ভাৰতীয় জনতা পাৰ্টী ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত দুলিয়াজানৰ অমৃত ৰিজৰ্টত আজি ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম জয়ন্তী উপলক্ষে এখন স্মৃতি চাৰণ সভা অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্ব কৰে ডিব্ৰুগড় জিলাৰ সভাপতি দুলাল বৰাই। সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে দলৰ জ্যেষ্ঠ নেতা তথা জিলা প্ৰাক্তন সভাপতি ড° হৰেন্দ্ৰ নাৰায়ণ।ভাষণ প্ৰসংগত তেখেতে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জীৱনী আৰু ব্যক্তিত্বৰ ওপৰত বক্তব্য প্ৰদান কৰে। উক্ত স্মৃতি চাৰণ সভাত জিলাৰ উপসভাপতিদ্বয় অসীম হাজৰিকা, মধুমিতা দত্ত, জিলাৰ সাধাৰণ সম্পাদকদ্বয় সুশীল তাছা, ভুৱন দত্ত, মহিলা মৰ্চাৰ জিলাৰ সভানেত্রী মামুন গগৈ মিত্র,ডিব্ৰুগড় জিলা পৰিষদৰ প্ৰাক্তন সভানেত্রী ডেইজী ৰাণী শ্যাম ফুকন, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, অসম পেট্ৰকেমিকেলচৰ অধ্যক্ষ বিকুল ডেকাকে প্ৰমুখ্য কৰি জিলাৰ সকলো স্তৰৰ বিষয়-ববীয়া সকল উপস্থিত থাকে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.