টকাৰ বিনিময়ত সীমান্ত পাৰাপাৰ!
অভিযোগত হাটশিঙিমাৰীত চাৰিজন দালাল আটক
মানকাচৰ,৩১অক্টোবৰ:
দক্ষিণ শালমাৰা- মানকাচৰ জিলাত অবৈধ অনুপ্ৰৱেশকাৰী সৰবৰাহ চক্ৰৰ বিৰুদ্ধে হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা চকীৰ আৰক্ষীয়ে চলাইছে এক সফল অভিযান। সীমান্ত পাৰ কৰাই টকাৰ বিনিময়ত বাংলাদেশী নাগৰিকক ভাৰতত প্ৰৱেশ কৰোৱা আৰু ভাৰতৰ পৰা বাংলাদেশ লৈ প্ৰেৰণ কৰাৰ গুৰুতৰ অভিযোগত আৰক্ষীয়ে কালি আটক কৰিছে চাৰিগৰাকী ব্যক্তিক। গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত খাৰুৱাবান্ধা আৰক্ষীয়ে সৰবৰাহ চক্ৰটোৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত এই লোক কেইজনকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, কেইবাদিনো আগতে ধুবুৰী জিলাৰ যোগমায়া ঘাটত ৩৬ গৰাকী অবৈধ বাংলাদেশী নাগৰিক আটক হোৱাৰ পিছতেই সমগ্ৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষী প্ৰশাসন অতিকৈ
কেৱল হাটশিঙিমাৰীতেই নহয়, ইয়াৰ পূৰ্বেও কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ লগতে মেঘালয়ৰ ভাৰত-বাংলাদেশ সীমান্তৰ অংশ ব্যৱহাৰ কৰি একাংশ দালালে টকাৰ বিনিময়ত বাংলাদেশী নাগৰিক পাৰাপাৰ কৰাৰ বহু অভিযোগ সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে পোহৰলৈ আহিছিল। এইবাৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত এনে চক্ৰ সক্ৰিয় হৈ পৰা খবৰে সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
