ডিব্ৰুগড় টাউন ষ্টেচনত তৎপৰতা ?
চাউলখোৱালৈ ৰে’লৰ পুৰণি শ্লিপাৰ আঁতৰাই দিয়া হল,কিয় ?
চাইন অন ডেস্ক,২২মে’:
যাত্ৰীবাহী ৰে’লৰ সুৰক্ষা অধিক নিশ্চিত কৰা আৰু পৰিচালনাৰ গতি খৰতকীয়া কৰাৰ লক্ষ্যৰে ভাৰতীয় ৰে’লৱেই তিনিচুকীয়া ৰে’ল সংমণ্ডলৰ অধীনত এক বৃহৎ ট্ৰেক নবীকৰণৰ কাৰ্যসূচী হাতত লৈছে। ডিব্ৰুগড় টাউন ৰে’লৱে ষ্টেচনৰ পৰা
চাউলখোৱা পৰ্যন্ত সমগ্ৰ ৰে’লপথছোৱাত বৰ্তমান যুদ্ধকালীন ক্ষিপ্ৰতাৰে পুৰণি শ্লীপাৰ আৰু ৰে’ললাইনসমূহ সলনি কৰাৰ কাম আৰম্ভ হৈছে। ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই সমগ্ৰ প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান ‘প্লাচাৰ এণ্ড থিউৰাৰ’ দ্বাৰা বিকশিত অত্যন্ত অত্যাধুনিক ‘প্লাচাৰ্ছ কুইক ৰিলেয়িং ছিষ্টেম’ ব্যৱহাৰ কৰা হৈছে। ভাৰতীয় ৰে’লৱেই বৰ্তমান সময়ত বহুলভাৱে ব্যৱহাৰ কৰা এই যান্ত্ৰিক পদ্ধতিটোৰ বিশেষত্ব এয়াই যে ইয়াৰ জৰিয়তে পুৰণি, ক্ষয়প্ৰাপ্ত ট্ৰেকসমূহ আঁতৰাই থকাৰ সমান্তৰালভাৱে একেটা নিৰৱচ্ছিন্ন প্ৰক্ৰিয়াৰে অতি কম সময়ৰ ভিতৰত নতুন ৰে’ললাইন আৰু শ্লীপাৰসমূহ বহুৱাব পৰা যায়। এই আধুনিক যন্ত্ৰৰ ব্যৱহাৰে পৰম্পৰাগত পদ্ধতিৰ তুলনাত কামৰ গতি বহুগুণে বৃদ্ধি কৰাৰ লগতে ৰে’লপথ নিৰ্মাণৰ নিখুঁততাক এক নতুন মাত্ৰা প্ৰদান কৰে। এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে এই ব্যস্ত ৰে’লপথছোৱাত ৰে’ল দুৰ্ঘটনাৰ আশংকা হ্ৰাস পোৱাৰ লগতে ৰে’লসমূহ পূৰ্বতকৈ অধিক গতিৰে আৰু সুকলমে চলাচল কৰিব পাৰিব বুলি আশা কৰা হৈছে।
Like this:
Like Loading...