...

বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ ঢকুৱাখনাৰ যুৱক

Spread the love

বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ ঢকুৱাখনাৰ যুৱক

পৰিয়ালত হাহাকাৰ

ঢকুৱাখনা,২৭ এপ্ৰিল:

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক। বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ থকাৰ সময়ত ট্ৰেইনৰ পৰা ৰহস্যজনকভাৱে ঢকুৱাখনাৰ এজন যুৱক সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।সন্ধানহীন যুৱকজন ঢকুৱাখনা থানাৰ অন্তৰ্গত গৰৈমাৰী চাপৰিৰ সনাতন ভৰালী।প্ৰাপ্ত খবৰ অনুসৰি গৰৈমাৰী চাপৰিৰ সুৰেণ ভৰালীৰ পুত্ৰ সনাতন ভৰালী (৩৬) যোৱা ২১ এপ্ৰিলত গাঁৱৰে আনকেইবাজনো লগৰীয়াৰ সৈতে ডিব্ৰুগড় ৰে’ল ষ্টেচনৰ পৰা ডিব্ৰুগড়-কন্যাকুমাৰী বিবেক এক্সপ্ৰেছযোগে কেৰেলালৈ কৰ্মৰ সন্ধানত ওলাই গৈছিল। কিন্তু, যুৱকজন তামিলনাডুৰ কোনো এটা ৰেল ষ্টেচনৰ পৰা কিবা কৰণত নামি দিব লগীয়া হয়।নমাৰ কিছু সময়লৈকে পৰিয়ালৰ লগত সনাতনৰ যোগাযোগ আছিল যদিও শনিবাৰৰ পৰা পৰিয়ালৰ লোকৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰে।
ইফালে, পৰিয়ালে বহু যোগাযোগ কৰাৰ পাছতো এই পৰ্যন্ত নিৰুদ্দেশ হৈ থকা সনাতন ভৰালীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ ফলত পৰিয়ালটোৱে দুঃচিন্তাত উজাগৰী নিশা কটাবলৈ বাধ্য হৈছে ৷ ইপিনে যুৱকজনৰ নিৰুদ্দেশ হোৱাৰ বিষয়ে পৰিয়ালৰ লোকে ঢকুৱাখনা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ কিন্তু এই পৰ্যন্ত নিৰুদ্দেশ হোৱা যুৱকজনক সন্দৰ্ভত
আৰক্ষীয়েও বৰ্তমানলৈকে কোনো সম্ভেদ উলিয়াব নোৱাৰাত সনাতনৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনো লোকে যুৱকজনৰ সম্ভেদ পালে
নিকটবৰ্তী থানা অথবা ৮০১১৭৩২৪৭৭ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

Leave a Reply

Your email address will not be published. Required fields are marked *