ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীৰ পঞ্চম দীক্ষান্ত সমাৰোহ সম্পন্ন
চাইন অন ডেস্ক,১৮ জুলাই:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীসকলৰ বাবে পঞ্চম দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয়। এই অনুষ্ঠানত জাম্বিয়া, কেনিয়া, লাওছ আৰু য়েমেনৰ পাঁচগৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়।যিসকলে 
এই দীক্ষান্ত সমাৰোহত উপাচাৰ্য জিতেন হাজৰিকা, পঞ্জীয়ক পৰমানন্দ সোণোৱাল আৰু পৰীক্ষা নিয়ন্ত্ৰক প্ৰশান্ত কুমাৰ কাকতিৰ লগতে বিশ্ববিদ্যালয়খনৰ অন্যান্য জ্যেষ্ঠ বিষয়া তথা অধ্যাপক-অধ্যাপিকাসকল উপস্থিত থাকে।
উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ ভিতৰত আছিল জাম্বিয়াৰ ক্লিমেণ্ট মালালা (অৰ্থনীতি বিষয়ত এম.এ.), কেনিয়াৰ গিলবাৰ্ট কিপকেচ কিপটালোম (মাষ্টাৰ অব্ কম্পিউটাৰ এপ্লিকেচন – এম.চি.এ.), কেনিয়াৰে কিপকিৰুই কেফা (মেকানিকেল ইঞ্জিনিয়াৰিং বিষয়ত এম.টেক.), লাওছৰ মাহাখাম জাইয়াবং (ইংৰাজী বিষয়ত এম.এ.) আৰু য়েমেনৰ
সভাত উপস্থিত থকা ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰি উপাচাৰ্য জিতেন হাজৰিকাই উত্তীৰ্ণ শিক্ষাৰ্থীসকলক অভিনন্দন জনায় আৰু বিশ্ববিদ্যালয়খনৰ ক্ৰমবৰ্ধমান গোলকীয় পৰিচিতিৰ কথা উল্লেখ কৰে। তেওঁ কয়, “পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বাচনি কৰা দেখি আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ। তেওঁলোকৰ এই সফলতাই আমি প্ৰদান কৰিবলৈ প্ৰয়াস কৰা শৈক্ষিক প্ৰশিক্ষণ আৰু মাৰ্গদৰ্শনৰ গুণগত মানকে প্ৰতিফলিত কৰে।”
হাজৰিকাই লগতে কয় যে বিশ্ববিদ্যালয়খনে নিজৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত সদায় প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ আশা প্ৰকাশ কৰি কয়, “আমি আশা 
উত্তীৰ্ণ ছাত্ৰসকলৰ ভিতৰত অন্যতম কিপকেচ কিপটালোমে পাঠ্যক্ৰমৰ সময়ছোৱাত আগবঢ়োৱা সুযোগ-সুবিধাসমূহৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাটো এটা লাভজনক অভিজ্ঞতা আছিল। ইয়াৰ অধ্যাপক-অধ্যাপিকাসকলৰ সহযোগিতা আৰু শৈক্ষিক পৰিৱেশে মোক ব্যক্তিগত তথা বৃত্তিগতভাৱে গঢ়ি উঠাত সহায় কৰিলে বুলি মন্তব্য কৰে।
