...

চিত্র পৰিচালক নাট্যকাৰ অৰূপ বৰঠাকুৰৰ পৰলোক

Spread the love

 

 

চিত্র পৰিচালক নাট্যকাৰ অৰূপ বৰঠাকুৰৰ পৰলোক

 

 

নগাঁৱৰ কামপুৰত গভীৰ শোকৰ ছাঁ

 

 

নগাঁও:

“নতুন আশা” চুটি ছবিৰে ১৯৯১ চনত ৰজত কমল বঁটাৰে সম্মানিত নগাঁও জিলাৰ কামপুৰৰ সু-সন্তান অৰূপ বৰঠাকুৰৰ মৃত্যুত অঞ্চলতে গভীৰ শোকৰ ছাঁ পেলাইছে। ১৯৫৮ চনত কামপুৰ ডেকাপতীয়া গাঁৱৰ বৰঠাকুৰ পৰিয়ালত জন্ম গ্রহণ কৰা অৰূপ বৰঠাকুৰে কামপুৰ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ত শিক্ষা আৰম্ভ কৰি নগাওঁ ডচন,আৰ্য বিদ্যাপীঠ স্কুল আৰু সেই কলেজৰ পৰাই হায়াৰ চেকেণ্ডেৰী পাছ কৰি ১৯৭৫ চনত মুম্বাইত কথাছবি পৰিচালনাৰ শিক্ষা গ্রহণ কৰে। কামপুৰৰ বিশিষ্ট সমাজকর্মী কমল বৰঠাকুৰ আৰু বুলু বৰঠাকুৰৰ সন্তান শিল্পী পেঞ্চনাৰ অৰূপ বৰঠাকুৰে কর্মসূত্রে গুৱাহাটীৰ জটিয়াত বসবাস কৰিছিল। চিৰিয়াছ নাট্য কর্মী বৰঠাকুৰে ১৯৮২ চনৰ পৰা তিনিখনকৈ কথাছবিত সহকাৰী পৰিচালক আৰু ‘দেবী’ চিনেমাৰ মুখ্য সহকাৰী পৰিচালক ৰূপে সাংস্কৃতিক পথাৰখনত খোজ পেলায়। বৰঠাকুৰে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত প্রায় ৪৮খন নাটকৰ ভিতৰত ৪০খনত শ্রেষ্ঠ পৰিচালক আৰু সাতবাৰ শ্রেষ্ঠ নাট্যকাৰ বঁটালাভ কৰিছিল। তেওঁৰ পৰিচালিত কথাছবি কেইখন হল ধোঁৱা,দূৰ-সীমনা, মনসা,নবৌ আৰু যোদ্ধা । গুৱাহাটী দুৰদর্শন যোগে প্রচাৰিত ধাৰাবাহিকৰ ভিতৰত অগ্নিপথ,কালচক্র আৰু জোনাক নামিল বনত আদিয়েই প্রধান। চুটি ছবিৰ ভিতৰত আছে ‘দায়ী কোন’,’নতুন প্রভাত’, ‘জীবন সংগ্রাম’ আৰু ‘নতুন আশা’। ২০১২ চনৰ অসম নাট্য সম্মিলনৰ পূৰ্ণাংগ নাট সমাৰোহত বৰঠাকুৰৰ ‘অভিমানে যেতিয়া হৃদয় স্পর্শে’ নাটকখনে শ্রেষ্ঠ নাট্যকাৰৰ সম্মান লাভ কৰে। আজি এই সাংস্কৃতিক কর্মী গৰাকীৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে কামপুৰৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে গভীৰ শোক প্রকাশ কৰিছে। কামপুৰ উন্নতি সাধিনী সভা,কামপুৰ জ্যেষ্ঠ নাগৰিক সম্মিলন,অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, কামপুৰ ছাত্র সমাজ,কামপুৰ প্রাক্তন ছাত্র সমন্বয়ৰক্ষী সমিতি, কৃষক মুক্তি সংগ্রাম সমিতি, কামপুৰ ব্ৰাহ্মণ সমাজ,কামপুৰ প্ৰেছ ক্লাব,কামপুৰ সাংবাদিক সমাজ,কামপুৰ নৱজ্যোতি সমাজ,আছপাছ,আৰোহণ, সমাজকর্মী বিভূতি ভূষণ বৰঠাকুৰ,নিৰঞ্জন বৰা আদিয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে।৬৮বছৰীয়া বৰঠাকুৰে মৃত্যুৰ সময়ত পত্নীৰ উপৰি এজন পুত্ৰ সহ বহু আত্মীয় স্বজন ইহ সংসাৰত এৰি থৈ যায় ।

(ঋতু পৰ্ণ শৰ্মা)

Leave a Reply

Your email address will not be published. Required fields are marked *