...

দৰমহা নাপাই কৰ্মচাৰীয়ে কৰিছে ডেলিভাৰী বয়ৰ কাম!

Spread the love

 

 

দৰমহা নাপাই কৰ্মচাৰীয়ে কৰিছে ডেলিভাৰী বয়ৰ কাম!

 

 

আমেৰিকাত ২২ দিনে বন্ধ চৰকাৰী দপ্তৰ

 

 

বাশ্বিংটন:

অস্বাভাৱিক স্থবিৰতাই বিৰাজ কৰিছে আমেৰিকাৰ চৰকাৰী প্ৰশাসনত। আজি বাইশ দিন ধৰি দেশখনৰ চৰকাৰী কাৰ্যালয়সমূহ বাজেটৰ অভাৱত বন্ধ হৈ আছে। পহিলা অক্টোবৰৰ পৰা এই স্থবিৰতা আৰম্ভ হৈছিল। মার্কিন সংসদ ছিনেটে একাদশ বাৰৰ বাবে বাজেট গৃহীত নকৰাত চৰকাৰী কাৰ্যালয়সমূহত কৰ্মচাৰীক দা-দৰমহা দিব পৰা নাই। যাৰ বাবে ঘৰতে বেতনবিহীনভাৱে বহি আছে কৰ্মচাৰীসকল। কিছুমানে আকৌ পেটৰ দায়ত ডেলিভাৰী বয়ৰ কাম কৰিবলগীয়া হৈছে। কিছুমানে আকৌ পৰিয়াল চলাবলৈ ঋণ ল’বলৈ বাধ্য হৈছে। আমেৰিকাৰ প্ৰায় ৭.৫ লাখ চৰকাৰীৰ কৰ্মচাৰী মূৰত আকাশী সৰগ ভাগি পৰিছে। আমেৰিকাৰ ইতিহাসত এই টো হ’ল দ্বিতীয়টো অচলাৱস্থাৰ ঘটনা। ২০১৩ চনত এই পৰিবেশ ইমানে ভয়ংকৰ আছিল যে দৰমহা দিবলৈ ধন নথকাত কানাডা-আমেৰিকা সীমান্তৰ ৮,৮৯১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলেকা চোৱাচিতা কৰাৰ দায়িত্ব মাত্ৰ এজন লোকে পালন কৰিবলগীয়া হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *