...

লাহোৱালৰ ঘোঁৰামৰাত নিশা গুলিচালনা !

লাহোৱালৰ ঘোঁৰামৰাত নিশা গুলিচালনা !

যুৱকক গুলীয়াই পলায়ন দুৰ্বৃত্তৰ
আক্ৰমণত তিনিজন আহত চিকিৎসাধীন
ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য

চাইন অন ডেস্ক,২৩জুলাইঃ

ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰক্ষী থানাৰ অন্তৰ্গত ঘোঁৰামৰা অঞ্চলত মঙলবাৰে নিশা সংঘটিত এক চাঞ্চল্যকৰ গুলিচালনাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিলাসী বাহনত অহা এক অচিনাক্ত দুৰ্বৃত্তৰ দলে দুচকীয়া বাহনত যাত্ৰা কৰি থকা তিনিজন যুৱকক লক্ষ্য কৰি আক্ৰমণ চলাই এজনক গুলীয়াই আহত কৰাৰ লগতে আন দুজনকো প্ৰহাৰ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।জানিব পৰা মতে, চাবুৱাৰ ৰংচঙী কপহোৱা গাঁৱৰ ৰণ্টু গগৈ, দ্বীপজ্যোতি গগৈ আৰু মিথু গগৈ একেখন দুচকীয়া বাহনত ডিব্ৰুগড় অভিমুখে গৈ থকা অৱস্থাত ঘোঁৰামৰা পথত এখন বিলাসী বাহনত অহা অচিনাক্ত দলটোৱে তেওঁলোকৰ পথ আগচি ধৰে। ইয়াৰ পিছতে দুৰ্বৃত্তই ৰণ্টু গগৈলৈ লক্ষ্য কৰি গুলীচালনা কৰে। গুলী তেওঁৰ ভৰিত লগাত তেওঁ গুৰুতৰভাৱে আহত হয়। আনহাতে, দ্বীপজ্যোতি গগৈ আৰু মিথু গগৈয়েও আক্ৰমণত আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ পিছতে দুৰ্বৃত্তৰ দলটোৱে বিলাসী বাহনখন লৈ দ্ৰুতগতিত ঘটনাস্থলীৰ পৰা পলায়ন কৰে। স্থানীয় লোকৰ সহযোগত আহত তিনিওজনক তৎক্ষণাত ডিব্ৰুগড়ৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমান তিনিওজন চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ পাই লাহোৱাল আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। গুলিচালনাৰ প্ৰকৃত কাৰণ, আক্ৰমণকাৰীৰ পৰিচয় আৰু ঘটনাটোৰ সৈতে জড়িত অন্যান্য দিশসমূহ উদ্ঘাটনৰ বাবে আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰাৰ লগতে পলাতক দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ অভিযান অব্যাহত ৰাখিছে। ব্যস্ত ৰাজপথত সংঘটিত এই দুঃসাহসিক গুলিচালনাৰ ঘটনাই বৃহত্তৰ লাহোৱাল অঞ্চলত আতংকৰ সৃষ্টি কৰিছে। আইন-শৃংখলা ব্যৱস্থাক লৈও বিভিন্ন মহলত উদ্বেগ প্ৰকাশ কৰা হৈছে। আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত লোকসকলক অতি শীঘ্ৰে চিনাক্ত কৰি আইনৰ আওতালৈ অনা হ’ব বুলি জানিবলৈ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *