...

ডিব্ৰুগড়ৰ উৰণীয়া সেঁতু জুবিন গাৰ্গৰ নামত নামকৰণৰ দাবী

ডিব্ৰুগড়ৰ উৰণীয়া সেঁতু জুবিন গাৰ্গৰ নামত নামকৰণৰ দাবী

চাইন অন ডেস্ক:

ডিব্ৰুগড়ত “আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ”ৰ সন্মূখত থকা ড° লীলা গগৈ উৰণীয়া সেঁতুৰ সমীপত “জুবিন গাৰ্গ”ৰ আত্মাৰ সদ্গতি কামনা কৰি জাতীয় ঐক্য পৰিষদ অসম, আৰু ৰাইজৰ সহযোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে আকাশবাণী ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ আৰু দূৰদৰ্শন কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সঞ্চালক লোহিত ডেকা । পৰিষদৰ মুখ্য উপদেষ্টা নাচিৰ চুলতান, উপদেষ্টা মনিৰ উদ্দিন আহমেদ, সভাপতি ইমৰাণ হুছেইন, প্ৰচাৰ সম্পাদক কমৰুজ আহমেদৰ লগতে সম্পাদক আৰু অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকি শ্ৰদ্ধাৰে মহান শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে স্মৰণ কৰে। জাতীয় ঐক্য পৰিষদৰ সাংস্কৃতিক সম্পাদক ৰাতুল আলিয়ে লগতে ৰাইজৰ উপস্থিতিত -“আমোলাপট্টী- পাচঁআলি সংযোগী পথ”ত নিৰ্মান হ’বলগীয়া উৰণীয়া সেঁতুখন মহান শিল্পী “জুবিন গাৰ্গ”ৰ নামেৰে নামকৰণ কৰাৰ বাবে সৰ্বসন্মতিক্ৰমে ক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *