ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন
চাইন অন ডেস্ক:
আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস।মাতৃভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ আৰু লগতে সকলো ভাষা সংৰক্ষণ কৰাৰ উদ্দেশ্যেৰে ২১ ফ্ৰেব্ৰুৱাৰীত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনা সম জিলাৰ উচ্চশিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান হাৰ্হি মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক মাতৃভাষা দিৱসটি পালন কৰা হয়।মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীন মাণ নিৰূপণ কোষৰ সহযোগত মহাবিদ্যালয়ৰ পেক্ষাগৃহত আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি ‘শিক্ষাত মাতৃভাষাৰ ভূমিকা আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা’ শীৰ্ষক এক 
মহাবিদ্যালয়ৰ গৰিষ্ঠসংখ্যক অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷
