যুক্তৰাজ্য অসম সাহিত্য সভাৰ ২৮তম বাৰ্ষিক অধিবেশন সমাৰোহেৰে অনুষ্ঠিত
প্ৰবাসত অসমীয়া ভাষা-সংস্কৃতি সংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব,তিনিটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত
চাইন অন ডেস্ক,২৩জুলাই:
যুক্তৰাজ্য অসম সাহিত্য সভাৰ ২৮তম বাৰ্ষিক অধিবেশন উত্তৰ ইংলেণ্ডৰ নৰ্থ শ্বিল্ডছত অতি সমাৰোহেৰে অনুষ্ঠিত হয়। সাহিত্য সভাৰ সভাপতি গীতা বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অধ্যাপিকা ড° নিলীমা ভাগৱতী।

উপ-সভাপতি নিৰলা বৰুৱাই মাতৃভাষাৰ গুৰুত্ব ব্যাখ্যা কৰি কয়, “এখন জাগ্ৰত আৰু শক্তিশালী ভাষা নথকা জাতি স্পন্দনহীন হৃৎপিণ্ডৰ দৰে।”
সভাৰ সম্পাদিকা জাহ্নবী গগৈয়ে মুখ্য অতিথি ড° নিলীমা ভাগৱতীক পৰিচয় কৰাই দিয়ে। ড° ভাগৱতীয়ে ভাষণত নৱপ্ৰজন্মৰ উজ্জ্বল ভৱিষ্যৎ গঢ়াত অভিভাৱক আৰু শিক্ষকৰ ভূমিকা বিশেষভাৱে উল্লেখ কৰাৰ লগতে বুৰঞ্জীৰ শিক্ষাক বৰ্তমানৰ সৈতে সংযোগ ঘটাই ভৱিষ্যৎ নিৰ্মাণৰ আহ্বান জনায়।
অনুষ্ঠানত প্ৰধান উপদেষ্টা লাহৰী বৰঠাকুৰে ২০২৬ বৰ্ষৰ স্মৃতিগ্ৰন্থ “প্ৰবাসী দিগন্ত, মৰমী অসম—যুক্তৰাজ্যৰ চুকে-কোণে” উন্মোচন কৰে। তেওঁ কনমানিসকলক অসমীয়া ভাষাৰ সৈতে জড়িত ৰাখিবলৈ সাধুকথা আৰু লোক-সংস্কৃতিৰ চৰ্চাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আনহাতে, ১৪ বছৰীয়া কৰ্নভ বিশ্বাসে শিশু-কিশোৰসকলৰ বাবে নিজে প্ৰস্তুত কৰা অসমীয়া ভাষা শিক্ষাৰ “ভাষাবাদী” নামৰ এপটো প্ৰদৰ্শন কৰে।
অধিবেশনত তিনিটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত হয়। সেই অনুসৰি অসমৰ সকলো শিক্ষানুষ্ঠানত ৪ বছৰৰ পৰা ১৬ বছৰ বয়সলৈ অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ আহ্বান জনোৱা হয়। লগতে শিক্ষক সংকট থকা
ইয়াৰ উপৰিও কবিতা কৰ্মশালা, সাধাৰণ জ্ঞান প্ৰতিযোগিতা আৰু এক মনোমোহা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ভূপেন হাজৰীকাৰ গীত, লোকগীত, আধুনিক সংগীত, নৃত্য আৰু বাদ্য পৰিবেশনে অনুষ্ঠানক অধিক বৰ্ণাঢ্য কৰি তোলে। শলাগৰ শৰাইৰ পাছত “অ’ মোৰ আপোনাৰ দেশ” সমবেত সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে আৰু উপস্থিত সকলোৱে অসমীয়া ভোজৰ সোৱাদ গ্ৰহণ কৰে।