...

ডাম্পাৰ চালকৰ কৰ্মকাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি

Spread the love

ডাম্পাৰ চালকৰ কৰ্মকাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি

ৰাইজৰ ব্যাপক প্ৰতিবাদ,উত্তপ্ত পৰিস্থিতি

গোৱালপাৰা,২৭এপ্ৰিল:

গোৱালপাৰা পূব সমষ্টিৰ নবাগত শিমলীতোলা জলজলী নদীৰ বুকুত চলি থকা বালি খননে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে।ডাম্পাৰ চালকে পথচাৰীক পথ এৰি নিদিয়াত আৰু পাছলৈ পথচাৰীয়ে ক’বলৈ যোৱাত ওলটাই পথচাৰীৰ লগত ডাম্পাৰ চালকৰ খঙৰ উষ্মাৰ বিৰুদ্ধে স্থানীয় ৰাইজে মাৰবান্ধি ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ অভিযোগ কৰা মতে চাৰি লেনযুক্ত পথ নিৰ্মাণৰ দোহাই দি নিৰ্মাণকাৰী সংস্থাই জেচিবি লগাই জধে-মধে চলোৱা খননৰ ফলত নদীৰ বুকু তহিলং হোৱাৰ উপৰি ৰাইজৰ যাতায়ত বন্ধ হৈ পৰাৰ উপক্ৰম ঘটিছে |বিগত প্ৰায় পাঁচ-ছ মাহ ধৰি অব্যাহত থকা এই বালি খননৰ বিৰুদ্ধে জিলা প্ৰশাসনে ৰহস্যজনক মৌনতা অৱলম্বন কৰাক লৈও ভুক্তভোগী ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে | নৈৰ বুকুত বালি খননক কেন্দ্ৰ কৰি পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ কৰিবলৈ সক্ষম হয় |উল্লেখ্য যে পূৰ্বেও বালি খননৰ বিৰুদ্ধে বহুবাৰ প্ৰতিবাদ সাব্যস্ত কৰিও বৰ্তমানলৈ বন্ধ নোহোৱাত ৰাইজে এতিয়া নৈপৰীয়া শতাধিক পৰিয়ালৰ জীৱন-সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বালি খনন কাৰ্য শীঘ্ৰে বন্ধ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *