উজনি বানৰ ৰিয়েল হিৰ’ শ্রৱন প্রসাদ
কোন এই শ্ৰৱণ প্ৰসাদ?
চাইন অন ডেস্ক,২৯জুলাই:
এতিয়া সৰ্বত্ৰে ব্যাপক চৰ্চাত এগৰাকী সাধাৰণ যুৱক!মানুহৰ মুখে মুখে।এজন সাধাৰণ যুৱক হৈ পৰিল ঈশ্বৰৰ দূত! বিহুবৰৰ ‘ৰিয়েল হিৰ’ শ্রৱন প্রসাদ। মৃত্যু আছিল মাত্র কেই ইঞ্চিমান দূৰত। চৌদিশে ১৪-১৫ ফুট উচ্চতাৰ পানীৰ কোবাল সোঁত। প্ৰাণৰ মমতাত ঘৰৰ মুধচ আৰু গছৰ ডালত উঠিও কান্দোনত ভাঙি পৰিছিল শ শ লোক। SDRFৰ দলটোৰ একমাত্র ৰবৰৰ নাওখনো ফুটি থকাত চৰম দুর্যোগে দেখা দিছিল। কিন্তু ঠিক তেনে সময়তে এজন সাধাৰণ যুৱক হৈ পৰিল ঈশ্বৰৰ দূত! বিহুবৰৰ ‘ৰিয়েল হিৰ’ শ্রৱন প্রসাদ। যোৱা ১৯ জুলাইৰ সেই অভিশপ্ত নিশা হঠাৎ অহা প্রলংকৰী বানে ছাটি পেলাইছিল সমগ্র বিহুবৰ। পলকতে গৃহহীন হৈ 

পৰিস্থিতি অধিক জটিল হৈ পৰে যেতিয়া ঘটনাৰ বুজ ল’বলৈ অহা SDRF ৰ দলটোৰ একমাত্ৰ ৰবৰৰ নাওখনো হঠাৎ ফুটি যায়। উদ্ধাৰ অভিযান স্থবিৰ হৈ পৰে, এন্ধাৰ লাহে লাহে গভীৰ হয় আৰু মানুহৰ জীয়াই থকাৰ আশাও ক্রমে সৰু হৈ আহে। ঠিক তেনে এক চৰম বিপদৰ মুহূৰ্ততে দেখা গ’ল এক অবিশ্বাস্য দৃশ্য! কোনো চৰকাৰী সাহায্যলৈ বাট নাচাই আগবাঢ়ি আহিল বিহুবৰৰ শ্ৰৱন প্রসাদ নামৰ যুৱকজন। নিজৰ জীৱনক অলপো খাতিৰ নকৰি, মৃত্যুৰ সোঁতলৈ এখন সাধাৰণ কাঠৰ নাও লৈ জাঁপ দিলে শ্রৱন আৰু তেওঁৰ সহযোগীসকলে।
এজন এজনকৈ কণ কণ শিশু, আশ্রয়হীন মহিলা আৰু বৃদ্ধকে ধৰি প্রায় ৩০০ ৰ পৰা ৪০০ লোকক সেই কালৰূপী পানীৰ বুকুৰ পৰা নিৰাপদে উদ্ধাৰ কৰি আনিলে শ্রৱনে। যি সময়ত সকলোৱে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে হাহাকাৰ কৰিছিল, সেই সময়ত আনৰ বাবে নিজৰ জীৱনকো তুচ্ছ কৰি আগবাঢ়ি গ’ল এইগৰাকী সাহসী যুৱক। শ্রৱন প্রসাদ আজি সমগ্র বিহুবৰবাসীৰ বাবে বাস্তৱৰ এজন সঁচা ৰিয়েল হিৰ’। তেওঁৰ এই অসীম সাহস আৰু মানৱতাই প্রমাণ কৰিলে যে বিপদৰ সময়ত এই মানৱতাই হৈছে আটাইতকৈ ডাঙৰ ধৰ্ম।