ডিব্ৰুগড়ত পৱিত্ৰ ঈদ-উদ-জোহা পালনৰ ব্যাপক প্ৰস্তুতি
ঈদগাহ-মজজিদসমূহ সজাই তোলা হৈছে
চাইন অন ডেস্ক,২৪মে’:

ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰত থকা “ডিব্ৰুগড় ঈদগাহ” সমিতিৰ সভাপতি আলহজ আমান উল্লা আনচাৰি আৰু সম্পাদক আলহজ চৌকত আলিয়ে জানিবলৈ দিয়ে যে “ডিব্ৰুগড় ঈদগাহ ময়দান”ত ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হ’ব ২৮ মে’ৰ পুৱা ঠিক ৮-০০(আঠ) বজাত। এই নামাজত ঈমামতি কৰিব ডিব্ৰুগড়ৰ ডিব্ৰুজান মছজিদৰ পেচ ইমাম মৌলানা আলহজ চবিৰ আহমেদে। ঈদগাহত ঈদৰ নামাজ পঢ়িবলৈ আহোঁতে লগত নিজৰ নিজৰ জায়নামাজ বা কাপোৰ আনিবলৈ ঈদগাহ সমিতিয়ে ৰাইজক অনুৰোধ জনায় লগতে কিবা থাকিলে ৬০০২০৮৯১৯৯যোগোযোগ কৰিবলৈ কৰিব পাৰে বুলি বিবৃতিযোগে জনায়।ডিব্ৰুগড়ৰ আমোলাপট্টিত থকা আলহজ জালাল উদ্দিন আহমেদ ঈদগাহত ঈদৰ নামাজ সম্পন্ন হব পুৱা ৮-৪৫ বজাত। এই ঈদগাহ কমিটিৰ সম্পাদক জাৱেদ ৰহমানে জানিবলৈ দিয়া মতে ঈদৰ নামাজত ঈমামতি কৰিব অসম জামিউল উলুম মাদ্ৰাছাৰ মুখ্য মৌলানা আলহজ মঞ্জুৰ আহমেদে। নালিয়াপুল জামে মছজিদত ঈমামতি কৰিব পেচ ইমাম মৌলানা চৈয়দ মোবাৰক হুছেইনে। কনভয় ৰোডৰ ন-মছজিদত নামাজত ঈমামতি কৰিব মৌলানা ইনামুল আলি। নামাজ অনুষ্ঠিত হব পুৱা ৮-০০ বজাত।

ডিব্ৰুগড় জিলা হিলাল কমিটিৰ সভাপতি তথা প্ৰাক্তন জিলা সদৰ কাজী আলহজ মৌলানা আইনান জুবেৰি আৰু সম্পাদক আলহজ নাচিমুল গণিয়ে সকলোকে ঈদৰ শুভেচ্ছা জনাই কয় যে দেশৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড়তো অহা ২৮ মে’ ত ডিব্ৰুগড়ত থকা দুখন ঈদগাহৰ লগতে চহৰখনত অন্তৰ্গত ২৯ টা মছজিদতো ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হ’ব আৰু এই ক্ষেত্ৰত হিলাল কমিটিৰ তৰফৰ পৰা সকলোকে শান্তি সম্প্ৰীতি অটুট ৰাখি চৰকাৰৰ নিৰ্দ্দেশনা পালন কৰি, শান্তিপূৰ্ণ ভাৱে ঈদ উদযাপন কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছে।
ঈদ উপলক্ষে বিভিন্ন জনে শুভেচ্ছা বাণী পঠিয়াইছে। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ সৈকত পাত্ৰ, ডিব্ৰুগড়ৰ জাকাত এণ্ড ইমদাদ ফাউণ্ডেচনৰ সভাপতি ডাঃ চাজিদ আহমেদ, সম্পাদক নাচিৰ চুলতান, চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ সভাপতি চেহিৰ আহমদ, সম্পাদক এম হাছিম আলী (সাময়িক ছুটিত), ভাৰপ্ৰাপ্ত সম্পাদক আব্দুল চাজিদ , ডিব্ৰুগড় ঈদগাহ সমিতিৰ 