...

বৰপেটা কৃষি বিভাগৰ তিনি বিষয়া-কৰ্মচাৰীক নিলম্বন

বৰপেটা কৃষি বিভাগৰ তিনি বিষয়া-কৰ্মচাৰীক নিলম্বন

চাইন অন ডেস্ক, ৩১অক্টোবৰ:

কৃষকক যোগান ধৰা সাৰ বিতৰণত সংঘটিত অনিয়মৰ অভিযোগত বৰপেটা জিলা কৃষি বিভাগৰ দুজন বিষয়াসহ তিনিজনক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।

নিলম্বিত বিষয়া কৰ্মচাৰীকেইজন হ’ল – পৰিদৰ্শকদ্বয় দিলীপ কুমাৰ মিশ্ৰ, প্ৰদীপ কুমাৰ ডেকা আৰু জ্যেষ্ঠ সহায়ক অজিত স্বৰ্গীয়াৰী।

বৰপেটা জিলা কৃষি বিষয়া নজৰুল ইছলামে সাংবাদিকক জনোৱামতে, সাৰ আৱণ্টন প্ৰক্ৰিয়াত অনিয়ম সংঘটিত কৰা বুলি একাংশ লোকে কৃষি সঞ্চালকৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

এই সন্দৰ্ভত বিভাগীয়ভাৱে তদন্ত চলাই তেওলোকৰ বিৰুদ্ধে বিভিন্ন তথ্য-প্ৰমাণ লাভ কৰাৰ পিচতে দিলীপ কুমাৰ মিশ্ৰ, প্ৰদীপ কুমাৰ ডেকা আৰু অজিত স্বৰ্গীয়াৰীক নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰে ।

উল্লেখ্য যে নিলম্বিত তিনি বিষয়া কৰ্মচাৰী সাৰ বিক্ৰী প্ৰতিষ্ঠানক অনুজ্ঞাপত্ৰ প্ৰদান, আৱণ্টিত সাৰৰ পৰিমাণ নিৰ্ধাৰণ আদি প্ৰক্ৰিয়াৰ লগত জড়িত ।‌

কৃষি বিষয়া গৰাকীয়ে সাৰ আৱন্টন আৰু কৃষকক সাৰ বিতৰণ প্ৰক্ৰিয়া সম্পৰ্কেও প্ৰকাশ কৰে।
কৃষি বিষয়া গৰাকীয়ে প্ৰকাশ কৰা মতে কৃষকৰ সাৰ আৱন্টন আৰু সাৰ বিতৰণৰ সময়ত সংঘটিত অনিয়ম ৰোধ কৰাৰ বাবে কৃষি বিভাগে গ্ৰহণ কৰা শেহতীয়া ব্যৱস্থা সম্পৰ্কেও তেওঁ সদৰি কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *