সুদীর্ঘ ৫০ বছৰৰ পাছত উপস্থিত মণিপুৰৰ উখৰুলত এনএছচিএন (আইএম)ৰ মুৰব্বী থুইংগালেং মুইভাই
ডিমাপুৰৰ পৰা হেলিকপ্টাৰেৰে আহি উখৰুলত উপস্থিত
উত্তৰ-পূবৰ আটাইতকৈ বর্ষীয়ান বিদ্রোহী নেতা: জনাকীর্ণ টাংখুল নংগ্রাউণ্ড
বিশাল সমদলেৰে উষ্ম আদৰণি হাজাৰ হাজাৰ জনতাৰ
চাইন অন ডেস্ক:
সুদীর্ঘ ৫০ বছৰৰ মূৰত জন্মভূমি উখৰুলত উপস্থিত হ’ল উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠনৰ আটাইতকৈ বর্ষীয়ান নেতা থুইংগালেং মুইভা। নগাৰ সাৰ্বভৌমত্বৰ দাবীৰে দীর্ঘদশক ধৰি সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰখাৰ পাছত যুদ্ধবিৰতি চুক্তিৰে আলোচনাৰ মেজলৈ অহা এনএছচিএন-আইএমৰ মুৰব্বী হিচাপে পৰিচিত থুইংগালেং মুইভাৰ এই আগমনত উছৱমুখৰ পৰিৱেশ সৃষ্টি হ’ল উখকল আৰু সোমদলত।
উল্লেখ্য যে ২০২৩ চনৰ মে’ মাহৰ পৰা গোষ্ঠীগত সংঘৰ্ষত জুৰুলা হৈ পৰা মণিপুৰৰ উখৰুলত মুইভাৰ এই আগমন বিশেষ উল্লেখযোগ্য ঘটনা হিচাপে পৰিগণিত হৈছে। শতবর্ষ গৰকিবলৈ কিছু বছৰ বাকী থকা মুইভাই এই ভ্রমণকালতে নিজৰ জন্মগাঁও সোমদলত কটাব এসপ্তাহ।
ডিমাপুৰৰ পৰা বুধবাৰে হেলিকপ্টাৰেৰে আহি উখৰুলত উপস্থিত হোৱা থুইংগালেং মুইভাক উষ্ম আদৰণি জনোৱা হয়। প্রায় ৫০ বছৰৰ পিছত প্রিয় নেতাগৰাকীক চাবলৈ উখৰুলৰ টাংখুল লংগ্রাউণ্ড জনাকীর্ণ হৈ পৰে। ৰাজকীয়ভাৱে আদৰণি জনোৱা মুইভাৰ এই আগমনক নেতাৰ প্ৰত্যাৱৰ্তন 
জন্মসূত্রে নাগালেণ্ডৰ নগা নহয় যদিও মণিপুৰৰ উখৰুল জিলাৰ সোমদলত ১৯৩৪ চনৰ ১৩ মাৰ্চত জন্মলাভ কৰা মুইভা এজন টাংখুল নগা। লক্ষণীয়ভাৱে নাগালেণ্ডৰ ১৪টা স্বীকৃত জনজাতিৰ তালিকাত নাই এই টাংখুল নগা। তথাপি স্বাধীন-সার্বভৌম নাগালিমৰ দাবীৰে সশস্ত্ৰ সংগ্ৰামেৰে ওৰেজীৱন পাৰ কৰিলে ইভাই। যাৰ বাবে এতিয়াও মুইভা এনএছচিএন-আইএমৰ অবিসম্বাদী নেতা। ১৯৯৭ চনত যুদ্ধবিৰতি ঘোষণা ৰাৰ পাছত ২০১৫ চনত এনএছচিএন-আইএমে স্বাক্ষৰিত কৰে নগা ফ্ৰেমৰ এগ্রিমেন্ট। সেই শান্তি চুক্তিক লৈয়েই ইখনৰ পাছত সিখন আলোচনাত অংশগ্ৰহণ কৰি আহিছে মুইভাই। সশস্ত্ৰ সংগ্ৰামৰ এই কাৰ্যসূচীত ব্যস্ত থাকা মুইভাই বিগত ৫০ বছৰেই অহা নাছিল নিজৰ ওপজা ভূমি সোমদললৈ। সেই অপেক্ষাৰ অন্ত পেলাই এনএছচিএন-আইএমৰ লেফটেনেন্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) সামূহিক নেতৃত্বৰ সদস্য আটেম ডিচি আৰু সেনাপ্রধান লেফটেনেন্ট জেনেৰেল এন্টনী নিং খান শিমৰেসহ এনএছচিএনৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’ল