...

ৰাইজৰ ৰোষত ড্ৰাগছ আসক্ত যুৱক

ৰাইজৰ ৰোষত ড্ৰাগছ আসক্ত যুৱক

ৰাইজে ড্ৰাগছসহ আটক কৰি গতালে আৰক্ষীক

চাইন অন ডেস্ক,৩জুন:

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱত ড্ৰাগছসহ হাতে লোটে আটক বলাইপাথাৰ গাঁৱৰ যুৱক শৰিফুল ইছলামক।
বলাইপাথাৰ গাঁৱৰ যুৱক দিলপিয়াৰ ওৰফে বোলাৰ নেতৃত্বত দীৰ্ঘদিনৰ পৰা ড্ৰাৰ্গছৰ ব্যাৱসায় চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।
আজি পুৱাই শৰিফুল ইছলামে ড্ৰাগছ ব্যৱসায়ী ভোলাৰ পৰা ড্ৰাগছ কিনি আহোতে ৰাইজে হাতে লোটে আটক কৰে । ৰাইজে আটক কৰাৰ লগে লগে ড্ৰাগছৰ কণ্টেইনাৰ কেইটা জংঘলৰ মাজত দলিয়াই দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ।
পিছত স্থানীয় ৰাইজে আৰক্ষীক খৱৰ দিয়াত ঘটনাস্থলীত কলগাছিয়া আৰক্ষীক আহি শৰিফুলক থানালৈ লৈ যায়।
লগতে ভোলাৰ ঘৰতো অভিযান চলায় যদিও ভোলাই ইতিমধ্যে পলাবলৈ সক্ষম হয়।
স্থানীয় ৰাইজে ড্ৰাগছ মুক্ত কৰিবলৈ প্ৰশাসনক কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *