওঁলোকৰ কাৰ্যদক্ষতা, সুৰক্ষা সজাগতা আৰু পেছাগত ভাৱে দৈনিক 24/7 ৰ কৰ্মৰ বাবে সাজু কৰি তোলা হব।ৰেলৱেৰ নিৰ্ধাৰিত নিয়ম, নীতিক লক্ষ্য ৰাখি এই ব্যৱস্থাৰ সকলো প্ৰস্তুতি ইতিমধ্যেই সম্পূৰ্ণ হৈছে, মাত্ৰ কিছু প্ৰযুক্তিগত আৰু আনুষ্ঠানিক প্ৰক্ৰিয়াহে বাকী আছে। উক্ত প্ৰক্ৰিয়া সমূহ সম্পূৰ্ণ হোৱাৰ পাছতেই আনুষ্ঠানিক ঘোষণাসহ এক বিস্তৃত আৰু দায়িত্বশীল পদক্ষেপৰ জৰিয়তে সকলো বিষয় ৰাজহুৱা কৰা হ’ব বুলি
শ্ৰমজীৱী গুডশেড কৰ্পোৰেচনৰ
ডেপুটি ডাৰেক্টৰ (HR, NFR) বিজিপ কুমাৰ টায়ে সদৰী কৰে।ইয়াৰ লগতে, আঞ্চলিক আৰু একক স্তৰৰ নেতৃত্বক এক প্ৰতিবেদন প্ৰস্তুত কৰি শ্ৰমিক সকলৰ সকলো যাৱতীয় নথি পত্ৰ 
