...

তেজপুৰ মাজগাওঁত ড০ ভূপেন হাজৰিকাৰ পঞ্চদশ বাৰ্ষিক স্মৃতি দিৱস

তেজপুৰ মাজগাওঁত

ড০ ভূপেন হাজৰিকাৰ পঞ্চদশ বাৰ্ষিক স্মৃতি দিৱস

চাইন অন ডেস্ক,৫নৱেম্বৰ:

বিশ্বৰত্ন ড০ ভূপেন হাজৰিকা সোঁৱৰণী ভাওনা সন্মিলনৰ উদ্যোগত তেজপুৰ মাজগাওঁ, খৰাআটি ৰাইজৰ সহযোগত ড০ ভূপেন হাজৰিকাৰ পঞ্চদশ বাৰ্ষিক স্মৃতি দিৱস তিনিদিনীয়া কাৰ্যসূচীৰ কালি বিয়লি আৰম্ভ হোৱা অনুষ্ঠানৰ আজি পুৱা ভাওনা সন্মিলনৰ পতাকা উত্তোলন কৰে সন্মিলনৰ সভাপতি ভাৰত শইকীয়াৰ আন ১৫ খন পতাকা উত্তোলন কৰে বিশিষ্ট ব্যক্তি সকলে। সুধাকণ্ঠৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি বসন্ত কুমাৰ গগৈ আৰু সম্পাদক বিপুল শইকীয়াই, হৃদস্পন্দন জুবিন গাৰ্গৰ প্ৰতিছবি বন্তি প্ৰজ্বলন কৰে শেখৰ চলিহা বৰুৱাই। সন্মিলনৰ মুখপত্ৰ সুধাকন্ঠ উন্মোচন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ডঃ অনন্ত কুমাৰ নাথে। ইয়াৰ পিছতে ৰূপনাৰায়ন সত্ৰ নামদেউৰী গাৱৰ ডেকা সত্ৰাধিকাৰ জয়ন্ত কৃষ্ণ মহন্ত নামাচাৰ্য ৰূপে অংশ লয়। নিশা পাশা পৰ্ব ভাওনা প্ৰদৰ্শন কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *