...

ডিব্ৰুগড়ত ৯৮ লাখ টকাৰ প্ৰৱঞ্চনা কাণ্ড

ডিব্ৰুগড়ত ৯৮ লাখ টকাৰ প্ৰৱঞ্চনা কাণ্ড

‘ছান ডায়েগ্নষ্টিক্‌ছ’ৰ ৰিচেপচনিষ্ট অনামিকা দাস গ্ৰেপ্তাৰ
পূৰ্বে আটক হৈছিল অমৃত দে

চাইন অন ডেস্ক,২৯জুলাইঃ

ডিব্ৰুগড় মহানগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ তথা বৃহৎ আৰ্থিক প্ৰৱঞ্চনাৰ ঘটনা। মহানগৰখনৰ বিশিষ্ট চিকিৎসক ডাঃ সৰ্বেশ্বৰ ভূঞাৰ পৰা প্ৰায় ৯৮ লাখ টকা প্ৰৱঞ্চনামূলকভাৱে আত্মসাৎ কৰাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে ‘ছান ডায়েগ্নষ্টিক্‌ছ’ৰ ৰিচেপচনিষ্ট অনামিকা দাসক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাই সমগ্ৰ ডিব্ৰুগড়ত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, এই বিত্তীয় কেলেংকাৰীৰ প্ৰথম পৰ্যায়তে ডিব্ৰুগড় আৰক্ষীয়ে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ লেবৰেটৰী টেকনিচিয়ান অমৃত দে’ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল। অমৃত দে’ক গ্ৰেপ্তাৰ কৰি চলোৱা জেৰা আৰু প্ৰাৰম্ভিক তদন্তৰ ভিত্তিতহে আন এগৰাকী অভিযুক্ত তথা ডিব্ৰুগড়ৰ জনপ্ৰিয় ডায়েগ্নষ্টিক কেন্দ্ৰ ‘ছান ডায়েগ্নষ্টিক্‌ছ’ৰ ৰিচেপচনিষ্ট অনামিকা দাসৰ নাম এই প্ৰৱঞ্চনাৰ সৈতে জড়িত থকাৰ তথ্য পোহৰলৈ আহে। ইয়াৰ পিছতে আৰক্ষীয়ে অভিযান চলাই অনামিকা দাসক আটক কৰিবলৈ সক্ষম হয়। বিশিষ্ট চিকিৎসক ডাঃ সৰ্বেশ্বৰ ভূঞাৰ দৰে এজন প্ৰতিষ্ঠিত ব্যক্তিৰ একাউণ্ট বা পেমেণ্ট ব্যৱস্থাৰ সুযোগ লৈ প্ৰায় ৯৮ লাখ টকাৰ দৰে ইমান বৃহৎ পৰিমাণৰ ধন অভিযুক্তসকলে কেনেকৈ, কোন কৌশল প্ৰয়োগ কৰি আত্মসাৎ কৰিলে, সেয়া এতিয়াও এক ৰহস্যৰ বিষয় হৈ আছে। ভুক্তভোগী চিকিৎসক ডাঃ সৰ্বেশ্বৰ ভূঞায়ো বৰ্তমানলৈকে এই সমগ্ৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুকলিকৈ কোনো সৱিশেষ তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে। ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে ইতিমধ্যে এক নিৰ্দিষ্ট গোচৰ ৰুজু কৰি সমগ্ৰ বিষয়টোৰ ওপৰত মাৰথন তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰক্ষীৰ জেৰাত ধৃত অভিযুক্তদ্বয়ৰ পৰা এই ধন আত্মসাৎ প্ৰক্ৰিয়াৰ মূল অভিযুক্ত কোন আৰু ইয়াৰ লগত আন কোনো চক্ৰ জড়িত আছে নেকি, সেই সকলোবোৰ তথ্য শীঘ্ৰেই পোহৰলৈ আহিব বুলি আশা কৰা হৈছে। আৰক্ষীৰ জেৰাৰ অন্ততহে এই আৰ্থিক কেলেংকাীৰ সম্পূৰ্ণ সত্য ফাদিল হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *