ঢকুৱাখনাত পূৰ্বৰ অভিলেখ ভংগ
চতুৰ্থবাৰৰ বাবে বিধায়ক নিৰ্বাচিত বিজেপিৰ নৱ কুমাৰ দলে
ঢকুৱাখনা,৪ মে’:
অৱধাৰিতভাৱেই ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ পৰা চতুৰ্থবাৰৰ বাবে
বিধায়ক পদ দখল কৰিলে নৱ কুমাৰ দলেয়ে। পূৰ্বৰ দুটা দশকৰ অভিলেখ ভংগ কৰি ঢকুৱাখনাৰ পৰা অসম বিধানসভালৈ বৃহৎ ভোটৰ ব্যৱধানত নিৰ্বাচিত হ’ল নৱ কুমাৰ দলে।আজি ঘোষিত ফলাফল অনুসৰি বিজেপিৰ প্ৰাৰ্থী নৱ কুমাৰ দলেয়ে ৯২,১২৩ টা ভোট লাভ কৰি বিৰোধী কংগ্ৰেছ প্ৰাৰ্থী আনন্দ নৰহক ৫০,০৭২ টা ভোটত পৰাভূত কৰে।কংগ্ৰেছ প্ৰাৰ্থীজনে ৪২,০৫১ ভোট লাভ কৰি দ্বিতীয় স্থানত থাকে।আনহাতে এছ ইউ চি আইৰ যুতিকা দলেয়ে ১১৭৯ টা ভোট লাভ কৰে।উল্লেখ্য যে অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টিটোৰ পৰা নৱ
কুমাৰ দলেৰ এয়া চতুৰ্থবাৰলৈ বিধায়ক পদ লাভ।২০১১ চনৰ পৰা তেওঁ ঢকুৱাখনা সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে।পুনৰ বিধায়কৰূপে নির্বাচিত হৈ সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি দলেয়ে এই বিজয়ৰ বাবে বিজেপি, অগপকে ধৰি মিত্ৰজোঁটৰ সমূহ কর্মকর্তা তথা সদস্যৰ লগতে সমষ্টিবাসী ৰাইজলৈ ধন্যবাদসহ কৃতজ্ঞতা জ্ঞাপন কৰে। বিগত সময়ছোৱাত ঢকুৱাখনা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াৰ বাবে ৰাইজে পুনৰ আদৰি লোৱা বুলি উল্লেখ কৰি তেওঁ আগন্তুক সময়ছোৱাত সমষ্টিটোৰ সামগ্রিক উন্নয়ন আৰু বিশেষকৈ কৃষি আৰু জলসিঞ্চন ক্ষেত্ৰত বিশেষভাৱে কাম কৰিব বুলিও উল্লেখ কৰে।ইফালে এই বৃহৎ বিজয়ে সমষ্টিটোৰ দলীয় কৰ্মী তথা সমৰ্থকসকলৰ মাজত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছে আৰু আনন্দিত সমৰ্থকসকলে বিজয় উল্লাসত মগ্ন হোৱা পৰিলক্ষিত হৈছে।
Like this:
Like Loading...