ধুবুৰীৰ আলমগঞ্জ নৱম খণ্ডত উচ্ছেদ অভিযান
অভিযানৰ লক্ষ্য ৫৫০ বিঘা ভূমি
ধুবুৰী,১নৱেম্বৰঃ

প্ৰায় ৫৫০ বিঘা ভূমিত চলিছে এই উচ্ছেদ অভিযান। প্ৰশাসনৰ পূৰ্বৰ জাননীৰ পিছতে উচ্ছেদৰ বাবে চিহ্নিত ভূমিত বসবাস কৰা লোকসকলৰ প্ৰায় ৮০ শতাংশই ইতিমধ্যে স্থান ত্যাগ কৰিছে বুলি জানিব পৰা গৈছে।
উচ্ছেদ অভিযানৰ সময়ছোৱাত আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। বাতৰি লিখা পৰলৈকে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ খবৰ পোৱা হোৱা নাই।