ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অঘটন
বন বিষয়া গুলিবিদ্ধ
নিজৰ মাৰণাস্ত্রৰ পৰা ফুটিছিল চাৰি জাই গুলি
দলগাঁও,১৮জুলাই:
নিজৰ মাৰণাস্ত্রৰ গুলীত এগৰাকী বন বিষয়া সংকটজনক হৈ পৰাক লৈ দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান অঞ্চলত তীব্র চাঞ্চল্য সৃষ্টি হৈছে । উদ্যানখনত কৰ্তব্য পালন কৰি থকাৰ সময়তে নিজৰেই মাৰণাস্ত্রৰ পৰা ওলোৱা গুলীত বন বিষয়া গৰাকী গুৰুতৰভাৱে আহত হয় । গুলিবিদ্ধ বন বিষয়াগৰাকী মঙলদৈ প্ৰফুল্ল নগৰৰ নিবাসী বিপিন চন্দ্ৰ ডেকা (৫০) বুলি চিনাক্ত কৰা হৈছে । । প্ৰাপ্ত তথ্য অনুসৰি, বন বিষয়া ডেকাই আন দিনাৰ দৰেই
যোৱা নিশা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত নিয়মীয়া তালাচীত নিয়োজিত হৈ আছিল । তালাচী শেষ কৰি তেওঁ যেতিয়া নিজৰ আবাসস্থলীলৈ আহে , তেতিয়াই এক চৰম অঘটন সংঘটিত হয় । আকস্মিকভাৱে তেওঁৰ হাতত থকা চৰকাৰী মাৰনাস্ত্ৰৰ পৰা ধাৰাবাহিকভাৱে চাৰি জাঁইকৈ গুলী ফুটি ওলাই যায় ৷ এই অতৰ্কিত গুলী ফুটাৰ ফলত বিষয়াগৰাকী থিতাতে ঢলি পৰে । চাৰিওজাঁই গুলী ডেকাৰ সোঁহাতৰ বাহুৰে পাৰ হৈ যায় । ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বিষয়া গৰাকী। ঘটনাৰ পিছতেই উদ্যানখনত কৰ্মৰত আন সতীৰ্থসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ৰক্তাত্ব অৱস্থাত পৰি থকা আহত বন বিষয়া ডেকাক ততাতৈয়াকৈ উদ্ধাৰ কৰি মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় । তাত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । বৰ্তমান তেওঁ তাতেই চিকিৎসাধীন হৈ আছে আৰু শেহতীয়া খবৰ অনুসৰি তেওঁৰ অৱস্থা সংকটমুক্ত । ইফালে, ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাত থকা এজন দায়িত্বশীল বন বিষয়াৰ সৈতে এনেদৰে নিজৰ মাৰনাস্ত্ৰৰ পৰা গুলী ওলাই দুৰ্ঘটনা সংঘটিত হোৱা বিষয়টোৱে এতিয়া তীব্ৰ ৰহস্যৰ সৃষ্টি কৰিছে । এয়া কোনো যান্ত্ৰিক বিজুতি আছিল নে অসৱধানতাৰ বাবে এনে হ’ল, তাক লৈ চৰ্চা চলিছে।
Like this:
Like Loading...