...

ডিব্ৰুগড়ত বিনামূলীয়া মেগা স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু ৰক্তদান শিবিৰৰ আয়োজন

ডিব্ৰুগড়ত বিনামূলীয়া মেগা স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু ৰক্তদান শিবিৰৰ আয়োজন

চাইন অন ডেস্ক,৩জুনঃ

সামাজিক সংগঠন মাৰোৱাৰী যুব মঞ্চ ডিব্ৰুগড়ৰ সুপ্ৰভাত হেল্থকেয়াৰৰ সহযোগত অহা ৭ জুনত ডিব্ৰুগড়ৰ জালুকপাৰাস্থিত মতি লাল জিটানি ভৱনত এক বিনামূলীয়া মেগা স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ অনুষ্ঠিত হ’বলগীয়া এই শিবিৰৰ জৰিয়তে সাধাৰণ ৰাইজক মানসম্পন্ন স্বাস্থ্যসেৱা আগবঢ়োৱাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে বুলি আজি এক সংবাদমেল জৰিয়তে জানিবলৈ দিয়ে।
শিবিৰত সাধাৰণ চিকিৎসা, ডায়েবেটিছ ব্যৱস্থাপনা, দাঁতৰ চিকিৎসা, ফিজিঅ’থেৰাপি, অৰ্থোপেডিক্স, স্পাইন কেয়াৰ আৰু স্ত্ৰী ৰোগ বিশেষজ্ঞৰ বিনামূলীয়া পৰামৰ্শ আগবঢ়োৱা হ’ব বুলি উদ্যোক্তা সকলে জনাইছে। ইয়াৰ উপৰিও উপস্থিত লোকসকলৰ বাবে বিনামূলীয়াকৈ ব’ন ডেনচিটি টেষ্টৰ ব্যৱস্থাও কৰা বুলি জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে, এই স্বাস্থ্য শিবিৰত বিশিষ্ট চিকিৎসক ডাঃ পাৰ্থ প্ৰতিম দাস, ডাঃ সুনিধি আগৰৱাল, ডাঃ প্ৰিয়াংশী আগৰৱাল, ডাঃ ৰাহুল কেশান আৰু ডাঃ শ্বেতা কে. দামানিকে ধৰি একাংশ অভিজ্ঞ চিকিৎসকে উপস্থিত থাকি স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ আগবঢ়াব।
ইফালে, স্বাস্থ্য সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে CBC, থাইৰয়েড প্ৰ’ফাইল, HbA1c, লিপিড প্ৰ’ফাইল, LFT, KFT, ভিটামিন D, ভিটামিন B12 আদি বিভিন্ন গুৰুত্বপূৰ্ণ পৰীক্ষা অতি ৰেহাইমূল্যত উপলব্ধ কৰা হ’ব বুলি আয়োজক পক্ষই আজি সংবাদ মেল জৰিয়তে জানিবলৈ দিয়ে।
আনহাতে, উক্ত দিনাই মাৰোৱাৰী আৰোগ্য ভৱন এণ্ড হস্পিতালৰ সহযোগত এক ৰক্তদান শিবিৰো আয়োজন কৰা বুলি জানিবলৈ দিয়ে। সংবাদ মেলত মাৰোৱাৰী যুব মঞ্চ ডিব্ৰুগড়ৰ সভাপতি ৰোহন জালান,
ডাঃ শৈলেশ পুজাৰী আৰু দীপক পোদ্দাৰ আদি বিষয়ববীয়া সকল উপস্থিত থাকি ডিব্ৰুগড় আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ৰাইজক বিনামূলীয়া স্বাস্থ্য পৰামৰ্শ, ৰেহাইমূল্যৰ চিকিৎসা পৰীক্ষা আৰু ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *