“ভাৰতত নিৰ্মিত প্ৰথম ৰপ্তানি-আমদানি জাহাজ পৰিবহণ কন্টেইনাৰে সামুদ্রিক আত্মনিৰ্ভৰতাৰ দিশত ভাৰতৰ এক ঐতিহাসিক অগ্রগতি সূচাইছে” : সর্বানন্দ সোণোৱাল

কন্টেইনাৰ মেনুফেকচাৰিং প্ৰমোচন নীতিয়ে ৭.৯ লাখ টিইইউলৈকে বার্ষিক কন্টেইনাৰ নিৰ্মাণ ক্ষমতা দহগুণ বৃদ্ধিৰ লক্ষ্য লৈছে
“আমি কেৱল জাহাজ পৰিবহণ কণ্টেইনাৰ নিৰ্মাণ কৰা নাই, আমি বিকশিত ভাৰতৰ বাবে এক বিশ্বমানৰ সামুদ্রিক উৎপাদন পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিছোঁ” : সর্বানন্দ সোণোৱাল দাদৰি (উত্তৰ প্ৰদেশ), ৩ জুলাই, ২০২৬ : ভাৰতৰ সামুদ্ৰিক আৰু উৎপাদন খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি উত্তৰ প্ৰদেশৰ দাদৰিস্থিত মেস্ক-কনকৰ ইনলেণ্ড কন্টেইনাৰ ডিপ’ত বিশ্বখ্যাত জাহাজ পৰিবহণ প্ৰতিষ্ঠান এ.পি. ম’লাৰ-মেস্কৰ বাবে ভাৰতত নিৰ্মিত প্ৰথম ৰপ্তানি-আমদানি (EXIM) শ্বিপিং কন্টেইনাৰৰ শুভ উদ্বোধন কৰে৷ এই সফলতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰত, মেক ইন ইণ্ডিয়া আৰু মেৰিটাইম অমৃতকাল ভিজন ২০৪৭-ৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ দৃঢ় সংকল্পক পুনৰ প্ৰতিফলিত কৰিছে বুলি সোণোৱালে উল্লেখ কৰে।

উল্লেখ্য যে, ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এ.পি. ম’লাৰ-মেস্কৰ ছুপাৰভাইজৰি ব’ৰ্ডৰ অধ্যক্ষ ৰবাৰ্ট মেস্ক উগলাৰ সৈতে হোৱা বৈঠকত ভাৰতত বিশ্বমানৰ কণ্টেইনাৰ উৎপাদন উদ্যোগ গঢ়ি তোলাৰ ক্ষেত্ৰত সক্ৰিয় সহযোগিতাৰ আহ্বান জনাইছিল। মাত্র ১৬ মাহৰ ভিতৰতে সেই দৃষ্টিভংগীয়ে বাস্তৱ ৰূপ লাভ কৰে আৰু ভাৰতত নিৰ্মিত
প্ৰথম আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন ৰপ্তানি-আমদানি শ্বিপিং কন্টেইনাৰৰ সফল আৰম্ভণি সম্ভৱ হৈছে।
66

তেওঁ লগতে কয়, “এই সফলতাই কেনেদৰে উৎপাদন, নিয়োগ, দক্ষতা বিকাশ আৰু বৈশ্বিক প্ৰতিযোগিতামূলক সক্ষমতাৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে, সেয়া স্পষ্টভাৱে প্ৰমাণ কৰিছে। আমাৰ চৰকাৰ প্ৰতিটো দৃষ্টিভংগীক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বাস্তৱ ৰূপ দিয়াৰ বাবে দৃঢ়প্রতিজ্ঞ।”
ভাৰতত নিৰ্মিত এই প্রথম কন্টেইনাৰটো আন্তঃৰাষ্ট্ৰীয় মান, বিশেষকৈ আইএছঅ’ নিৰ্দেশনা আৰু ‘ইণ্টাৰনেচনেল কনভেনশ্যন ফ’ৰ ছেফ কন্টেইনাছ (CSC)’ অনুসৰি নিৰ্মাণ কৰা হৈছে, যাৰ ফলত ইয়াক বিশ্বব্যাপী ব্যৱহাৰৰ বাবে উপযুক্ত বুলি গণ্য কৰা হৈছে।
কেন্দ্রীয় বাজেট ২০২৬-ত প্ৰস্তাৱিত ১০,০০০ কোটি টকাৰ উৎপাদন-সংলগ্ন ইনচেন্টিভ (PLI) আঁচনিয়েও দেশীয় কন্টেইনাৰ উৎপাদন ক্ষেত্ৰক অধিক শক্তিশালী কৰাৰ লক্ষ্য লৈছে। এই পদক্ষেপৰ জৰিয়তে ভাৰতৰ আমদানি-
নিৰ্ভৰতা হ্ৰাস, যোগান শৃংখলৰ স্থায়িত্ব বৃদ্ধি আৰু বিশ্বমানৰ উৎপাদন খণ্ড গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
“এই

এই উন্নয়ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ “ মেক ইন ইণ্ডিয়া” আৰু দেশীয় উৎপাদন বৃদ্ধিৰ লক্ষ্যৰ সৈতে সামঞ্জস্যপূর্ণ। এই উদ্দেশ্যে কেন্দ্রীয় বাজেট ২০২৬৩ ঘোষণা কৰা ১০,০০০ কোটি টকা কন্টেইনাৰ মেনুফেকচাৰিং প্ৰমোচন স্কীম” (CMPS) পৰিকাঠামোৰ জৰিয়তে দেশীয় কন্টেইনাৰ উৎপাদন খণ্ডক বিশেষভাৱে উৎসাহিত কৰা হৈছে।
এই আঁচনিৰ অধীনত নতুন “গ্রীণফিল্ড” কন্টেইনাৰ উৎপাদন উদ্যোগ স্থাপন আৰু বিদ্যমান “ব্রাউনফিল্ড” উৎপাদন কেন্দ্ৰসমূহৰ সম্প্ৰসাৰণৰ বাবে মূলধনী ব্যয় (Capex) সহায় আগবঢ়োৱাৰ ব্যৱস্থা ৰখা হৈছে। লগতে দেশীয় উৎপাদন অধিক প্রতিযোগিতামূলক কৰি তুলিবলৈ প্ৰতিটো কন্টেইনাৰৰ ব্যয় ব্যৱধান হ্ৰাস কৰাৰ উদ্দেশ্যে পৰিচালন ব্যয় (Opex ) সহায়ো প্ৰদান কৰা হ’ব৷
ইয়াৰ উপৰিও গৱেষণা আৰু উন্নয়ন (R&D), পৰীক্ষণ ব্যৱস্থা, দক্ষতা বিকাশ আৰু সক্ষমতা বৃদ্ধিৰ ক্ষেত্রতো বিশেষ সহায় আগবঢ়োৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে, যাতে ভাৰতে বিশ্ববজাৰত এক শক্তিশালী সামুদ্রিক উৎপাদন কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে৷
কেন্দ্ৰীয় চৰকাৰে এই সফলতাক ভাৰতৰ সামুদ্রিক উৎপাদন ব্যৱস্থাৰ এক বৃহৎ ৰূপান্তৰৰ আৰম্ভণি হিচাপে বিবেচনা কৰিছে। বৈশ্বিক শ্বিপিং প্ৰতিষ্ঠানসমূহৰ সক্ৰিয় অংশগ্রহণ, চৰকাৰৰ সহায়ক নীতি আৰু দেশীয় সক্ষমতাৰ বিকাশে ভাৰতক শ্বিপিং কন্টেইনাৰ উৎপাদনৰ এক বৈশ্বিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত নতুন সম্ভাৱনা সৃষ্টি কৰিছে।
মোদী চৰকাৰে ইতিমধ্যে ‘মার্চেন্ট শ্বিপিং আইন, ২০২৫’
‘ক’ষ্টেল

কৰা।
৭০ হাজাৰ কোটি টকাৰ জাহাজ নির্মাণ আর্থিক সহায় পেকেজ, প্ৰস্তাৱিত ভাৰত কণ্টেইনাৰ শ্বিপিং লাইন, বিশ্বৰ শীৰ্ষ জাহাজ পুনঃব্যৱহাৰকাৰী দেশ হিচাপে ভাৰতৰ উত্থান, কন্টেইনাৰ প’ৰ্ট পাৰফমেন্স ইনডেক্স ২০২৫-ত ভাৰতৰ তিনিটা বন্দৰ বিশ্বৰ শীৰ্ষ ৩০ৰ ভিতৰত স্থান লাভ কৰা আৰু ৱধাৱন প’ৰ্ট, গালাথিয়া উপসাগৰ আন্তঃৰাষ্ট্ৰীয় কন্টেইনাৰ ট্ৰান্সশ্বিপমেন্ট প’ৰ্ট, টুনা টেক্রা কন্টেইনাৰ টার্মিনেল আৰু আউটাৰ হাৰ্বাৰ কণ্টেইনাৰ টার্মিনেলৰ দৰে বৃহৎ আন্তঃগাঁথনি প্রকল্পসমূহ দ্রুতগতিত আগবঢ়াই নিয়াৰ জৰিয়তে ভাৰতক বিশ্বমানৰ সামুদ্রিক শক্তি হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে চৰকাৰে আগবাঢ়ি গৈছে।
