...

জিতেন্দ্ৰ নাথ চক্ৰৱৰ্তী সোঁৱৰণী

জিতেন্দ্ৰ নাথ চক্ৰৱৰ্তী সোঁৱৰণী

উজনি অসম টেবুল টেনিছ চেম্পিয়নশ্বিপ সম্পন্ন

চাইন অন ডেস্ক,৪মে’:

জ্ঞান দায়িনী টেবুল টেনিছ একাডেমীয়ে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত আয়োজন কৰা তৃতীয় সংখ্যক জিতেন্দ্ৰ নাথ চক্ৰৱৰ্তী সোঁৱৰণী উজনি অসম প্ৰাইজমানি টেবুল টেনিছ চেম্পিয়নশ্বিপৰ যোৱা ৩ মে তাৰিখে সফল সামৰণি পৰে। ১ মে তাৰিখৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাত মুঠ ১৫০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। প্ৰতিযোগিতাৰ ফলাফল সমূহ এনেধৰণৰ – ৯ বছৰৰ অনুৰ্ধ্ব ছোৱালীৰ শাখাত যোৰহাটৰ তানিষ্ঠা গৌতম বিজয়ী হোৱাৰ বিপৰীতে ডিব্ৰুগড়ৰ কিয়ানা গৌতম ৰানাৰ্ছ আপ হয়। পৰিধি গগৈ আৰু আৰাধ্যা লহকৰে তৃতীয় স্থান লাভ কৰে। ৯ বছৰৰ অনুৰ্ধ্ব লৰাৰ শাখাত ডিব্ৰুগড় আদিভ দুৱৰা বিজয়ী, সূৰ্য্য গুপ্তা ৰানাৰ্ছ আপ হয়। লেনিন কোঁৱৰ আৰু দেৱাংস দত্তই তৃতীয় স্থান লাভ কৰে। ১১ বছৰৰ অনুৰ্ধ্ব ছোৱালীৰ শাখাত দুলীয়াজানৰ শিল্পী শিখা বৰুৱা বিজয়ী , দৃষ্টি দে ৰানাৰ্ছ আপ হয়। শ্ৰেয়াশ্ৰি বৰা আৰু হিয়াচভি ব্ৰহ্মই তৃতীয় স্থান লাভ কৰে।ইয়াৰ লৰাৰ শাখাত ডিব্ৰুগড় আয়ান আদিত্য গৌতম বিজয়ী, শিৱসাগৰৰ ছবিব আহমেদ ৰানাৰ্ছ আপ হয়। আদিভ দুৱৰা আৰু আবয়াজ ৰহমানে তৃতীয় স্থান লাভ কৰে। ১৩ বছৰৰ অনুৰ্ধ্ব ছোৱালীৰ শাখাত ডিব্ৰুগড়ৰ কেলভিনা শইকীয়া বিজয়ী, দৃষ্টি দে ৰানাৰ্ছ আপ হয়। শিল্পী শিখা বৰুৱা আৰু ফ্লভিয়া গগৈয়ে তৃতীয় স্থান লাভ কৰে। ইয়াৰ লৰাৰ শাখাত ডিব্ৰুগড় নিৰবেশ শইকীয়া বিজয়ী, শায়াংকা চাংমাই ৰানাৰ্ছ আপ হয়। আৰাধ্যা বিকাশ গগৈ আৰু ছবিব আহমেদ তৃতীয় হয়। ১৫ বছৰৰ অনুৰ্ধ্ব ছোৱালীৰ শাখাত ডিব্ৰুগড়ৰ ৰীপিকা ভূঞা বিজয়ী, ফ্লাভিয়া গগৈ ৰানাৰ্ছ আপ হয়। কেলভিনা শইকীয়া আৰু আৰ্ণী দুৱৰা তৃতীয় হয়। ইয়াৰ লৰাৰ শাখাত ডিব্ৰুগড় প্ৰক্ষণিভ গগৈ বিজয়ী, নিৰবেছ শইকীয়া ৰানাৰ্ছ আপ হয়। আড্ৰিক গগৈ আৰু শায়াঙ্কা চাংমাই তৃতীয় হয়। আনহাতে তৃষাণি চৌধুৰী আৰু ভাবয়াংশ অৰোৰাই প্ৰতিযোগিতাৰ প্ৰতিভাসম্পন্ন খেলুৱৈৰ বঁটা লাভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *