এমাহত চতুৰ্থবাৰৰ বাবে মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে
ডিব্ৰুগড়ৰ মাজমজিয়াত সংঘটিত ঘটনাই জোকাৰি গৈছে!
চাইন অন ডেস্ক,২৮জুলাই:
ডিব্ৰুগড় মহানগৰত পুনৰ সংঘটিত হয় ডিঙিৰ চেইন কাঢ়ি নিয়াৰ এক চাঞ্চল্যকৰ ঘটনা।জানিব পৰা অনুসৰি দেওবাৰে পুৱা প্ৰায় ৭ বজাত ডিব্ৰুগড়ৰ চৌকিডিঙী চাৰিআলিত বাইকত অহা দুজন হেলমেট পৰিহিত দুষ্কৃতিকাৰীয়ে দিন-দুপৰতে এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি লৈ যায়।
ভুক্তভোগী মহিলাগৰাকীক চিৰিং চাপৰিৰ বাসিন্দা তথা লোকনির্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা ৰঞ্জন হাজৰিকাৰ পত্নী ৰীতা দাস বুলি চিনাক্ত কৰা হৈছে। দুয়োগৰাকী অভিযুক্তই ডিঙিৰ চেইন টানি পলকতে 
ঘটনাৰ বিবৰণ দি ৰীতা দাসে কয় যে, ‘তেওঁলোক পিছফালৰ পৰা ইমান দ্ৰুতগতিৰে আহিছিল যে কি ঘটিল মই বুজিয়েই নাপালোঁ। এটা মুহূৰ্তত চেইনডাল মোৰ ডিঙিত আছিল আৰু পিছৰ মুহূৰ্ততে সেয়া নাইকিয়া হৈ পৰিল। মই অলপ দূৰ খেদি গৈছিলো যদিও তেওঁলোকে দ্ৰুতগতিৰে বাইক চলাই পলায়ন কৰে।কেৱল এমাহৰ অলপ বেছি দিনৰ ভিতৰতে ডিব্ৰুগড়ত এইটো চতুৰ্থটো চেইন কাঢ়ি নিয়াৰ ঘটনা।যিয়ে ডিব্ৰুগড় মহানগৰীৰ এক উদ্বেগজনক পৰিস্থিতিৰ দিশ পৰিস্ফুট কৰি তুলিছে।এই ধাৰাবাহিক ঘটনাই জিলাখনৰ ৰাইজক আতংকিত কৰাৰ লগতে আৰক্ষীৰ ভূমিকাৰ ওপৰতো সাধাৰণ ৰাইজৰ বহু প্ৰশ্ন উত্থাপিত হৈছে।দিনে-ৰাতিয়ে আৰক্ষীয়ে গিজগিজাই থকা,প্ৰায়বোৰ অঞ্চলত নাকা তালাচী বহুৱা,মুখত পাইপ ভৰোৱাতে ব্যস্ত থকা ডিব্ৰুগড়ৰ আৰক্ষী যেন এই ক্ষেত্ৰত কিছু নিস্প্ৰভ।উল্লেখ্য যে ২২ জুনত ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰতে এজন ব্যক্তিৰ পৰা প্ৰায় ১২ লাখ টকা মূল্যৰ দুডাল সোণৰ চেইন কাঢ়ি নিয়া হৈছিল। তেনেদৰেই ৮ জুলাইত ডিব্ৰুগড় ডেভেলপমেণ্ট এৰিয়াৰ বাইলেন-এ’ত খোজ কাঢ়ি গৈ থকা অৱস্থাত এগৰাকী মহিলাই সোণৰ চেইন হেৰুৱাবলগীয়া হয় আৰু ১৯ জুলাইত শ্ৰীশ্ৰী জগন্নাথ মন্দিৰৰ প্ৰৱেশদ্বাৰৰ সমীপতো আন এগৰাকী মহিলাৰ পৰা দিন-দুপৰতে একেদৰে চেইন কাঢ়ি নিয়া হয়।চাৰিওটা ঘটনাতে দুষ্কৃতিকাৰীৰ কাৰ্যপ্ৰণালী একেই আছিল। এখন বাইকত অহা দুজন ব্যক্তিয়ে,ৰাইজে ঘটনাৰ উমান পোৱাৰ পূৰ্বেই ডিঙিৰ চেইন কাঢ়ি লৈ নিমিষতে উধাও হয়। অঞ্চলকেইটাত সংস্থাপিত চিচি টিভি কেমেৰাত এই সকলোবোৰ ঘটনা বন্দী হৈছে যদিও আৰক্ষীয়ে এতিয়ালৈকে এজনো অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাতো যথেষ্ট উদ্বেগৰ বিষয়।ঘটনাৰ সন্দৰ্ভত চৌকিডিঙীৰ এজন বাসিন্দাই কয়, ‘প্ৰতিটো ঘটনাৰে চিচিটিভি ফুটেজ থকাৰ পিছতো আৰক্ষীয়ে এজনো অপৰাধীক কৰায়ত্ব কৰিব নোৱাৰাটো অতি আচৰ্যজনক কথা।এনেবোৰ কাৰ্যকলাপে মহানগৰত সক্ৰিয় হৈ থকা অপৰাধীসকললৈ কেনে বাৰ্তা প্ৰেৰণ কৰিছে ?
ৰাইজে অভিযোগ উত্থাপন কৰা মতে, মহানগৰখনত থকা নিৰীক্ষণ ব্যৱস্থাৰ শোচনীয় অৱস্থাৰ বাবেই আৰক্ষীয়ে এনে গোচৰৰ তদন্তত সফলতা লাভ কৰিব পৰা নাই। ডিব্ৰুগড়ৰ বিভিন্ন ট্ৰেফিক পইণ্ট আৰু অন্যান্য গুৰুত্বপূৰ্ণ স্থানত আৰক্ষীয়ে সংস্থাপন কৰা বুজন সংখ্যক চিচিটিভি কেমেৰা বিগত এক বছৰৰো অধিক সময় ধৰি বিকল হৈ থকা বুলি জানিব পৰা গৈছে। যাৰ ফলত ৰাজহুৱা স্থানত মুকলিকৈ অপৰাধ সংঘটিত হোৱাৰ পিছতো তদন্ত প্ৰক্ৰিয়াত তীব্ৰ বাধাৰ সৃষ্টি হৈছে।
স্থানীয় বাসিন্দা গৰাকীয়ে পুনৰাই কয়, ‘আমি কেৱল চিচিটিভি ফুটেজ পৰীক্ষা কৰি থকাৰ কথাহে শুনিবলৈ পাওঁ, কিন্তু ইয়াৰ ফলাফল ক’ত ? এই কেমেৰাবোৰ জৰুৰীভাৱে মেৰামতি কৰাৰ প্ৰয়োজন, অন্যথা এনে ঘটনা পুনৰাবৃত্তি হৈয়েই থাকিব।এমাহত চাৰিটাকৈ চেইন কাঢ়ি নিয়াৰ ঘটনা সংঘটিত হোৱাৰ পিছতো অপৰাধীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হোৱাত এতিয়া ডিব্ৰুগড় আৰক্ষীৰ ওপৰত হেঁচা বৃদ্ধি পাইছে।মহানগৰখনত আৰক্ষীৰ টহল বৃদ্ধি কৰা, বিকল চিচিটিভি নেটৱৰ্কসমূহ পুনৰ সক্ৰিয় কৰা আৰু আইন-শৃংখলা ব্যৱস্থাৰ ওপৰত ৰাইজৰ বিশ্বাস ঘূৰাই আনিবলৈ জৰুৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ সচেতন ৰাইজে দাবী জনাইছে।