...

ডিব্ৰুগড় মেডিকেল কলেজত ‌খালি হৈ আছে প্ৰায় ৬০০ টাকৈ বিষয়া-কৰ্মচাৰীৰ পদ!

Spread the love

ডিব্ৰুগড় মেডিকেল কলেজত ‌খালি হৈ আছে প্ৰায় ৬০০ টাকৈ বিষয়া-কৰ্মচাৰীৰ পদ!

মুখ্যমন্ত্ৰীয়ে আৰু বিকাশৰ ফটা ঢোল কিমান বজাব ?

জ্যেষ্ঠ সাংবাদিক শৰৎচন্দ্ৰ নেওগৰ গুৰুত্বৰ অভিযোগ

 

চাইন অন ডেস্ক:

বিকাশ বিকাশ আৰু বিকাশ বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বশৰ্মাই অসমৰ সৰ্বাংগীন উন্নয়ন হোৱা বুলি যিমানে জয়ঢোল কোবাই আহিলেও সেইয়া যে প্ৰকৃততে এটা ফটা ঢোলহে, সেই কথা এতিয়া অসমৰ মানুহে বুজি উঠিছে। নিবনুৱা সমস্যাত ৰাজ্যৰ লাখ লাখ নিবনুৱা ভাৰাক্ৰান্ত হৈ থকাৰ অৱস্থাতো আৰ্থিক দুৰৱস্থাৰ বাবেই, হাজাৰ কোটি টকা বেংকৰ ঋণ লৈও ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন বিভাগত খালি হৈ থকা বহু অনুমোদিত পদ পূৰণ কৰিব পৰা নাই বুলি সংবাদ মাধ্যম যোগে সময়ে সময়ে প্ৰকাশ হৈ অহা আমি দেখি আহিছোঁ।আনহে নেলাগে উজনি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম প্ৰধান স্বাস্থ্য আৰু চিকিৎসা শিক্ষাৰ অনুষ্ঠান অসম চিকিৎসা মহাবিদ্যালয়তো একে ঘটনাকে ঘটা দেখিবলৈ পোৱা গৈছে।এইখন অসম চিকিৎসাৰ মহাবিদ্যালয়ৰ কাম কাজ সুচাৰুৰূপে চলাবলৈকে প্ৰয়োজনীয় পদ সমূহ চৰকাৰে পূৰণ কৰিব পৰা নাই। লাখ লাখ টকা ব্যয়েৰে ৰাজ্যত এখনৰ পাছত সিখনকৈ ন ন মেডিকেল কলেজ বনাইছে, ইতিমধ্যে থকা মেডিকেল কলেজতো ইটোৰ পিছত সিটোকৈ নতুন নতুন বিল্ডিং জনাইছে, অত্যাধুনিক যন্ত্ৰপাতি আনিছে, কিন্তু সেইবোৰ পৰিচালনা কৰিবলৈ বিষয়া-কৰ্মচাৰীৰ অভাবে দেখা দিছে। ফলত উপযুক্ত সেৱাৰ পৰা সংশ্লিষ্ট ৰাইজ যেনেকৈ বঞ্চিত হৈছে তেনেকৈ সীমিত বিষয়া-কৰ্মচাৰীয়ে খালি হৈ থকা পদ সমূহৰ কামো অত্যাধিক বোজা লৈও কৰিব লগাত পৰিছে। প্ৰাপ্ত তথ্য মতে ডিব্ৰুগড়ৰ এই অসম চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন বিভাগত আজিৰ তাৰিখত বিষয়া-কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈকে আৰু অধ্যাপক অধ্যাপিকাৰ পৰা আৰম্ভ কৰি পৰিচাৰিকালৈকে খালি হৈ আছে সৰ্বমুঠ ৫৭৬ টা পদ। গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই যে, মেডিকেল কলেজখনৰ বাবে অত্যন্ত জৰুৰী অধ্যক্ষ, উপাধ্যক্ষ, অধীক্ষক আৰু উপ-অধীক্ষক, এই চাৰিটা পদেই খালি হৈ আছে বহু বছৰ ধৰি। হাজাৰ কোটি টকাৰ বেঙ্কৰ ধাৰত চলি থাকিও চৰকাৰী অনুমোদিত এনেবোৰ গুৰুত্বপূৰ্ণ পদ পূৰণ কৰিব নোৱৰাটোৱে ৰাজ্যখনৰ চৰম বিত্তীয় সংকটৰ কথাকে সূচায়। — সংবাদ মাধ্যমৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত এই অভিযোগ উত্থাপন কৰিছে জ্যেষ্ঠ সাংবাদিক শৰৎচন্দ্ৰ নেওগে।
বাৰ্তাটোৰ যোগে সাংবাদিক নেওগে লগতে জানিবলৈ দিয়ে যে, মেডিকেল কলেজখনত বৰ্তমান খালি হৈ থকা পদৰ তথ্য বিচাৰি তেখেতে মেডিকেল কলেজৰ কৰ্তৃপক্ষলৈ তথ্য জনা অধিকাৰ আইনৰ যোগেদি এখন আবেদন কৰিছিল আৰু প্ৰত্যোত্তৰত মেডিকেল কলেজৰ অধ্যক্ষই চিঠি নং ২০২৫/এ এম চি/১৩৭৮১,তাৰিখ-৮/১০/২৫ মৰ্মে উল্লিখিত তথ্যকেইটা প্ৰদান কৰে। প্ৰদত্ত তথ্যসমূহত উল্লেখ আছে যে, খালি হৈ থকা অধ্যক্ষ, উপাধ্যক্ষ, অধীক্ষক আৰু উপ-অধীক্ষক এই চাৰিটা পদৰ উপৰিও ৬ জনকৈ অধ্যাপক,১৪ জনকৈ সহযোগী অধ্যাপক, ১২ জনকৈ সহকাৰী অধ্যাপক, ৬৮ টা পঞ্জীয়ক, পৰিদৰ্শক, পেথলজিষ্টকে ধৰি খালি হৈ থকা বিষয়া পৰ্যায়ৰ পদৰ সংখ্যা ১৩৫ টা। অৰ্থাৎ চৰকাৰৰ অনুমোদিত পদৰ সংখ্যা ৪৯৪ টা আৰু তাৰ বিপৰীতে বৰ্তমান পূৰ্ণ হৈ আছে ৩৫৯ টা পদ। সেইদৰে বিভিন্ন অনুমোদিত মুঠ ১১৬ টা পৰিচাৰিকা পদৰ বিপৰীতে বৰ্তমান পূৰণ হৈ আছে ৭৯ টা পদহে, অৰ্থাৎ খালি হৈ থকা পদৰ সংখ্যা হʼল ৩৭ টা। তাৰ লগত খালি হৈ থকা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ১১২ টা পদ ধৰিলে মুঠ খালি হৈ থকা পদৰ সংখ্যা হয়গৈ ১৪৯টা পদ। ইয়াৰ উপৰিও উচ্চবৰ্গ সহায়ক, নিন্মবৰ্গ সহায়ক, লেবৰেটৰী টেকনিচিয়ান আদি থাকিবলগীয়া অনুমোদিত পদৰ সংখ্যা হʼল ১৮১ টা, তাৰ বিপৰীতে বৰ্তমান পূৰ হৈ আছে ১৩৫ টা পদহে, অৰ্থাৎ ইয়াতো খালি হৈ আছে ৪৬ টা পদ। সেইদৰে চতুৰ্থ বৰ্গৰ মুঠ ৫২৪ টা অনুমোদিত পদৰ বিপৰীতে বৰ্তমান পূৰণ হৈ আছে ৪৩২ টা পদ, ইয়াতো খালি হৈ আছে ৯২ টা পদ। এইদৰে সকলোবোৰ খালি পদ একত্ৰিত কৰিলে মুঠ খালি হৈ পৰি থকা পদৰ সংখ্যা হয়গৈ ৫৭৬ টা পদ। ইমান বৃহৎ সংখ্যক বিষয়া-কৰ্মচাৰী-অধ্যাপক-পৰিচাৰিকা আদি নথকাকৈ ইয়াত কৰ্মৰত সকলো স্তৰৰ কৰ্মচাৰীয়ে যেনেকৈ অত্যাধিক কামৰ বোজা বহন কৰিবলগীয়া হৈছে, তেনেদৰে ইয়াত শিক্ষা গ্ৰহন কৰা শিক্ষাৰ্থী সকলেও নিশ্চিত ভাবে যথোপযুক্ত শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে আৰু ঠিক একেদৰে ইয়ালৈ চিকিৎসাৰ বাবে অহা ৰোগীয়েও উপযুক্ত চিকিৎসা সেৱা লাভৰ পৰা বঞ্চিত হʼবলগীয়া হৈছে।
সাংবাদিক শৰৎচন্দ্ৰ নেওগে বিবৃতিটোত এই কথাও প্ৰকাশ কৰে যে,তথ্য বিচাৰি কৰা আবেদন পত্ৰত এই তথ্যও বিচাৰিছিল যে, খালি হৈ থকা পদ সমূহ পূৰণৰ বাবে ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ কিবা পত্ৰ আদি লেখিছিল নেকি আৰু যদি লেখিছিল প্ৰত্যুত্তৰত কি জনালে। কিন্ত্ত এই ক্ষেত্ৰত মেডিকেলৰ অধ্যক্ষই কোনো কথা জানিবলৈ নিদি কেৱল “বিষয়টো চৰকাৰৰ ” বুলি উল্লেখ কৰি থলে।
কেৱল সভাই-সমিতিয়ে বিকাশৰ কথাৰ ফুলজাৰী মৰাতে ব্যস্ত নেথাকি, কেৱল খনে-খনে ফ্লাই অ’ভাৰ নিৰ্মাণ কৰা আৰু নতুন নতুন বিল্ডিং আদি নিৰ্মাণ কৰাতে আবদ্ধ নেথাকি, ৰাজ্যখনৰ বিভিন্ন কাৰ্যালয় আদিৰ লগতে ডিব্ৰুগড়ৰ এই ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয়ত বছৰ বছৰ ধৰি খালি হৈ থকা শ শ অনুমোদিত অপূৰণীয় পদ সমূহো পূৰণ কৰিব পাৰিলেহে প্ৰকৃততে বিকাশ ঘটিব পাৰিব বুলি কব পৰা যাব। আশাকৰোঁ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও বিবৃতিটোত প্ৰকাশ।

Leave a Reply

Your email address will not be published. Required fields are marked *