...

ৰাসপূৰ্ণিমাত ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰ দ্বিতীয় বৃন্দাবনলৈ ৰূপান্তৰিত হ’ব : ঋতুপৰ্ণ বৰুৱা

ৰাসপূৰ্ণিমাত ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰ দ্বিতীয় বৃন্দাবনলৈ ৰূপান্তৰিত হ’ব : ঋতুপৰ্ণ বৰুৱা

ডিব্ৰুগড়ত চতুৰ্থ বাৰ্ষিক ৰাসলীলা উদযাপনৰ ব্যাপক প্ৰস্তুতি

২৩ আৰু ২৪ নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী

চাইন অন ডেস্ক,১নৱেম্বৰ:

শ্ৰীকৃষ্ণৰ অপাৰ লীলা-মাধুৰ্য, প্ৰেম, ভক্তি আৰু আধ্যাত্মিক চেতনাৰ অনন্য সমাহাৰ ৰাসোৎসৱক আদৰিবলৈ সাজু হৈছে উজনি অসমৰ সাংস্কৃতিক নগৰী ডিব্ৰুগড়। শাৰদীয় পূৰ্ণিমাৰ পৱিত্ৰ ক্ষণত ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰাসলীলাৰ অমৃতধাৰাৰে মুখৰিত হ’ব ডিব্ৰুগড়ৰ ঐতিহাসিক চৌকিডিঙি খেলপথাৰ। ডিব্ৰুগড় সত্ৰীয়া কলাকৃষ্টি কেন্দ্ৰৰ উদ্যোগত অহা ২৩ আৰু ২৪ নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব শ্ৰীশ্ৰীকৃষ্ণৰ চতুৰ্থ বাৰ্ষিক সম্পূৰ্ণ ৰাসলীলা মহোৎসৱ। এই ৰাসোৎসৱক এক আধ্যাত্মিক আৰু সাংস্কৃতিক মহামিলনক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে।
এই উপলক্ষে ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ প্ৰেক্ষাগৃহত উদযাপন সমিতিৰ সভাপতি নিৰ্মল কান্তি শীলৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক নিলোৎপল কোঁৱৰে আগন্তুক ৰাসোৎসৱ সফল ৰূপায়ণৰ বাবে বিত্তীয় সহযোগিতা, স্মৃতিগ্ৰন্থ প্ৰকাশ আৰু সৰ্বস্তৰৰ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম পৰ্যটন নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাই কয় যে শাৰদীয় বতৰৰ আগমনৰ লগে লগে সমগ্ৰ ৰাজ্যতে ৰাসোৎসৱৰ আধ্যাত্মিক পৰিৱেশে ভক্তপ্ৰাণ ৰাইজৰ মন-প্ৰাণ পুলকিত কৰি তোলে। ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা কেৱল এক ধৰ্মীয় পৰম্পৰাই নহয়, ই হৈছে জীৱাত্মা আৰু পৰমাত্মাৰ মিলনৰ এক অনুপম আধ্যাত্মিক প্ৰকাশ। ডিব্ৰুগড় সত্ৰীয়া কলাকৃষ্টি কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই ৰাসোৎসৱে যাতে ঐতিহাসিক চৌকিডিঙি খেলপথাৰখনক দ্বিতীয় বৃন্দাবনৰ ৰূপত সজাই তুলিব পাৰে, তাৰেই কামনা কৰে তেওঁ। লগতে এই পৱিত্ৰ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ সৰ্বতোপ্ৰকাৰে সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সভাত সমাজকৰ্মী জ্যোতিপ্ৰসাদ কানৈয়ে ৰাসক এক পৰম শ্ৰদ্ধা আৰু ভক্তিৰ অনুষ্ঠান বুলি অভিহিত কৰি কয় যে ৰাসোৎসৱৰ মাজেৰে শ্ৰীকৃষ্ণৰ প্ৰেম, কৰুণা আৰু ভক্তিৰ মহান আদৰ্শ সমাজৰ প্ৰতিটো স্তৰলৈ প্ৰসাৰিত হয়। বিশেষকৈ নৱপ্ৰজন্মক অসমৰ এই চহকী ধৰ্মীয় আৰু সাংস্কৃতিক পৰম্পৰাৰ সৈতে পৰিচিত কৰোৱাৰ লগতে ৰাসোৎসৱত সকলোৰে স্বতঃস্ফূৰ্ত অংশগ্ৰহণ নিশ্চিত কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। বৰুৱাই ৰাসভাগিৰ বাবে সকলো সহযোগিতা আশ্বাস প্ৰদান কৰে। সভাত
কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লেখক ড০ শশীকান্ত শইকীয়াই ভাষণ প্ৰসংগত কয় যে ৰাসে মানুহৰ মাজত থকা ভেদাভেদ আঁতৰাই সকলোকে ভক্তি, প্ৰেম আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰাখে। শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ মাজত নিহিত হৈ থকা আধ্যাত্মিক দৰ্শনে মানুহক মানৱীয় প্ৰমূল্যবোধ আৰু ঐক্যৰ বাণী প্ৰদান কৰে। সমাজৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐক্যৰ ভেটি সুদৃঢ় কৰাত ৰাসোৎসৱৰ ভূমিকা অপৰিসীম বুলিও তেওঁ মন্তব্য কৰে। বিশিষ্ট চিকিৎসক ডা০ জয়ন্তমাধৱ চলিহাই বিগত ৰাসোৎসৱৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি কয় যে পূৰ্বৰ অভিজ্ঞতাই আগন্তুক অনুষ্ঠান অধিক সুন্দৰ আৰু সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰিব। তেওঁ পূৰ্বে উদযাপন সমিতিৰ সভাপতিৰ দায়িত্ব পালন কৰি লাভ কৰা অভিজ্ঞতা সভাত ব্যক্ত কৰাৰ লগতে সকলোকে সমূহীয়া প্ৰচেষ্টাৰে ৰাসোৎসৱ সফল কৰি তোলাৰ আহ্বান জনায়। আনহাতে, ডিব্ৰুগড় মহাবিদ্যালয়ৰ প্ৰবক্তা তথা লেখক প্ৰশান্ত বৰাই এইবাৰৰ ৰাসোৎসৱৰ অন্যতম বিশেষ আকৰ্ষণ হিচাপে ‘ৰসামৃত’ নামৰ এখন আটকধুনীয়া স্মৃতিগ্ৰন্থ প্ৰকাশৰ কথা সদৰী কৰে। শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ ভক্তিৰস, আধ্যাত্মিক চিন্তা-চেতনা আৰু অসমৰ সত্ৰীয়া সংস্কৃতিৰ বিভিন্ন দিশ সন্নিৱিষ্ট হ’বলগীয়া স্মৃতিগ্ৰন্থখনৰ বাবে লেখকসকলক অহা ৭ নৱেম্বৰৰ ভিতৰত নিজৰ লেখা জমা দিবলৈ তেওঁ আহ্বান জনায়। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা লেখক-নিবন্ধকাৰ চন্দন ফুকনে ভাষণ প্ৰসংগত ৰাসক জীৱাত্মাৰ সৈতে পৰমাত্মাৰ মিলনৰ এক পৱিত্ৰ আধ্যাত্মিক উৎসৱ বুলি অভিহিত কৰে। তেওঁৰ মতে, শ্ৰীকৃষ্ণৰ ৰাসলীলা হৈছে ভক্তি, প্ৰেম, ত্যাগ আৰু আত্মসমৰ্পণৰ এক চিৰন্তন দাৰ্শনিক প্ৰকাশ। অসমৰ সত্ৰীয়া সংস্কৃতিৰ ভেটি অধিক সমৃদ্ধ কৰি অহা ৰাসোৎসৱে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে। তেওঁ লগতে জানিবলৈ দিয়ে যে এইবাৰৰ ৰাসলীলা মহোৎসৱ দেশ-বিদেশৰ ৰাসানুৰাগী আৰু ভক্তপ্ৰাণ ৰাইজেও ঘৰত বহি পোনপটীয়াকৈ লাইভ উপভোগ কৰিব পাৰিব। ইয়াৰ জৰিয়তে ডিব্ৰুগড়ৰ ৰাসোৎসৱৰ আধ্যাত্মিক মহিমা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ প্ৰসাৰিত হোৱাৰ এক সুন্দৰ সুযোগ সৃষ্টি হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই পৱিত্ৰ অনুষ্ঠান সফল কৰি তুলিবলৈ সকলোকে নিজৰ সামৰ্থ্য অনুসৰি সময়, শ্ৰম আৰু আৰ্থিক সহযোগিতা আগবঢ়াবলৈ তেওঁ আন্তৰিক আহ্বান জনায়।
সভাত চি এ তথা সমাজকৰ্মী মহাবীৰ বাগাৰীয়া, প্ৰবক্তা চোহনলাল যাদৱ, সাংস্কৃতিক সহঃ সম্পাদক দীপক বৰুৱা, ৰণজিৎ হাজৰিকা, অধ্যাপিকা ৰীতা চুতীয়া নাজিৰ, মমী গগৈ, ব্যৱসায়ী তথা সমাজকৰ্মী জগদীশ আৰু ভাস্কৰ গগৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায় আৰু ৰাসোৎসৱৰ সফলতা কামনা কৰে। সভাত উদযাপন সমিতিৰ সহঃ সম্পাদক পুতুল বৰগোহাঁই, ৰীণা চেতিয়া গগৈ, সহঃ সাংস্কৃতিক সম্পাদক জুলি দিহিঙীয়া, মিনাক্ষী দাস বৰুৱা, বন্দনা পাঠক, প্ৰণালী ফুকন গগৈ, শিল্পী পপী দত্ত কলিতা, বিত্ত সম্পাদক সঞ্জীৱ কুমাৰ জৈন, সহঃ সম্পাদক হেমাৰাণী গগৈ, স্মৃতিগ্ৰন্থ উপ-সমিতিৰ সদস্য মৃদুল ভৰালী, অতিথি আপ্যায়ন বিভাগৰ কুমুদ সোণোৱাল, অনন্ত সোণোৱাল, ৰুক্মিণী হাজৰিকা, পল্লৱী গগৈ, বৰ্ণালী বৰুৱা, মাধুৰীমা লাহন, উপ-সভাপতি ত্ৰিদীপ স্বৰ্গাৰী আৰু যুটীয়া সম্পাদক মোহন তামুলী উপস্থিত থাকে।
যুটীয়া সম্পাদক মোহন তামুলীয়ে আগন্তুক ৰাসোৎসৱ সফল কৰি তুলিবলৈ সকলোৰে সহায়-সহযোগিতা কামনা কৰাৰ লগতে বিশিষ্ট ব্যক্তি আৰু ৰাসানুৰাগীসকলৰ পৰা প্ৰয়োজনীয় আৰ্থিক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।লগতে অহা ১১ নৱেম্বৰত চৌকিডিঙিৰ খেলপথাৰত ৰাসৰ লাই গোটা পোতা কথা সভাক অৱগত কৰে। তেওঁ সভাত উপস্থিত সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
সভাৰ অন্তত আগন্তুক ৰাসোৎসৱ উপলক্ষে প্ৰকাশ পাবলগীয়া ‘ৰসামৃত’ স্মৃতিগ্ৰন্থৰ বাবে উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ ফটো সংগ্ৰহ কৰা হয়। ইয়াৰ পিছতে সভাপতি নিৰ্মল কান্তি শীলে সভাৰ সামৰণি ঘোষণা কৰে। উল্লেখ্য যে ৰাস হৈছে ভক্তি আৰু প্ৰেমৰ এক চিৰন্তন মহোৎসৱ। শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত গোপীসকলৰ আত্মনিবেদনৰ মাজেৰে প্ৰকাশ পোৱা ৰাসলীলাৰ অন্তৰ্নিহিত দৰ্শনে মানৱ জীৱনক পৰম সত্য আৰু পৰমাত্মাৰ সন্ধানৰ পথ দেখুৱায়। এনে এক পৱিত্ৰ আধ্যাত্মিক চেতনাৰে ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই ৰাসোৎসৱে ভক্তি, সংস্কৃতি আৰু সম্প্ৰীতিৰ এক অপূৰ্ব পৰিৱেশ সৃষ্টি কৰিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে। ৰাসপূৰ্ণিমাৰ সেই পৱিত্ৰ ক্ষণত চৌকিডিঙি খেলপথাৰখন যেন ভক্তিৰসত আপ্লুত এক নতুন বৃন্দাবনলৈ পৰিণত হয়, সেয়াই এতিয়া ডিব্ৰুগড়বাসীৰ আন্তৰিক কামনা।

Leave a Reply

Your email address will not be published. Required fields are marked *