...

ডিব্ৰুগড় জিলাৰ ৬ সমষ্টিত ধূলিসাৎ বিৰোধী

ডিব্ৰুগড় জিলাৰ ৬ সমষ্টিত ধূলিসাৎ বিৰোধী

গেৰুৱা ৰঙৰে সুভাসিত হল ডিব্ৰুগড়ৰ ৬ সমষ্টি

চাইন অন ডেস্ক,৪ মে’:

পুনৰ দ্বিতীয় বাৰৰ বাবে ডিব্ৰুগড়ত ধূলিসাৎ হল বিৰোধী।আজি ঘোষিত অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত গেৰুৱা দলটোৰ অন্যতম ঈৰ্ষণীয় প্ৰদৰ্শনৰে ডিব্ৰুগড় জিলাৰ আটাইকেইখন বিধানসভা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টিয়ে জয়লাভ কৰি একপ্ৰকাৰ বিৰোধী শূন্য কৰিবলৈ সক্ষম হয়।
এই ফলাফলত আটাইতকৈ বিশাল জয় সাব্যস্ত হয় ডিব্ৰুগড় সমষ্টিত।এই সমষ্টিত বিজেপিৰ চাৰিবাৰৰ বিধায়ক তথা ৰাজ্যৰ শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে অসম জাতীয় পৰিষদৰ মইনাক পাত্ৰক ৭২,০৪৩ ভোটৰ বৃহৎ ব্যৱধানত পৰাজিত কৰে।চাহ নগৰীখনৰ পৰা এয়া তেওঁৰ ধাৰাবাহিক পঞ্চমটো জয় আৰু এতিয়ালৈকে সৰ্ববৃহৎ জয়ৰ ব্যৱধান।

বিজয়ৰ পিছত ফুকনে কয়, “এই বিপুল জনাদেশ বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ৰাইজৰ থকা আস্থাৰ প্ৰতিফলন। মই বিনম্ৰতাৰে এই জনাদেশ গ্ৰহণ কৰিছোঁ আৰু একেই আন্তৰিকতাৰে ডিব্ৰুগড়ৰ সেৱা কৰি যাম।”

আনহাতে, টিংখং সমষ্টিৰ বিধায়ক তথা উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই কংগ্ৰেছ প্ৰাৰ্থী বিপুল গগৈক ৪৯,০২৬ ভোটত পৰাজিত কৰি হেট্ৰিক অৰ্জন কৰে। ইয়াৰ লগে লগে উজনি অসমত বিজেপিৰ এজন অন্যতম শক্তিশালী নেতা হিচাপে তেওঁ নিজৰ স্থিতি সুদৃঢ় কৰে।

বিমল বৰাই কয়, “এই বিজয় দলীয় কৰ্মীসকলৰ, টিংখঙৰ ৰাইজৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ। অহা পাঁচ বছৰত আমি সমষ্টিটোৰ উন্নয়ন অধিক ক্ষিপ্ৰতৰ কৰিম।”

নাহৰকটীয়া সমষ্টিত বিজেপিৰ বিধায়ক তৰংগ গগৈয়ে কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনক ৬০,০০০ তকৈ অধিক ভোটত পৰাজিত কৰে।

চাবুৱা-লাহোৱালত বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকাই কংগ্ৰেছৰ প্ৰাঞ্জল ঘাটোৱাৰক ৫০,৯১৪ ভোটত পৰাস্ত কৰে।

দুলীয়াজানত বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈৰ বিৰুদ্ধে ১০,০০০ তকৈ অধিক ভোটত জয়লাভ কৰে। এই সমষ্টিটোত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব বুলি ধাৰণা কৰা হৈছিল।

আজিৰ ফলাফলত আটাইতকৈ প্ৰত্যাহ্বান মূলক যুঁজখন দেখা গৈছিল খোৱাং সমষ্টিত। ইয়াত বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক ৯,৯৮৪ ভোটত পৰাজিত কৰে। ইয়াৰ লগে লগে নতুনকৈ গঠন হোৱা এই সমষ্টিটোৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচনী বিজয় সাব্যস্ত কৰাত,এজেপি সভাপতিগৰাকীৰ আপ্ৰাণ প্ৰচেষ্টাৰ দুখজনকভাবে অন্ত পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *