...

মানকাচাৰত মানৱ সৰবৰাহৰ বিৰুদ্ধে চৰকাৰী তৎপৰতা

মানকাচাৰত মানৱ সৰবৰাহৰ বিৰুদ্ধে চৰকাৰী তৎপৰতা

জিলা সমাজ কল্যাণ বিভাগৰ বৃহৎ সজাগতা অভিযান

চাইন অন ডেস্ক,৮জুলাই:

বৰ্তমান সমাজৰ এক অন্যতম অভিশাপ তথা জটিল সমস্যা ‘মানৱ সৰবৰাহ’ৰ বিৰুদ্ধে এইবাৰ কঠোৰ আৰু সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিছে দক্ষিণ শালমাৰা মানকাচাৰ জিলা প্ৰশাসনে। বিশেষকৈ চৰকাৰী বিভাগত ভুৱা চাকৰিৰ প্ৰলোভন আৰু আগধন দাবী কৰা প্ৰতাৰণামূলক নেটৱৰ্ক মাৰ্কেটিং আঁচনিসমূহৰ কবলত পৰি যাতে কোনো সাধাৰণ লোক মানৱ সৰবৰাহকাৰীৰ বলি হ’বলগীয়া নহয়, তাৰ বাবে জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ে এক বৃহৎ সজাগতা অভিযানৰ কাৰ্যসূচী হাতত লৈছে।
জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনত জনসাধাৰণৰ মাজত ব্যাপক সজাগতা সৃষ্টি কৰা আৰু মানৱ সৰবৰাহ সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰাৰ উদ্দেশ্যৰে এই বিশেষ অভিযানৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত জিলা সমাজ কল্যাণ বিষয়াই এক চৰকাৰী নিৰ্দেশনা তথা আমন্ত্ৰণ পত্ৰৰ জৰিয়তে জিলাখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগ আৰু স্থানীয় সংস্থাসমূহক সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।
এই সজাগতা অভিযানত ব্যাপক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা বিভিন্ন স্তৰত নিৰ্দেশনা জাৰি কৰা হৈছে।
জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, জিলা আইনী সেৱা প্ৰাধিকৰণৰ সচিব, আৰু মানকাচাৰ তথা দক্ষিণ শালমাৰা থানাৰ আৰক্ষীৰ বিষয়াসকলক এই অভিযানত সক্ৰিয়ভাৱে জড়িত হ’বলৈ অনুৰোধ জনোৱা হৈছে।
মানকাচাৰ আৰু দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকলক তেওঁলোকৰ অধীনস্থ গাঁও প্ৰধান সকলক আৰু আৰক্ষী প্রশাসনক নিজ নিজ এলেকাৰ সকলো গাঁওৰক্ষী বাহিনী সতৰ্ক থাকিব লৈ প্ৰশাসনে নিৰ্দেশ প্ৰদান কৰিছে।

আজি মানকাচৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাকৰীপাৰা
গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত মানৱ সৰবৰাহৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰা হয়।
এনে সময়োপযোগী পদক্ষেপক জিলাখনৰ সচেতন মহলে আদৰণি জনাইছে। ভুৱা চাকৰি আৰু ধনৰ লোভ দেখুৱাই সৰল মনৰ লোকসকলক প্ৰতাৰণা কৰা চক্ৰসমূহৰ বিৰুদ্ধে এই অভিযানে এক উচিত প্ৰত্যাহ্বান গঢ়ি তুলিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *