...

বিশিষ্ট লোক সংস্কৃতিৰ সাধক,লেখক গগন চন্দ্ৰ সোনোৱালৰ স্মৃতি দিৱসত

বিশিষ্ট লোক সংস্কৃতিৰ সাধক,লেখক গগন চন্দ্ৰ সোনোৱালৰ স্মৃতি দিৱসত

‘সোনোৱাল ভাষা সন্মিলন’ৰ আয়োজন

চাইন অন ডেস্ক, ২৩অক্টোবৰঃ

সোনোৱাল কছাৰী সমাজৰ পুৰোধা ব্যক্তি, বিশিষ্ট সাহিত্যিক, লোক-সংস্কৃতিৰ সাধক গগন চন্দ্ৰ সোনোৱালৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি অহা ২৭ অক্টোবৰত সোনোৱাল কছাৰী সাহিত্য সভাৰ উদ্যোগত ডিব্ৰুগড় জিলা সমিতি আৰু ঔফুলীয়া শাখাৰ সহযোগত টিংখাং অঞ্চলৰ ঔফুলীয়া কল্যাণ সংঘৰ খেলপথাৰ প্ৰাংগণত ‘সোনোৱাল ভাষা সন্মিলন’ অনুষ্ঠিত হ’ব৷ সম্পুর্ণ সোনোৱাল ভাষাত অনুষ্ঠিতব্য এই অনুষ্ঠানটোৰ উপলক্ষে যোৱা ১২ অক্টোবৰত ঔফুলীয়া গাঁৱৰ ৰাইজৰ সৈতে সোনোৱাল কছাৰী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়৷ সভাত গগন চন্দ্ৰ সোনোৱালৰ স্মৃতি দিৱসটি উদ্‌যাপনৰ অৰ্থে এখনি স্মৃতি দিৱস উদ্‌যাপন সমিতি গঠন কৰা হয়৷ এই অনুসৰি পুৱা পতাকা উত্তোলন, গগন চন্দ্ৰ সোনোৱালৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পিছতে ১১ বজাত ‘সোনোৱাল ভাষা সন্মিলন’ অনুষ্ঠিত হ’ব৷ এই অনুষ্ঠানত গগন চন্দ্ৰ সোনোৱালৰ জীৱন পৰিক্ৰমা সম্পৰ্কে বক্তব্য আগবঢ়াব ডাঃ জিতেন বড়াই৷ সোনোৱাল ভাষাৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণত নতুন প্ৰজন্মৰ ভূমিকা, দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে আলোচনাত ভাগ ল’ব অমিয় কুমাৰ সোনোৱাল, ড॰ লব ৰাম সোনোৱাল, ড॰ তুলসী সোনোৱালে৷ আনহাতে সামাজিক মাধ্যমত সোনোৱাল ভাষাৰ চৰ্চা আৰু আমাৰ দায়িত্ব বিষয় সম্পৰ্কে আলোচনাত অংশ ল’ব জোনমণি সোনোৱাল, শ্যামলিমা বড়া, মুনমুন সোনোৱালে৷ অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা, সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱাল, সভাৰ মুখ্য উপদেষ্টা গুণেশ্বৰ সোনোৱাল, সোনোৱাল ভাষাত কথা-বতৰা প্ৰতিষ্ঠানৰ সভাপতি ৰাজু সোনোৱাল দেউৰী, সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ উপসভাপতি বিষ্ণু সোনোৱাল উপস্থিত থাকিব৷ অনুষ্ঠানত সকলো সোনোৱাল ৰাইজকে উপস্থিত থাকিবৰ বাবে সভাৰ সভাপতি আৰু মুখ্য সম্পাদকে আহ্বান জনাইছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *