কামলা নদীৰ ওপৰত ১৭২০ মেগাৱাটৰ বৃহৎ নদীবান্ধ নিৰ্মাণৰ প্ৰস্তুতি!
অৰুণাচলত কাটিব ২৩ লাখ গছ ?
নদীবান্ধ বিৰোধী আন্দোলন-তিনি জিলাত বন্ধ ঘোষণা
চাইন অন ডেস্ক, ২৩অক্টোবৰ:
অৰুণাচল প্ৰদেশত বৃহৎ নদীবান্ধ প্ৰকল্পক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। কামলা নদীৰ ওপৰত ১৭২০ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পৰ বাবে প্ৰায় ২৩ লাখ গছ-গছনি কটাৰ পৰিকল্পনা আৰু ১১ হাজাৰ মেগাৱাটৰ আপাৰ চিয়াং
জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাত খিলঞ্জীয়া ৰাইজে তীব্ৰ ধাৰাবাহিক প্ৰতিবাদ আৰম্ভ কৰিছে।
ঘটনাৰ সবিশেষ তথ্য:
২৩ লাখ গছ কটাৰ সিদ্ধান্ত: কামলা নদীৰ ওপৰত ১৭২০ মেগাৱাটৰ বৃহৎ নদী বান্ধ নিৰ্মাণৰ বাবে অৰুণাচল প্ৰদেশত কাটি পেলোৱা হ’ব প্ৰায় ২৩ লাখ গছ, যাক লৈ প্ৰকৃতিপ্ৰেমী আৰু স্থানীয় ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে।
তীব্ৰ নদীবান্ধ বিৰোধী আন্দোলন: এফালে এন এইচ পি চি (NHPC) প্ৰকল্পৰ বাবে তৎপৰ হৈ পৰাৰ বিপৰীতে আনফালে সমান্তৰালভাৱে তীব্ৰতৰ হৈ পৰিছে নদীবান্ধ বিৰোধী আন্দোলন। ১১ হাজাৰ মেগাৱাটৰ আপাৰ চিয়াং জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাও অব্যাহত আছে।
তিনি জিলাত বন্ধ ঘোষণা: প্ৰতিবাদৰ অংশস্বৰূপে অৰুণাচলৰ খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকলে পূৰ্ব চিয়াং, আপাৰ চিয়াংকে ধৰি তিনিখন জিলাত সন্ধিয়া ৫ বজালৈ বন্ধ ঘোষণা কৰিছে।
খিলঞ্জীয়া লোকসকলৰ জল, মাটি আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ সংগ্ৰামে এতিয়া সমগ্ৰ অৰুণাচল প্ৰদেশতে এক ডাঙৰ আন্দোলনৰ ৰূপ লৈছে।
জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাত খিলঞ্জীয়া ৰাইজে তীব্ৰ ধাৰাবাহিক প্ৰতিবাদ আৰম্ভ কৰিছে।