...

বালিপৰাত আত্মনিৰ্ভৰ অসমৰ হিতাধিকাৰীসকলৰ

বালিপৰাত আত্মনিৰ্ভৰ অসমৰ হিতাধিকাৰীসকলৰ

সৈতে উদ্যোগ-বাণিজ্য মন্ত্ৰী বিমল বৰাৰ মত- বিনিময়

বালিপৰা,৩১অক্টোবৰ:

শোণিতপুৰৰ বালিপৰাত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে আজি মত বিনিময় কৰে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই । ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিপৰাৰ সৰুপাটগাঁৱৰ প্ৰেক্ষাগৃহত এই উপলক্ষ্যে অনুষ্ঠিত কৰা হয় এক বিশেষ মত-বিনিময় অনুষ্ঠান। অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতীয়ে। উল্লেখ্য যে, আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ইতিমধ্যে ৰঙাপৰা সমষ্টিৰ ৬০৩ গৰাকী যুৱক-যুৱতীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। অনুষ্ঠানত হিতাধিকাৰীসকলৰ সৈতে আঁচনিখনৰ বিভিন্ন দিশ সন্দৰ্ভত মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে। লগতে সৰুপাট গাঁও স্থিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল আচনিৰ টকা লাভ কৰি আত্মনিৰ্ভৰশীলতাৰ পথ বিচাৰি নিৰ্মান কৰা এখন ফুলৰ নাৰ্ছাৰি পৰিদৰ্শন কৰে মন্ত্ৰী বিমল বৰাই। সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ শিক্ষিত যুৱক-যুৱতীসকলৰ লগতে অন্য দিশত পাৰদৰ্শী যুৱক-যুৱতীসকলে যাতে কৰ্মসংস্থাপন, আত্মসংস্থাপন লাভ কৰিব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনি ইতিমধ্যে ৰাজ্যত বলৱৎ কৰা হৈছে । উদ্যমী যুৱক-যুৱতীসকলক দুই লাখৰপৰা পাঁচ লাখ টকাপৰ্যন্ত আৰ্থিক সহযোগ চৰকাৰে আগবঢ়াইছে । প্ৰথম পৰ্যায়ত চৰকাৰে ২৫ হাজাৰ যুৱক-যুৱতীক সামৰি লোৱা হৈছিল । ইয়াৰে ২২ হাজাৰ ৫৪৮ গৰাকীক ২ লাখকৈ টকা দিয়া হৈছিল । ইয়াৰে ২২১ গৰাকী প্ৰফেশ্বন্যল ইণ্টাৰপ্ৰীনিঊৰক ৫ লাখকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছিল । অসম চৰকাৰে নিয়োগ সৃষ্টিৰে ব্যৱসায়-বাণিজ্যৰ সৰ্বাংগীণ উন্নয়নৰ হকে চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে । ব্যৱসায়ত উন্নতিৰ বাবে অধ্যৱসায় লাগে । অসমত আজি বিভিন্ন উদ্যোগী আহিছে । বৃহৎ উদ্যোগ, ক্ষুদ্ৰ উদ্যোগৰ সমান বিকাশ হৈছে । ” অনুষ্ঠানটোত জিলা আয়ুক্ত আনন্দ কুমাত দাস, ৰঙাপৰা সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব কৃষ্ণ কমল তাঁতি, জিলা বিজেপিৰ সভানেত্ৰী মধুস্মিতা হাজৰিকাৰ লগতে বিভিন্ন চৰকাৰী বিষয়া, ৰাইজ, হিতাধিকাৰী উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *