...

ধুবুৰী জিলা কংগ্ৰেছত অঘটন!

Spread the love

ধুবুৰী জিলা কংগ্ৰেছত অঘটন!

দল বিৰোধী কাৰ্যকলাপৰ বাবে ৪৫ গৰাকীক ৬ বছৰলৈ নিলম্বন

ধুবুৰী:

অহা ৪ মে’ৰ ভোট গণনাৰ আগে আগে দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ধুবুৰী জিলা কংগ্ৰেছ কমিটিয়ে মুঠ ৪৫ গৰাকীক দল বিৰোধী কাৰ্যকলাপৰ বাবে নিলম্বন কৰাৰ ঘটনাই দলটোৰ ভিতৰচৰাত তীব্ৰ জোকোৰনিৰ সৃষ্টি কৰিছে। নিলম্বিতৰ সেই দীঘলীয়া তালিকাত ধুবুৰী বিধানসভা সমষ্টিৰ ৩ গৰাকীকৈ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী, ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এগৰাকী জিলা পৰিষদ সদস্যাকে ধৰি ৩ গৰাকীকৈ আঞ্চলিক পঞ্চায়ত সদস্য, ধুবুৰী জিলা কংগ্ৰেছ কমিটি (ডিচিচি)ৰ ৭ গৰাকীকৈ সাধাৰণ সম্পাদক, সাধাৰণ সম্পাদক (সাংগঠনিক), সাধাৰণ সম্পাদক (প্ৰশাসনিক) আৰু কোষাধ্যক্ষও আছে। ইপিনে, দল বিৰোধী কাৰ্যকলাপৰ বাবে ধুবুৰী জিলা কংগ্ৰেছে দলটোৰ বিভিন্ন স্তৰৰ বিষয়ববীয়া, ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এগৰাকী জিলা পৰিষদ সদস্যাকে ধৰি আঞ্চলিক বহিস্কাৰ কৰিবলগীয়া হোৱাৰ ঘটনাই ধুবুৰীত নিজ দলৰে একাংশ নেতাৰ চিপৰাং মৰা ৰাজনীতিৰ বাবে ধুবুৰীত দলটোৰ প্ৰাৰ্থী বেবী বেগমৰ বিজয় ইমান মসৃণ নোহোৱাৰ ইংগিত বুলিও কিন্তু আঙুলিয়াই দিয়া পোৱা গৈছে স্থানীয় একাংশ ৰাজনৈতিক বিশ্লেষকে

Leave a Reply

Your email address will not be published. Required fields are marked *