অগ্রগামী, সমাজহিতৈষী হৰিপ্ৰীয়া গগৈৰ মৃত্যু
চাইন অন ডেস্ক:
ডিব্ৰুগড়ৰ মিলননগৰ নিবাসী ধৰ্মপ্ৰয়াণ মহিলা হৰিপ্ৰীয়া গগৈৰ আজি দেহাবসান ঘটে।আজি বিয়লি চিকিৎসাধীন অৱস্থাতেই স্বাস্থ হস্পিতালত ৮২বছৰ বয়সত বাৰ্ধক্যজনিত কাৰনত শেষ নিশ্বাস ত্যাগ কৰে হৰিপ্ৰীয়া গগৈয়ে।ডিব্ৰুগড়ৰ পশ্চিম মিলন নগৰৰ অ’ লেনৰ নিবাসী প্ৰয়াত হৰিপ্রিয়া গগৈ, এগৰাকী অগ্রগামী, সমাজহিতৈষী, মহীয়সী সৰল
মহিলা।তেখেত আশৈশৱ এগৰাকী সাংস্কৃতিক কর্মী। নাটক-ভাওনাত যিদৰে অগ্রণী, একেদৰে সাহিত্য চর্চাৰ ক্ষেত্ৰতো সমান্তৰালকৈ আগৰণুৱা আছিল।এগৰাকী সবল লেখিকা হিচাপেও সমাজত বিশেষভাবেই পৰিচিত। আইতাৰ সাধু আৰু মৌসনা চিঠি,হেৰুৱা ফুলৰ সুৰভি আদি তেখেতৰ অন্যতম শেহতীয়া সমাদৃত গ্ৰণ্ঠ।অন্যহাতে ধর্মনিষ্ঠা নাৰী হিচাপেও ধৰ্ম চর্চাত সাত্ত্বিক ভূমিকা পালন কৰি আহিছিল।
উল্লেখ্য যে, ভিন্নমুখী অনুষ্ঠানৰ স’তে জড়িত হৈ নিজস্ব প্রতিভাৰে প্রোজ্জ্বল হৈ আছিল হৰিপ্ৰীয়া গগৈ।মৃত্যুৰ সময়ত স্বামী তথা জলসম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত এচ অ’ ৰাম গগৈ আৰু একমাত্ৰ পুত্ৰ কুকিল কণ্ঠ গগৈৰ সহিতে তিনি বিবাহিত কন্যা আৰু অনেক আত্মীয় স্বজন, শুভাকাংক্ষী ইহসংসাৰত এৰি থৈ গৈছে।শিৱসাগৰৰ বানমুখত প্ৰয়াত হৰিপ্ৰীয়াৰ আহোমৰ বৈদিক প্ৰথা অনুসৰি মৈদাম দিয়া হয়।তেখেতৰ মৃত্যুত বিভিন্ন অনুষ্ঠান,দল-সংগঠন, নামঘৰ সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
Like this:
Like Loading...