...

ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৩৩ গৰাকী শিক্ষাৰ্থীক চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা

ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৩৩ গৰাকী শিক্ষাৰ্থীক চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা

লক্ষাধিক টকা আত্মসাৎ কৰি উধাও দিল্লীস্থ কোম্পানী!

প্ৰতিষ্ঠানটোৰ অধ্যক্ষও জৰিত থকাৰ অভিযোগ

চাইন অন ডেস্ক,৩জুন:

শেহতীয়াকৈ বহিৰাগত কোম্পানীৰ লোকে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ বহু নিবনুৱা যুৱকৰ লক্ষাধিক টকা আত্মসাৎ কৰি উধাও হোৱা খবৰে বহু প্ৰতিক্ৰিয়াৰ স্বৃষ্টি কৰিছে।
তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা দুখনৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰতি বছৰে শ শ যুৱক-যুৱতীয়ে দুয়োখন জিলাত থকা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান দুটাত প্ৰশিক্ষণ তথা শিক্ষা গ্ৰহণ কৰিবলৈ আহে। এইবাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান দুটাত শিক্ষা গ্ৰহণ কৰা মুঠ ৩৩ গৰাকী শিক্ষাৰ্থীক নিযুক্তি দিয়াৰ প্ৰলোভনেৰে “এল জি ইলেক্ট্ৰনিকচ্ ইণ্ডিয়া লিমিটেড” নামৰ কোম্পানীটোৰ প্ৰতিনিধিয়ে দিল্লীৰ গাজিয়াবাদলৈ নি লক্ষাধিক টকা সৰকাই নিশাটোৰ ভিতৰতে অন্তৰ্ধান হোৱাৰ ঘটনা পোহৰলৈ আহিছে। শিক্ষাৰ্থীকেইজন স্থানীয় এখন হোটেলত নিশাটো কটাই পিছদিনা পুৱাই নিৰাশ মনেৰে ঘৰলৈ উভতিব লগা হয়। বৰবৰুৱাস্থ ডিব্ৰুগড় ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটোত চাকৰি প্ৰাৰ্থী নিৰ্বাচনৰ সময়ত হোৱা চুক্তি মতে প্ৰতিষ্ঠানটোৰ অধ্যক্ষৰ উপস্থিতিত বিভিন্ন শিতানত দিবলগীয়া মাছুলৰ বিনিময়ত প্ৰতিজন শিক্ষাৰ্থীৰ পৰা ৬ হেজাৰ টকাকৈ মুঠ ১ লাখ ৯৮ হেজাৰ টকা ইতিমধ্যে সংগ্ৰহ কৰি লৈছিল।
উল্লেখযোগ্য যে, দিল্লীস্থ এল জি ইলেক্ট্ৰনিকচ্ ইণ্ডিয়া লিমিটেড নামৰ কোম্পানীটোৱে এটা বিজ্ঞাপন প্ৰকাশ কৰিছিল যে, কোম্পানীটোৱে বিভিন্ন বিভাগত মুঠ ৮০ জন প্ৰাৰ্থীক মাহে ২৮.৭৫০ টকাৰ দৰ্মহাত নিযুক্তি দিব। সেই মৰ্মে বৰবৰুৱাত থকা ডিব্ৰুগড় ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰতিষ্ঠানটোৰ অধ্যক্ষ ৰাজু গোপালৰ সহযোগত যোৱা ১১ মে’ত এক নিযুক্তি মেলা অনুষ্ঠিত কৰে। উক্ত নিযুক্তি মেলাতে ৩৩ গৰাকী শিক্ষাৰ্থীক নিৰ্বাচিত কৰি নিযুক্তি পত্ৰও প্ৰদান কৰে।
পৰিকল্পনা মতে যোৱা ১৯ মে’ত তিনিচুকীয়াৰ পৰা অবধ আছাম ৰেল যোগে কোম্পানীটোৰ প্ৰতিনিধি জনে কেওগৰাকী শিক্ষাৰ্থীক লগত লৈ দিল্লীলৈ বুলি ৰাওনা হয়। নিশা কোম্পানীটোৰ প্ৰতিনিধিজনে গাজিয়াবাদতে সকলোকে নামিবলৈ কৈ নিজেও নামে আৰু কেওজনে শিক্ষাৰ্থীৰ বাবে এখন হোটেলত নিশাটো থাকিবলৈ কৈ পুৱাই নিৰ্দিষ্ট গন্তব্যস্থানলৈ লৈ যোৱা হ’ব বুলি কৈ প্ৰতিনিধিজন উধাও হয়। বহুবাৰ ফোন কৰিও সংযোগ পোৱা নগ’ল। শেষত নিশাটো তাতে কটাই পুৱাই সকলোৱে নিৰাশ মনে ঘৰমুৱা হ’বলৈ বাধ্য হয়। তিনিচুকীয়ালৈ ঘূৰি আহি তেওঁলোকে তিনিচুকীয়াৰ থানাত এজেহাৰ এখন দিয়ে যদিও পুলিচে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই বুলি শিক্ষাৰ্থী সকলে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে, এই প্ৰবঞ্চনাৰ ঘটনাত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে তিনিচুকীয়া ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ অধ্যক্ষ ৰাজু গোপাল।তেখেত তিনিচুকীয়াৰ প্ৰতিষ্ঠানটোৰ স্থায়ী অধ্যক্ষ যদিও ডিব্ৰুগড়, লাহোৱালকে আদি কৰি একাধিক প্ৰতিষ্ঠানৰো অধ্যক্ষৰ দ্বায়িত্বত আছে। এই মুহূৰ্তত সকলো বঞ্চিত শিক্ষাৰ্থীয়ে আশা কৰে যে প্ৰশাসনে এইজন অধ্যক্ষক সোধা-পোছা কৰিলেই প্ৰবঞ্চকক কৰায়ত্ব কৰিব পৰা যাব।
ইতিমধ্যে ঘটনাৰ তদন্ত কৰি দোষীক উপযুক্ত শাস্তিৰ দাবী তুলি ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্তৰ ওচৰত আবেদন পত্ৰ প্ৰদান কৰাৰ ওপৰিও অসমৰ মুখ্যমন্ত্ৰীলৈও অনুৰূপ আবেদন পত্ৰ প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *