ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক কল্যাণ ভূঞাক এডুকেচন এমিনেনচ বঁটা প্ৰদান
চাইন অন ডেস্ক,২৯জুন:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক কল্যাণ ভূঞাক অসমৰ সংবাদগোষ্ঠী New18 অসমে ‘এডুকেচন এমিনেনচ ২০২৬’ বঁটাৰে সন্মানিত কৰিছে। কালি যোৰহাটৰ ক্লাৱৰোডস্থিত ‘ক্লাৱৱে গ্ৰেণ্ড’ শীৰ্ষক বিলাসী হোটেলখনত অনুষ্ঠিত এখন গুৰু গম্ভীৰ সভাত শিক্ষকতা, শৈক্ষিক প্ৰশাসন আৰু গৱেষণাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ স্বীকৃতি স্বৰূপে বিশিষ্ট কবি, গল্পকাৰ তথা অনুবাদক প্ৰাধ্যাপক ভূঞাক এই বঁটাৰে সন্মানিত কৰা হয়।সংবাদ প্ৰতিষ্ঠানটোৰ মুখ্য সম্পাদক পৰাগমণি আদিত্যৰ উপস্থিতিত এই বঁটা প্ৰদান কৰে কেন্দ্ৰীয় বিদেশ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই৷ বঁটা প্ৰদান অনুষ্ঠানত বিধায়কদ্বয় ধীৰাজ গোৱালা আৰু ৰূপজ্যোতি কুৰ্মীও উপস্থিত থাকে৷ চেটেলাইট চেনেলটোৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰখনলৈ প্ৰাধ্যাপক ভূঞাই ইতিমধ্যে অপৰিসীম বৰঙণি আগবঢ়াইছে।
তেওঁ ব্ৰহ্মাণ্ড বিজ্ঞান, কৃষ্ণগহ্বৰৰ পদাৰ্থ বিজ্ঞান তথা বায়ুমণ্ডলীয় বিজ্ঞানৰ লগতে বিজ্ঞানৰ এই শাখাসমূহত মেচিন লাৰ্ণিং আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ বিষয়েও গৱেষণাত ৰত হৈ আছে৷ বিশেষ ধৰণৰ কৃষ্ণ পদাৰ্থৰ উপস্থিতিত কৃষ্ণগহ্বৰৰ ধৰ্মৰ কেনেধৰণৰ পৰিবৰ্তন হয়, সেই বিষয়ে ড° ভূঞা আৰু তেওঁৰ সহযোগী গৱেষকসকলৰ গৱেষণাই বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে৷ এই প্ৰসংগতে উল্লেখ কৰিব পাৰি য়ে বিশ্ববিখ্যাত বিজ্ঞান গৱেষণা পত্ৰিকা নেছাৰে যোৱা এটা বছৰত কৰা গৱেষণাৰ নিৰ্দিষ্ট কিছু
পৰিমাপৰ ওপৰত ভিত্তি কৰি কৰা নেতৃস্থানীয় শিক্ষানুষ্ঠানৰ তালিকাত ডিব্ৰুগড় বিশ্বিবদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগে ৰাষ্ট্ৰীয় পৰ্যায়ত সপ্তম স্থান পাবলৈ সক্ষম হৈছে৷ ড° ভূঞাই শিক্ষকতা আৰু গৱেষণাৰ সমান্তৰালকৈ অনুবাদ, কবিতা আৰু গল্পৰ পৃথিৱীখনতো প্ৰাধ্যাপক গৰাকীৰ সহজ বিচৰণ দেখিবলৈ পোৱা যায়। তেওঁ ইসমত সুগতাইৰ আত্মজীৱনী কাগজী হেই পৈৰহনৰ অসমীয়া অনুবাদ তুলাপাতৰ আভৰণ, য়ুহাল নোৱা হাৰাৰিৰ ছেপিয়েনজ, অমৰ্ত্য সেনৰ আত্মজীৱনী হোম ইন দ্য ৱৰ্ল্ডৰ অনুবাদ পৃথিৱীয়েই মোৰ ঘৰ, গীতাঞ্জলি শ্ৰীৰ বুকাৰপ্ৰাপ্ত উপন্যাস ৰেত সমাধিৰ অনুবাদ বালি সমাধি, কবিতা সংকলন গৰু আৰু অন্যান্য কবিতা প্ৰকাশিত হোৱাৰ নগতে আন কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থৰ সম্পাদনাৰ সৈতেও জড়িত৷ এই কৰ্মৰাজিৰ স্বীকৃতি হিচাপে এই বঁটা প্ৰদান কৰা হৈছে বুলি সূত্ৰটোত কোৱা হৈছে। উল্লেখ্য যে প্ৰাধ্যাপক ভূঞাৰ এই সাফল্যই ডিব্ৰুগড়
বিশ্ববিদ্যালয় পৰিয়ালত এক আনন্দ -মুখৰ পৰিবেশৰ সৃষ্টি কৰে।
ভূঞাৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ অন্য এগৰাকী বিশিষ্ট ব্যক্তি জ্যোতিপ্ৰসাদ কানৈকো ডিব্ৰুগড়ৰ শৈক্ষিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হয়৷