...

ডিব্ৰুগড়ৰ বি ছি পি এলত সতৰ্কতা সজাগতা সপ্তাহ পালন

Spread the love

ডিব্ৰুগড়ৰ বি ছি পি এলত সতৰ্কতা সজাগতা সপ্তাহ পালন

চাইন অন ডেস্ক:

 

 

 

কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ নির্দেশনা অনুসৰি “সতৰ্কতা — আমাৰ যৌথ দায়িত্ব” শীৰ্ষক বিষয়ত ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ পলিমাৰ লিমিটেড (বিছিপিএল) এ সতৰ্কতা সজাগতা সপ্তাহ ২৭ অক্টোবৰৰ পৰা ২ নৱেম্বৰলৈকে উদযাপন কৰে। এই অনুষ্ঠানত সকলো কৰ্মচাৰীয়ে পৰিচালন সঞ্চালক প্ৰাঞ্জল চাংমাইৰ উপস্থিতিত শপত গ্ৰহণ কৰে।সপ্তাহজোৰা বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হয় যত নাগৰিক সকলৰ অংশগ্ৰহণৰ জৰিয়তে সামাজিক জীৱনত সততা আৰু ন্যায়নিষ্ঠাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হবলৈ আহ্বান জনায়। বিভিন্ন প্ৰশিক্ষণ, অনলাইন কুইজ প্ৰতিযোগিতা, প্ৰবন্ধ , প্ৰতিযোগিতা লগতে শ্লোগান প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই সতৰ্কতা সামৰণি অনুষ্ঠান বিছিপিএলৰ প্রশাসনিক ভবনত অনুষ্ঠিত হয়। মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্য প্ৰশাসনিক বিষয়া প্ৰাঞ্জল চাংমাই। সামৰণি অনুষ্ঠানত বি চি পি এলৰ জ্যেষ্ঠ বিষয়া পৃথ্বীৰাজ দাস, জয়ন্ত পাংগিং, হিতাংশু পালৰ লগতে বিছিপিএলৰ জ্যেষ্ঠ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে

Leave a Reply

Your email address will not be published. Required fields are marked *